অসম

assam

ETV Bharat / city

দিল্লীত ধৰ্ষণৰ অভিযোগত দুজন আৰক্ষীক গ্ৰেপ্তাৰ - দিল্লী আৰক্ষী

দক্ষিণ পশ্চিম দিল্লীত দুগৰাকী যুৱতীক দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগত দুজনকৈ আৰক্ষীক গ্ৰেপ্তাৰ কৰিছে দিল্লী আৰক্ষীয়ে। ধৃত আৰক্ষী দুজন দিল্লী কেণ্টেইনমেণ্ট অঞ্চলত কৰ্মৰত আছিল বুলি আৰক্ষী সুত্ৰে জানিব পৰা গৈছে।

two policemen arrested for raping two sisters in south west delhi
দিল্লীত বলাৎকাৰ কৰাৰ অভিযোগত দুজন আৰক্ষীক গ্ৰেপ্তাৰ

By

Published : Jun 23, 2021, 8:59 AM IST

Updated : Jun 23, 2021, 9:41 AM IST

নিউজ ডেস্ক, 23 জুন : দেশৰৰাজধানী নতুন দিল্লী (New Delhi)ত সংঘটিত হৈছে দলবদ্ধ যৌন নিৰ্যাতনৰ ঘটনা ৷ দিল্লীতদক্ষিণ পশ্চিম এলেকা সাগৰপুৰত সংঘটিত হয় এই ঘটনাটো ৷ দুগৰাকী যুৱতীক দলবদ্ধ ধৰ্ষণ কৰা বুলি অভিযোগ উত্থাপিত হৈছে দুজন আৰক্ষীৰ বিৰুদ্ধে ৷ ইতিমধ্যে যুৱতী দুগৰাকীয়ে দিয়া অভিযোগৰ ভিত্তিত দুজন আৰক্ষীক গ্ৰেপ্তাৰ কৰিছে দিল্লীৰ আৰক্ষীয়ে।

অভিযুক্ত আৰক্ষী দুজন দিল্লী কেণ্টনমেণ্ট (Conteinment Zone) অঞ্চলত পহৰাৰ দায়িত্ব দিয়া হৈছিল বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে । ইফালে অভিযুক্ত আৰক্ষী দুগৰাকীক গ্ৰেপ্তাৰ কৰা কথা নিশ্চিত কৰিছে দিল্লীৰ আৰক্ষী (Delhi Police)সঞ্চালক প্ৰধান (DGP) প্ৰতাপ সিঙে । ভুক্তভোগী যুৱতী দুগৰাকী সম্বন্ধত বাই-ভনী ।

উক্ত ঘটনাটো সংঘটিত হোৱাৰ পিছতে দুয়োজন আৰক্ষীৰ বিৰুদ্ধে দলবদ্ধ ধৰ্ষণৰ অভিযোগ উত্থাপন কৰি দিল্লী কেণ্ট আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰিছিল বুলি আৰক্ষী সুত্ৰে প্ৰকাশ কৰিছে ৷

ইতিমধ্যে, অভিযুক্ত আৰক্ষী দুজনক আইপিচি (ICP) ধাৰা ১৬৪ ৰ অধীনত এটা গোচৰ ৰুজু কৰি দণ্ডাধীশৰ সন্মুখত কাৰ্যালয়লৈ প্ৰৰেণ কৰিব বুলি আৰক্ষীয়ে সদৰি কৰিছে । ইফালে, উক্ত ঘটনাটোৰ অধিক তথ্যৰ সন্ধানত ভুক্তভোগীসকলে উল্লেখ কৰা সাগৰপুৰ কলনী অঞ্চলৰ চিচিটিভি (CCTV) ফুটেজ পৰীক্ষা কৰাৰ লগতে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

সমান্তৰালকৈ 1 জুনতো উত্তৰ-পূব দিল্লীৰ এটা মছজিদত সংঘটিত হৈছিল আন এটা যৌন নিৰ্যাতনৰ ঘটনা ৷ ঘটানা অনুসৰি এগৰাকী কিশোৰীয়ে পানী আনিবলৈ যোৱাৰ সময়ত এগৰাকী ৪৮ বছৰীয়া ধৰ্মগুৰুই কিশোৰীগৰাকীক ধৰ্ষণ কৰে ৷ কিশোৰীগৰাকীৰ পৰিয়ালে দিয়া গোচৰৰ ভিত্তিত গাজিয়াবাদৰ লোনিৰ পৰা সোমবাৰে পুৱা গ্ৰেপ্তাৰ কৰা হৈছিল অভিযুক্ত ধৰ্মগুৰুজনক।

ধৃত লোকজন দিল্লী মহানগৰ আদালতত হাজিৰ কৰোৱা পিছত ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল বুলি আৰক্ষীৰ সূত্ৰে প্ৰকাশ পাইছে ৷

লগতে পঢ়ক-উচ্চতৰ মাধ্যমিকৰ মূল্যায়নক লৈ গঠিত উচ্চস্তৰীয় কমিটিৰ প্ৰথমখন বৈঠক

Last Updated : Jun 23, 2021, 9:41 AM IST

ABOUT THE AUTHOR

...view details