অসম

assam

ETV Bharat / city

জালুকবাৰী আৰক্ষীৰ জালত দুই এটিএম চোৰ - ৷ মালিগাঁৱস্থিত HDFC বেংক

জালুকবাৰী আৰক্ষীৰ জালত দুজনকৈ এটিএম চোৰ ৷ মানস দাস আৰু বিশ্বজিৎ দাস নামৰ দুজনক আটক ৷

জালুকবাৰী আৰক্ষীৰ জালত দুই এটিএম চোৰ

By

Published : Oct 15, 2019, 4:02 AM IST

গুৱাহাটী, 14 অক্টোবৰঃজালুকবাৰী আৰক্ষীৰ জালত দুজনকৈ এটিএম চোৰ ৷ মালিগাঁৱস্থিত HDFC বেংকৰ এটিএম ভাঙি টকা উলিয়াব লওঁতে হাতে লোটে কাৰায়ত্ত কৰে ধৃত চোৰ এজনক ৷ আটকাধীন চোৰজনৰ নাম মানস দাস বুলি জানিব পৰা গৈছে ৷ মানস দাসৰ স্বীকাৰোক্তিৰ ভিত্তিত সোমবাৰে সন্ধিয়া জালুকবাৰী আৰক্ষীয়ে হাজোত অভিযান চলাই গ্ৰেপ্তাৰ কৰে বিশ্বজিৎ দাস নামৰ এটিএম চোৰৰ আন এজন সদস্যক ৷ এতিয়াও গেংটোৰ কেইবাজনো সদস্য পলাতক বুলি জনায় আৰক্ষীয়ে ৷ ঘটনা সন্দৰ্ভত জালুকবাৰী আৰক্ষীয়ে গোচৰ ৰুজু কৰি দোষীক জেল হাজোতলৈ প্ৰেৰণ কৰে ৷ উল্লেখ্য যে শেহতীয়াকৈ মহানগৰীত ব্যাপক হাৰত বৃদ্ধি পাইছে এটিএম চুৰিৰ ঘটনা ৷

জালুকবাৰী আৰক্ষীৰ জালত দুই এটিএম চোৰ

ABOUT THE AUTHOR

...view details