অসম

assam

By

Published : Jan 30, 2022, 9:48 PM IST

ETV Bharat / city

বৰপেটাক পবিত্ৰ নগৰী ঘোষণা কৰিবলৈ খালেকৰ পত্ৰ

বৰপেটা লোকসভা সমষ্টিৰ সাংসদ আব্দুল খালেকে অলপতে বৰপেটাক পবিত্ৰ নগৰী হিচাপে ঘোষণা কৰিবলৈ অনুৰোধ জনাই কেন্দ্ৰীয় চৰকাৰলৈ এক পত্ৰ প্ৰেৰণ কৰিছিল (MP Abdul Khalek demanded to announce Barpeta as Holy City) । সম্প্ৰতি সাংসদ গৰাকীৰ এই পত্ৰৰ উত্তৰত বৰপেটা তথা অসমলৈ আহিছে এক সুখবৰ ৷ সত্ৰ নগৰী বৰপেটাক ঘোষণা কৰা হ’ব পাৰে পবিত্ৰ নগৰী হিচাপে ৷

union-government-might-announce-barpeta-as-holy-city
বৰপেটাক পবিত্ৰ নগৰী ঘোষণা কৰিবলৈ খালেকৰ পত্ৰ

গুৱাহাটী, ৩০ জানুৱাৰী: সত্ৰ নগৰী বৰপেটাক পবিত্ৰ নগৰী হিচাপে ঘোষণা কৰাৰ বাবে চিন্তা-চৰ্চা কৰিছে কেন্দ্ৰীয় চৰকাৰে (Union government to announce Barpeta as Holy City) । উল্লেখযোগ্য যে, বৰপেটা লোকসভা সমষ্টিৰ সাংসদ আব্দুল খালেকে অলপতে বৰপেটাক পবিত্ৰ নগৰী হিচাপে ঘোষণা কৰিবলৈ অনুৰোধ জনাই কেন্দ্ৰীয় চৰকাৰলৈ এক পত্ৰ প্ৰেৰণ কৰিছিল (MP Abdul Khalek demanded to announce Barpeta as Holy City) ।

বৰপেটাক পবিত্ৰ নগৰী ঘোষণা কৰিবলৈ খালেকৰ পত্ৰ

সেইমৰ্মে কেন্দ্ৰীয় চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা, পৰ্যটন আৰু ড'নাৰ মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে সাংসদ খালেকলৈ প্ৰেৰণ কৰিছে এখন পত্ৰ । পত্ৰখনত উল্লেখ কৰা হৈছে যে ইতিমধ্যে সাংসদ গৰাকীৰ এই প্ৰস্তাৱ সংশ্লিষ্ট বিভাগলৈ বিবেচনাৰ বাবে পঠিওৱা হৈছে । কেন্দ্ৰীয় চৰকাৰৰ এই পত্ৰ লাভৰ পিছত স্বাভাৱিকতে এতিয়া বৰপেটাবাসীৰ মাজত আনন্দৰ পৰিৱেশ দেখা গৈছে ৷

লগতে পঢ়ক :মুখ্যমন্ত্ৰীৰ ওপজা দিনৰ বিশেষ অতিথি হ’ব মাজুলীৰ ৪৭ জনকৈ ভাগিন

ABOUT THE AUTHOR

...view details