অসম

assam

কাগজ কল নিলাম: মুকালমুৱাত প্ৰতিবাদ

By

Published : Jun 12, 2021, 11:07 PM IST

মুকালমুৱাত কাগজ কল নিলামৰ বিৰুদ্ধে এছ এফ আই, চিটু, কৃষক সভাৰ যৌথ প্ৰতিবাদ ৷ নগাঁও আৰু কাছাৰ কাগজ কল দুটা বিক্ৰীৰ বাবে লোৱা সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা প্ৰতিবাদকাৰীৰ ৷ মিল দুটা পুনৰ কাৰ্যক্ষম কৰাৰ দাবী সংগঠন দুটাৰ ৷

two organistion protest in mukalmua on paper mill auction
কাগজ কল নিলাম : মুকালমুৱাত প্ৰতিবাদ

নলবাৰী, 12 জুন : কাগজকল নিলামৰ বিৰুদ্ধে কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন (চিটু)ৰ আহ্বানত সমগ্ৰ ৰাজ্যৰ লগতে মুকালমুৱাতো প্ৰতিবাদ সাব্যস্ত কৰে চিটু বৰক্ষেত্ৰী আঞ্চলিক কমিটিয়ে । মুকালমুৱাৰ মাজমজিয়াত ক’ভিড বিধি পালন কৰি হাতে হাতে প্লেকাৰ্ড লৈ দীঘলীয়া শাৰী পাতি কাগজ কল নিলামৰ সিদ্ধান্ত উঠাই লওক, অমিত শ্বাহৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি কলৈ গ'ল জবাব লাগে জবাব দিয়ক, মূল্যবদ্ধি ৰোধ কৰক এই শ্ল'গানেৰে প্ৰতিবাদকাৰীসকলে পৰিৱেশ উত্তাল কৰি তোলে ।

কাগজ কল নিলাম : মুকালমুৱাত প্ৰতিবাদ

বিজেপি নেতৃত্বাধীন কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সকলো প্ৰতিশ্ৰুতি ফুটুকাৰ ফেনত পৰিণত কৰি অৱশেষত নগাঁও আৰু কাছাৰ কাগজ কল দুটা বিক্ৰীৰ বাবে লোৱা সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰাৰ লগতে প্ৰতিবাদকাৰীসকলে মিল দুটা পুনৰ কাৰ্যক্ষম কৰাৰ দাবী জনায় ।

উল্লেখ্য যে, কাগজ কল দুটাৰ উৎপাদন দীৰ্ঘদিন ধৰি বন্ধ হৈ থকাৰ ফলত শ্ৰমিক কৰ্মচাৰী, ব্যৱসায়ীৰ লগতে হাজাৰ হাজাৰ বাঁহ খেতিয়ক ক্ষতিগ্ৰস্ত হৈছে । কাগজকল দুটা বন্ধ হোৱাত ৰাজ্যখনৰ অৰ্থনীতি আৰু সমাজ জীৱনত ইতিমধ্যে ঋণাত্মক প্ৰভাৱ পৰিছে । সেয়ে কাগজ কল দুটাৰ প্ৰস্তাৱিত নিলাম প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাইছে প্ৰতিবাদকাৰীসকলে ।

লগতে পঢ়ক :অসম আৰক্ষীক সকীয়নি সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ

ABOUT THE AUTHOR

...view details