গুৱাহাটী, 8 জুন:কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে আলফা (স্বাধীন) সন্দৰ্ভত এক সতৰ্কবাণী জাৰি কৰিছে । ️ৰাজ্যত শেহতীয়াকৈ বৃদ্ধি পোৱা আলফা (স্বা)ৰ সাংগঠনিক আৰু সামৰিক সক্ৰিয়তাক লৈ চিন্তিত হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ । ️কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে সতৰ্ক কৰি দিছে যে আলফা (স্বা)ই অসমত অসামৰিক লোক, নিৰাপত্তা বাহিনীৰ ওপৰত আক্ৰমণ কৰাৰ পৰিকল্পনা কৰিছে (Home ministry alert ULFA I may attack civilian) । ️
ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে চোৰাংচোৱা সংস্থাৰ পৰা লাভ কৰিছে এই তথ্য । ️কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে লাভ কৰা তথ্য অনুসৰি আলফা (স্বা)ই অসমত অসামৰিক লোক, নিৰাপত্তা বাহিনীৰ ওপৰত আক্ৰমণৰ ব্লু-প্ৰিন্ট ৰচনা কৰিছে । যুদ্ধ বিৰতিৰ প্ৰতি সঁহাৰি জনাই ৰাজ্য চৰকাৰে গ্ৰহণ কৰা শিথিলতাৰ সুযোগ লৈ আলফা (স্বা)ই পুনৰ কূটাঘাতৰ পৰিকল্পনা কৰিছে ।