অসম

assam

ETV Bharat / city

দপ্তৰ লাভ কৰি কাৰ্যালয়ত প্ৰৱেশ মন্ত্রী ৰণজিৎ দাস আৰু পীযুষ হাজৰিকাৰ - পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ

দায়িত্বভাৰ গ্ৰহণৰ পিছতে বুধবাৰে কাৰ্যালয়ত উপস্থিত মন্ত্ৰী ৰণজিৎ দাস আৰু পীযুষ হাজৰিকা ৷ দুয়োগৰাকী মন্ত্ৰীয়ে নিজৰ বিভাগৰ কাম-কাজৰ বুজ লোৱাৰ লগতে বিষয়া-কৰ্মচাৰীসকলৰ সৈতে বৈঠকত মিলিত হয় ৷

দপ্তৰ লাভ কৰি কাৰ্যালয়ত প্ৰৱেশ মন্ত্রী ৰণজিৎ দাস আৰু পিযুষ হাজৰিকাৰ
দপ্তৰ লাভ কৰি কাৰ্যালয়ত প্ৰৱেশ মন্ত্রী ৰণজিৎ দাস আৰু পিযুষ হাজৰিকাৰ

By

Published : May 12, 2021, 7:00 PM IST

গুৱাহাটী,১২ মে': মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত স্থান পোৱা মন্ত্ৰীসকলৰ মাজত দপ্তৰ বিতৰণ কৰাৰ পাছত বহুকেইজন মন্ত্ৰীয়ে বুধবাৰে প্ৰৱেশ কৰে বিভাগীয় কাৰ্যালয়ত । খাদ্য আৰু অসামৰিক যোগান, জনস্বাস্থ্য কাৰিকৰী বিভাগ, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, কনজিউমাৰ এফেয়াৰ্ছ আদি বিভাগৰ দায়িত্ব লাভ কৰা মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে বুধবাৰে প্ৰথমবাৰৰ বাবে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কাৰ্যালয়ত প্ৰৱেশ কৰে ।

কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পিছত প্ৰথমবাৰৰ বাবে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কাৰ্যালয়ত প্ৰৱেশ কৰি মন্ত্ৰী দাসে বিভাগীয় বিষয়ববীয়াসকলৰ লগত চিনাকী হৈ বিভাগীয় কাম-কাজৰ প্ৰাথমিক বুজ লয় । অনাগত দিনত সকলোৱে ঐক্যবদ্ধভাৱে বিভাগীয় কাম-কাজসমূহ সূচাৰুৰূপে পৰিচালনা কৰাৰ উদ্দেশ্যে তেওঁ সকলো বিভাগীয় বিষয়ববীয়াৰ সৈতে আলাপ-আলোচনা কৰে ।

দায়িত্বভাৰ গ্ৰহণৰ পিছতে বুধবাৰে কাৰ্যালয়ত উপস্থিত মন্ত্ৰী ৰণজিৎ দাস

আনহাতে জলসম্পদ, তথ্য আৰু জনসংযোগ আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ দায়িত্ব লাভ কৰা মন্ত্ৰী পীযুষ হাজৰিকাই বুধবাৰে নিজ কাৰ্যালয়ত উপস্থিত হয় । মন্ত্ৰী হিচাপে দায়িত্বভাৰ চমজি লোৱা পীযুষ হাজৰিকাই জল সম্পদ, তথ্য আৰু জনসংযোগ আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হয় । তেওঁ কয় যে, "সাংবাদিকৰ আকস্মিকভাৱে মৃত্যু হ'লে চৰকাৰৰ তৰফৰ পৰা সাংবাদিকৰ পৰিয়ালক এককালীন আৰ্থিক সাহায্য দিয়াৰ কথা আমি চিন্তা কৰিছো" ৷

বিষয়া-কৰ্মচাৰীসকলৰ সৈতে বৈঠকত দুয়োগৰাকী মন্ত্ৰী

মুখ্যমন্ত্ৰীয়ে এইক্ষেত্ৰত আমাক কেতবোৰ পৰামৰ্শ দিছে বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰিকাই কয় বিগত বৰ্ষত বানত ২৪ টা মথাউৰি ভাগিছিল আৰু তাৰে ৬ টা মেৰামতি কৰা হৈছে । বাকী ১৮ টা মথাউৰি মেৰামতি কৰিব আছে । বাৰিষাৰ আগে আগে দিনে-নিশাই কাম কৰি বাকী থকা মথাউৰিকেইটা মেৰামতি কৰাৰ ব্যৱস্থা কৰা হ'ব । বান সমস্যাৰ পৰা অসমক ৰক্ষা কৰিবলৈ আমি যিমান পাৰি চেষ্টা কৰিম বুলি মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰিকাই ।

লগতে পঢ়ক :হোমেন বৰগোহাঞিৰ মৃত্যুত আলফা(স্বা)ৰ শোক প্ৰকাশ

ABOUT THE AUTHOR

...view details