গুৱাহাটী,২২জুন : আজিৰে পৰা আৰম্ভ হ'ল অম্বুবাচী মেলা । 25 জুনলৈ অনুষ্ঠিত হ'বলগীয়া এই অম্বুবাচী মেলা উপলক্ষে কামাখ্যা ধামলৈ সমাগম ঘটিছে অগণন ভক্তৰ । ইতিমধ্যেই কামাখ্যা ধামত সম্পূৰ্ণ কৰি তোলা হৈছে সকলো প্ৰস্তুতি । উমানন্দৰ দর্শনাৰ্থী সকলৰ বাবেও উমানন্দৰ চৰকাৰী ফেৰী ঘাটটোত সম্পূৰ্ণ কৰি তোলা হৈছে সকলো প্ৰস্তুতি । ফেৰী ঘাটৰ দায়িত্বত থকা বিভাগীয় কৰ্মচাৰী কমলেশ্বৰ কলিতাই জানিবলৈ দিয়া অনুসৰি অম্বুবাচীৰ ভক্ত সকলে কামাখ্যা দৰ্শনৰ পিছত উমানন্দৰ দৰ্শনৰ বাবে যায় । যাৰ বাবে দৰ্শনাৰ্থীসকলৰ সুবিধাৰ্থে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে । পুৱা 8 বজাৰ পৰা আবেলি চাৰি বজালৈ দুখন ফেৰীৰে অনা-নিয়া কৰা হ'ব দর্শনাৰ্থী সকলক । ঘাটটোৰ পৰা এছ.বি.ৰঙা নদী আৰু এছ বি.বগা.নদী নামৰ দুখন ফেৰীৰে প্ৰতি আধা ঘণ্টাৰ অন্তৰত দর্শনাৰ্থী সকলক অনা-নিয়াৰ ব্যৱস্থা কৰা হৈছে । একে সময়তে 250 জন যাত্ৰী যাব পৰাকৈ সুবিধা কৰি দিয়া হৈছে এই ফেৰী দুখনত । প্ৰশাসন আৰু জল পৰিবহণে বিভাগে দৰ্শনাৰ্থীসকলৰ সুৰক্ষাৰ ক্ষেত্ৰতো বিশেষভাৱে গ্ৰহণ কৰিছে ব্যৱস্থা । যাত্ৰীসকলৰ সুবিধাৰ বাবে অসম চৰকাৰৰ জলপৰিবহণ বিভাগে ঘাটটোত যোগান ধৰিছে 300 লাইফ জাকেট ।
বিশেষ ফেৰী সেৱাৰ ব্যৱস্থা উমানন্দত - জল পৰিবহণে বিভাগ
অম্বুবাচী মেলাৰ বাবে উমানন্দৰ চৰকাৰী ফেৰী ঘাটত বিশেষ ফেৰী সেৱাৰ ব্যৱস্থা কৰা হৈছে । কিয়নো অম্বুবাচীৰ ভক্ত সকলে কামাখ্যা দৰ্শনৰ পিছত উমানন্দৰ দৰ্শনৰ বাবেও উমানন্দলৈ যায় । যাৰ বাবে উমানন্দ ঘাটত এছ.বি.ৰঙা নদী আৰু এছ বি.বগা.নদী নামৰ দুখন ফেৰীৰ ব্যৱস্থা কৰা হৈছে

বিশেষ ফেৰী সেৱাৰ ব্যৱস্থা উমানন্দত
বিশেষ ফেৰী সেৱাৰ ব্যৱস্থা উমানন্দত
বিগত বৰ্ষৰ তথ্য অনুসৰি অম্বুবাচীৰ সময়ত প্ৰতিদিনে অগণন ভক্তৰ সমাগম ঘটিব উমানন্দলৈ । দর্শনাৰ্থী সকলক সম্পূৰ্ণ সুৰক্ষা প্ৰদান কৰি মন্দিৰ দৰ্শনৰ ব্যৱস্থা কৰা হৈছে ।