অসম

assam

By

Published : Jun 7, 2020, 4:35 PM IST

ETV Bharat / city

বাংলাদেশত আধা জীৱন পাৰ কৰা জীতেন দত্তক সকীয়নি গৰিয়া যুৱ ছাত্ৰ পৰিষদৰ

হাজোত খিলঞ্জীয়া গৰিয়া লোকে বসবাস কৰে বুলি উল্লেখ কৰি এয়া কেৱল ৰাজনৈতিক মুনাফাৰ আশাত সমাজত এক বিদ্বেষ ভাৱ জগোৱাৰ বাবে আলফা নেতাগৰাকীয়ে এই মন্তব্য আগবঢ়োৱা বুলি অভিযোগ কৰে সংগঠনটোৱে ।

ULFA Leader Jiten Dutta's Comment on Sanatan deka murder case
সদৌ অসম গৰিয়া যুৱ ছাত্ৰ পৰিষদ

গুৱাহাটী, 7 জুন :সম্প্ৰীতিৰ মিলনভূমি হাজোত পূৱ-পাকিস্তানী লোকে বেদখল কৰা বুলি আলফা নেতা জীতেন দত্তই কৰা মন্তব্যক গৰিহণা দিয়ে সদৌ অসম গৰিয়া যুৱ ছাত্ৰ পৰিষদে । হাজোত খিলঞ্জীয়া গৰিয়া লোকে বসবাস কৰে বুলি উল্লেখ কৰি এয়া কেৱল ৰাজনৈতিক মুনাফাৰ আশাত সমাজত এক বিদ্বেষ ভাৱ জগোৱাৰ বাবে আলফা নেতাগৰাকীয়ে এই মন্তব্য আগবঢ়োৱা বুলি অভিযোগ কৰে সংগঠনটোৱে ।

সদৌ অসম গৰিয়া যুৱ ছাত্ৰ পৰিষদ

যদিহে হাজো অবৈধ নাগৰিকে দখল কৰিছে তেন্তে আইনগত ব্যৱস্থা ল'বলৈ আহ্বান সংগঠনটোৰ ভাৰপ্ৰাপ্ত সভাপতি মকবুল হুছেইনৰ । এই সন্দৰ্ভত আলফা নেতাগৰাকীৰ সদৌ অসম গৰিয়া যুৱ ছাত্ৰ পৰিষদে সহযোগিতা কৰিব বুলিও মন্তব্য কৰে সভাপতিগৰাকীয়ে । কিন্তু তাৰ পৰিৱৰ্তে কেৱল টিভিৰ সন্মুখত এনেবোৰ মন্তব্যৰে সম্প্ৰীতি বিনষ্ট নকৰিবলৈ আহ্বান জনালে ভাৰপ্ৰাপ্ত সভাপতি মকবুল হুছেইনে ।

লগতে পঢ়কঃকৰ'ণাৰ বিৰুদ্ধে যুঁজিবলৈ চৰকাৰলৈ অনুদান ওৰাঙৰ চাৰি ছাত্ৰীৰ

ABOUT THE AUTHOR

...view details