গুৱাহাটী,5 জুলাই:শান্তিৰ বাৰ্তা লৈ আজি অৰ্থাৎ বৃহস্পতিবাৰে পুৱাই দিছপুৰৰ পৰা মিজোৰাম অভিমুখে ৰাওনা হৈছে অসমৰ দুই মন্ত্ৰী ক্ৰমে অতুল বৰা আৰু অশোক সিংঘাল । মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে আজি পুৱাই চাৰ্টাৰ্ড বিমান যোগে বৰঝাৰৰ পৰা আইজল অভিমুখে উৰা মাৰে দুই মন্ত্ৰী । বিধানসভাৰ বাজেট অধিবেশন চলি থকাৰ মাজতেই এইদৰে দুয়ো শান্তি বাৰ্তা লৈ মিজোৰামলৈ ৰাওনা হয় ।
ইপিনে প্ৰাপ্ত তথ্য অনুসৰি, মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাই অসমৰ পৰা শান্তিৰ বাৰ্তা লৈ যোৱা মন্ত্ৰীদ্বয়ক সাক্ষাতৰ বাবে এই পৰ্যন্ত কোনো সময় দিয়া নাই । ইতিমধ্যে যদিওবা অসম আৰু মিজোৰাম চৰকাৰ উভয়েই পৰস্পৰৰ ওপৰত দিয়া গোচৰ সমূহ প্ৰত্যাহাৰ কৰিছে ৷ কিন্তু তাৰ পিছতো অসমৰ পৰা যোৱা দুই মন্ত্ৰীক সাক্ষাতৰ বাবে জোৰামথাংগাই সময় নিদিয়াটো তাৎপৰ্যপূৰ্ণ ।
মন্ত্ৰী বৰা আৰু সিংঘালে আজি মিজোৰামত বিভিন্ন চৰকাৰী বিষয়া, আৰক্ষী প্ৰশাসন আদিৰ সৈতে আলোচনাত মিলিত হোৱাৰ উপৰিও বিবদমান অঞ্চলো ভ্ৰমণ কৰিব ।