অসম

assam

গুৱাহাটীত 'বাজেট-পৰৱৰ্তী বাৰ্তালাপ' শীৰ্ষত অনুষ্ঠানত বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ অংশগ্ৰহণ

By

Published : Mar 10, 2022, 5:11 PM IST

বৃহস্পতিবাৰে গুৱাহাটীত কেন্দ্ৰীয় বিত্ত আৰু কৰ্পোৰেট পৰিক্ৰমা মন্ত্ৰী নিৰ্মলা সীতাৰমণে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বাণিজ্য আৰু উদ্যোগৰ অংশীদাৰসকলৰ সৈতে বাজেট-পৰৱৰ্তী বাৰ্তালাপ শীৰ্ষক এক অনুষ্ঠানত অংশগ্ৰহণ কৰে (Nirmala Sitharaman interacts on the Union Budget with various stakeholders) ।

govt-is-making-sure-that-india-will-have-at-least-75-digital-banking-units-in-near-future-nirmala-sitharaman
গুৱাহাটীত বাজেট-পৰৱৰ্তী বাৰ্তালাপত অংশ বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ

গুৱাহাটী, 10 মাৰ্চ : কেন্দ্ৰীয় বিত্ত আৰু কৰ্পোৰেট পৰিক্ৰমা মন্ত্ৰী নিৰ্মলা সীতাৰমণে বৃহস্পতিবাৰে গুৱাহাটীত অনুষ্ঠিত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বাণিজ্য আৰু উদ্যোগৰ (Trade and Industry of North Eastern States) অংশীদাৰসকলৰ সৈতে বাজেট-পৰৱৰ্তী বাৰ্তালাপ শীৰ্ষক অনুষ্ঠানৰ অধ্যক্ষতা কৰে (Nirmala Sitharaman interacts on the Union Budget with various stakeholders) । উত্তৰ-পূব অঞ্চলৰ বিভিন্ন উদ্যোগৰ নেতা আৰু বাণিজ্য সংস্থাৰ প্ৰতিনিধিসকলক সম্বোধন কৰি সীতাৰমণে কয় যে, কেন্দ্ৰীয় চৰকাৰে দেশত ডিজিটেল আন্তঃগাঁথনি বৃদ্ধি আৰু প্ৰতিষ্ঠাৰ জৰিয়তে উন্নয়নৰ ওপৰত গুৰুত্ব দি কেন্দ্ৰীয় বাজেটত ভৱিষ্যতৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে ।

গুৱাহাটীত বাজেট-পৰৱৰ্তী বাৰ্তালাপত অংশ বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ

লগতে, চৰকাৰে বিভিন্ন ক্ষেত্ৰত প্ৰযুক্তি ব্যৱহাৰ কৰি আৰু ভাৰতক ডিজিটেলভাৱে সাজু কৰি অহা 25 বছৰত ভাৰতক শীৰ্ষস্থানত অধিষ্ঠিত কৰা হ'ব বুলি উত্থাপন কৰি ডিজিটেল ক্ষমতা স্থাপনৰ সন্দৰ্ভত কেন্দ্ৰীয় বিত্ত মন্ত্ৰীগৰাকীয়ে কয় যে, ডিজিটেল আন্তঃগাঁথনিৰ দ্বাৰা কৃষি, ঔষধ আৰু শিক্ষা আদি বিভিন্ন ক্ষেত্ৰত সহায় আগবঢ়োৱা হ'ব ৷ ইয়াৰলগতে, ডিজিটেল আন্তঃগাঁথনিৰ দ্বাৰা দেশৰ দূৰৱৰ্তী অঞ্চলৰ লোকসকলৰ বাবে চৰকাৰে ডিজিটেল বিশ্ববিদ্যালয় স্থাপন কৰাৰ পৰিকল্পনা কৰিছে বুলিও মন্তব্য কৰে কেন্দ্ৰীয় বিত্ত মন্ত্ৰীগৰাকীয়ে ।

বেংকিং খণ্ডৰ সন্দৰ্ভত সীতাৰমণে কয় যে, চৰকাৰে অদূৰ ভৱিষ্যতে ভাৰতত কমেও 75 টা ডিজিটেল বেংকিং গোট গঢ়ি তুলিব (Digital Banking Units) । প্ৰাকৃতিক কৃষিৰ(Natural farming) ক্ষেত্ৰত চৰকাৰে ডিজিটেল প্ৰযুক্তিৰ ব্যৱহাৰৰ দ্বাৰা উন্নত প্ৰাকৃতিক কৃষি সক্ষম কৰি তুলিছে বুলি জানিব দিয়ে বিত্তমন্ত্ৰীগৰাকীয়ে ৷ অনুষ্ঠানত বাণিজ্য আৰু উদ্যোগৰ অংশীদাৰসকলে তেওঁলোকৰ মতামত আৰু প্ৰশ্নৰ অৱতাৰণা কৰে ।

এই প্ৰশ্নসমূহৰ উত্তৰ দি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে, অঞ্চলটোত আগবঢ়াবলৈ প্ৰচুৰ সম্ভাৱনা আছে আৰু সন্মিলিত প্ৰচেষ্টাৰে উত্তৰ-পূব অঞ্চলৰ বিভিন্ন অংশীদাৰসকলে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহ দূৰ কৰাত সহায় কৰিব । অঞ্চলটোত মহিলাসকলৰ দ্বাৰা পৰিচালিত ব্যৱসায়সমূহক সহায় কৰিবলৈ অংশগ্ৰহণকাৰীসকলক এক প্ৰস্তাৱ দিবলৈ আহ্বান জনায় বিত্ত মন্ত্ৰীগৰাকীয়ে ।

গুৱাহাটীত অনুষ্ঠিত এই অনুষ্ঠানত কেন্দ্ৰীয় বিত্ত ৰাজ্যিক মন্ত্ৰী ড৹ ভাগৱত কিষাণৰাও কাৰাড, টি.ভি. সোমনাথন, বিত্ত সচিব আৰু ব্যয় সচিব সঞ্জয় মালহোত্ৰা, ৰাজহ বিভাগৰ সচিব তৰুণ বাজাজ, অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ সচিব অজয় শেঠ আৰু মুখ্য অৰ্থনৈতিক উপদেষ্টা ড৹ ভি অনন্ত নাগেশ্বৰণ আৰু উত্তৰ-পূব অঞ্চলৰ বাণিজ্য আৰু উদ্যোগৰ অংশীদাৰসকলে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক :UP election results 2022: কনৌজত বিজেপি আৰু সমাজবাদী পাৰ্টিৰ সমৰ্থকৰ মাজত সংঘাত

For All Latest Updates

ABOUT THE AUTHOR

...view details