অসম

assam

ETV Bharat / city

Spy in Ulfa-I camp: আলফা স্বাধীনে প্ৰকাশ কৰিছে গুপ্তচৰৰ তালিকা

আলফা স্বাধীনৰ কেম্পত আৰক্ষীৰ গুপ্তচৰ বুলি ধৰা পৰা সঞ্জীৱ শৰ্মাৰ সৈতে একেলগে প্ৰশিক্ষণ গ্ৰহণ কৰা একাংশ যুৱকৰ নাম প্ৰকাশ আলফা স্বাধীনৰ (Spy in Ulfa-I camp)। ভাৰতীয় সেনাবাহিনীৰ ধুনুমণি শইকীয়া আৰু অসম আৰক্ষীৰ কল‍্যাণ চক্ৰৱৰ্তীওৰ অধীনত কৰ্মৰত আছিল সঞ্জীৱ শৰ্মা ।

By

Published : Apr 27, 2022, 10:21 PM IST

Spy in Ulfa-I camp
Spy in Ulfa-I camp

গুৱাহাটী, ২৭ এপ্ৰিল : পুনৰ আলফা স্বাধীনে প্ৰকাশ কৰিছে বিবৃত্তি । আৰক্ষীৰ গুপ্তচৰ বুলি দাবী কৰা সঞ্জীৱ শৰ্মা সন্দৰ্ভত কেতবোৰ তথ্য প্ৰকাশ কৰিছে আলফা স্বাধীনে (Spy in Ulfa-I camp)। ভাৰতীয় সেনাবাহিনীৰ ধুনুমণি শইকীয়া আৰু অসম আৰক্ষীৰ কল‍্যাণ চক্ৰৱৰ্তী অধীনত সঞ্জীৱ শৰ্মা কৰ্মৰত বুলি আলফা স্বাধীনে দাবী কৰিছে । সঞ্জীৱ শৰ্মাৰ সৈতে একেলগে প্ৰশিক্ষণ গ্ৰহণ কৰা বুলি দাবী কৰি একাংশ যুৱকৰ নাম প্ৰকাশ কৰিছে আলফা স্বাধীনে ।

আলফা স্বাধীনে গুৱাহাটীৰ বিতুপন দাস, মঙলদৈৰ তীৰ্থ দাস, গুৱাহাটীৰ মনুষ্য কলিতা, কামৰূপৰ কিশোৰ শৰ্মা আৰু ধনজিৎ ডেকা, গোৰেশ্বৰৰ নিতুপন ডেকা/কলিতা, কামৰূপৰ ৰিতুপম শৰ্মা, গুৱাহাটীৰ সঞ্জয় কুমাৰ শৰ্মা আৰু ধুবুৰীৰ বিকাশ ৰাজবংশীয়ে সঞ্জীৱ শৰ্মাৰ সৈতে একেলগে প্ৰশিক্ষণ গ্ৰহণ কৰা বুলি দাবী কৰিছে । আলফা স্বাধীনৰ প্ৰচাৰ বিভাগৰ সদস্য কেপ্তেইন ৰুমেল অসমে জাৰি কৰা বিবৃত্তি অনুসৰি এইসকলে সঞ্জীৱ শৰ্মাৰ সৈতে একেলগে প্ৰশিক্ষণ গ্ৰহণ কৰিছিল (Assam Police spy in Ulfa camp)।

উল্লেখ্য যে শেহতীয়াকৈ বিগত কেইটামান মাহত বৃদ্ধি পাইছে আলফা স্বাধীনত যোগদান কৰা যুৱক-যুৱতীৰ সংখ্যা (Youth joining in Ulfa-I)। অসমৰ বিভিন্ন স্থানৰ পৰা যুৱক-যুৱতী ঢাপলি মেলিছে আলফা স্বাধীনলৈ ।

লগতে পঢ়ক :আলফাৰ ঘাটিত আৰক্ষীৰ চোৰাংচোৱা ! চাঞ্চল্যকৰ ভিডিঅ’ প্ৰকাশ

ইয়াৰ মাজতে এটা বিশেষ ভিডিঅ' পোহৰলৈ আহিছিল । আলফা স্বাধীনৰ ম্যানমাৰ কেম্পত ধৰা পৰিছে অসম আৰক্ষীৰ এগৰাকী চোৰাংচোৱা (Confessional video of Spy in Ulfa-I)। মঙলবাৰে আলফা স্বাধীনে প্ৰেৰণ কৰা এটি ভিডিঅ’ বাৰ্তাত দেখিবলৈ পোৱা অনুসৰি বাইহাটা মুক্তাপুৰৰ সঞ্জীৱ শৰ্মা নামৰ যুৱকজন সেনা আৰু অসম আৰক্ষীৰ চোৰাংচোৱা বুলি প্ৰকাশ হৈছে । ভিডিঅ’টিত উল্লেখ কৰা অনুসৰি সেনা-আৰক্ষীৰ তৰফৰ পৰা তেওঁক আলফা(স্বা)ত যোগদান কৰিবলৈ পঠোৱা হৈছিল । ইয়াৰ পিছতে আন কেতবোৰ তথ্যৰে আলফা স্বাধীনে বুধবাৰে আন এক বিবৃত্তি প্ৰকাশ কৰে ।

উল্লেখ্য যে, ভিডিঅ’ বাৰ্তাটোত সঞ্জীৱ শৰ্মাই উল্লেখ কৰিছিল এগৰাকী সেনা বিষয়া আৰু কামৰূপ মহানগৰ আৰক্ষীৰ যুটীয়া আয়ুক্ত পাৰ্থসাৰথি মহন্তৰ নাম ৷ সঞ্জীৱে উল্লেখ কৰা মতে, এই দুজন বিষয়াই এক কোটি টকাৰ প্ৰলোভনেৰে আলফাত ভৰ্তি হ’বলৈ কৈছিল সঞ্জীৱক ৷ সঞ্জীৱ অস্ত্ৰ চালনা আৰু সমৰ কলাৰ প্ৰশিক্ষণৰ লগতে প্ৰদান কৰা হৈছিল পাচৱাৰ্ড ৷ কিন্তু আলফাৰ কেম্পত ধৰা পৰে সঞ্জীৱ ৷

অৱশ্যে যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তই এই সন্দৰ্ভত এক প্ৰকাৰ অজ্ঞতা প্ৰকাশ কৰিছে ৷ আলফা সূত্ৰই জনোৱা মতে, প্ৰায় এবছৰ পূৰ্বে সংগঠনটোত যোগদান কৰা সদস্য সকলৰ মাজত প্ৰায় 13 গৰাকী চোৰাংচোৱা আছে আৰক্ষীৰ ৷

লগতে পঢ়ক :Spy in ULFA I Camp: নিজৰ নামটো কিয় সাঙোৰ খালে সেই কথা নাজানে পাৰ্থ সাৰথি মহন্তই

ABOUT THE AUTHOR

...view details