অসম

assam

ETV Bharat / city

গুৱাহাটীত কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰ সংবাদমেল - গুৱাহাটীত কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰ সংবাদমেল

অসমৰ সকলো চাহ শ্ৰমিকৰ বাবে বেংক একাউন্ট খোলাৰ নিৰ্দেশ কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰ ৷

গুৱাহাটীত কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰ সংবাদমেল
গুৱাহাটীত কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰ সংবাদমেল

By

Published : Feb 27, 2020, 9:35 PM IST

গুৱাহাটী, 27 ফেব্ৰুৱাৰী : গুৱাহাটীত সংবাদমেল সম্বোধন কৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ৷ সংবাদমেল সম্বোধন কৰি কেবাটাও বিষয়ত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে ৷

গুৱাহাটীত কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰ সংবাদমেল

তেওঁ কয় যে, যোৱা দুমাহত কা বিৰোধী আন্দোলনে দেশৰ অৰ্থনীতিত কোনো প্ৰভাৱ পেলাৱো নাই আৰু বিনিয়োগকাৰীসকল এতিয়াও ভাৰতত বিনিয়োগ কৰিবলৈ ইচ্ছুক ৷ তেওঁ কয় যে, বহু দেশৰ বিনিয়োগকাৰীৰ লগত এইসম্পৰ্কত নিজেই কথা পাতিছে ৷ বিদেশী বিনিয়োগকাৰীসকল ভাৰতত বিনিয়োগ কৰিবলৈ আগবাঢ়ি আছিল আৰু আছে ৷ "বহু বিদেশী ব্যৱসায়িক প্ৰতিষ্ঠানে ভাৰতবৰ্ষত বিনিয়োগ কৰিবলৈ প্ৰতিনিধিৰ কাৰ্যালয় মুকলি কৰিছে ৷"

গুৱাহাটীত কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰ সংবাদমেল

ইয়াৰোপৰি কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে অসমৰ সকলো চাহ শ্ৰমিক এলেকাৰ শ্ৰমিকৰ বাবে একাউণ্ট খুলি দিবৰ বাবে বেংক সমূহলৈ নিৰ্দেশ প্ৰদান কৰিছে লগতে অতি সোনকালে চাহ শ্ৰমিক প্ৰভাৱিত ১৭ খন জিলাৰ বাবে এটি এম অৰ ব‍্যৱস্থা কৰিবৰ বাবে বেংক সমূহলৈ নিৰ্দেশ প্ৰদান কৰিছে । কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে ভিতৰুৱা অঞ্চলসমূহত বেংকৰ প্ৰসাৰ বঢ়াবলৈ বেংক মিত্ৰৰ সংখ্যা বৃদ্ধি কৰাৰ কথাও ঘোষণা কৰে ৷ তেওঁ লগতে চৰকাৰে অনা-বেংকিং বিত্তীয় প্ৰতিষ্ঠান সমূহৰ লগত একেলগে লোৱা কিছুমান পদক্ষেপৰ বিষয়েও উল্লেখ কৰে ৷

গুৱাহাটীত কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰ সংবাদমেল

কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে বেংকসমূহৰ প্ৰসাৰতা লৈ উদ্বেগ প্ৰকাশ কৰে আৰু কয়, বেংকসমূহে যিকোনো প্ৰকাৰে তেওঁলোকৰ প্ৰসাৰ বৃদ্ধি কৰিবই লাগিব ৷ তেওঁ লগতে কয় যে, চাহ বাগিছাৰ কৰ্মীসকলক আমাৰ বেংক ব্যৱস্থাই সামৰি ল'বই লাগিব ৷ "প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী চাহ বাগিছাৰ কৰ্মীসকলক লৈ যথেষ্ট চিন্তিত আৰু তেওঁ কয় যে, চাহ বাগিছাৰ কৰ্মীসকলে ভাৰতীয় নাগৰিকে উপভোগ কৰা সকলো সুবিধা পাবই লাগিব ৷"

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details