অসম

assam

ETV Bharat / city

ত্ৰিপুৰাত বিজেপিৰ বিৰুদ্ধে হিংসাত্মক কাৰ্যৰ অভিযোগ চিপিআইএমৰ - Tripura CPIM allegation against BJP

ত্ৰিপুৰাৰ দেওবাৰে উপ-নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতে বিজেপিয়ে হিংসাত্মক ঘটনা সংঘটিত কৰাৰ অভিযোগ (Tripura bye poll violence)। চিপিআইএমৰ নেতা-কৰ্মীক প্ৰহাৰৰ লগতে আঞ্চলিক সমিতিৰ কাৰ্যালয়ৰ ক্ষতিসাধন-লুণ্ঠন চলোৱাৰ অভিযোগ উত্থাপন কৰিছে দলটোৰ ৰাজ্যিক সমিতিয়ে ।

tripura
ত্ৰিপুৰাত বিজেপিৰ বিৰুদ্ধে হিংসাত্মক কাৰ্যৰ অভিযোগ চিপিআইএমৰ

By

Published : Jun 27, 2022, 3:37 PM IST

আগৰতলা, ২৭ জুন: ত্ৰিপুৰাত দেওবাৰে উপ-নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতে ৰাজ্যজুৰি বিজেপিয়ে হিংসাত্মক ঘটনা সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাজ্য়ৰ বিৰোধী দল চিপিআইএমে (Tripura CPIM allegation against BJP)। চিপিআইএমৰ ৰাজ্যিক সমিতিৰ সম্পাদক জীতেন্দ্ৰ চৌধুৰীয়ে কয় যে যোৱা চাৰে চাৰি বছৰৰ প্ৰৱণতা অনুসৰণ কৰিয়ে বিজেপিয়ে আন এক নিৰ্বাচনৰ আখৰা অনুষ্ঠিত কৰিছে । শেহতীয়া বিধানসভা উপ-নিৰ্বাচনত ৪ খন আসনৰ ভিতৰত ৩ খন আসন লাভ কৰি বিজেপিয়ে সন্ত্ৰাসবাদী কাৰ্যকলাপ অব্যাহত ৰাখিছে ।

এই প্ৰসংগত সম্পাদক জীতেন্দ্ৰ চৌধুৰীয়ে কয়,'উপ-নিৰ্বাচনৰ ফলাফলৰ লগে লগে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰম্ভ হৈছে হিংসা । উত্তৰ জিলাৰ ধৰ্মনগৰত চিপিআই (এম) হাফলং আঞ্চলিক সমিতিৰ কাৰ্যালয়ৰ ক্ষতিসাধন কৰাৰ লগতে লুণ্ঠন চলাইছে । শ্ৰীপুৰত চিপিআই (এম) নেতা মাখন পাল আৰু ডিৱাইএফআই নেতা মাইনুল হকে আৰক্ষী সংৰক্ষিত অঞ্চলৰ বিপৰীতে শ্ৰীপুৰৰ মাইনুল হকৰ ঘৰত আক্ৰমণ কৰে । দলীয় কৰ্মী বাবুল সাহা আৰু দিলীপ দত্তক আক্ৰমণ কৰিছে ।'

ইপিনে, বেলোনিয়াৰ সাতমুৰা আৰু কলেজ স্কোৱেৰত ঘৰ আৰু স্কুটাৰৰো ক্ষতিসাধন কৰা বুলিও চিপিআইএমৰ ৰাজ্যিক সমিতিয়ে অভিযোগ উত্থাপন কৰিছে । এই সকলোবোৰ ঘটনা আৰক্ষী প্ৰশাসনৰ সন্মুখত সংঘটিত হোৱা বুলিও চিপিআইএমৰ ৰাজ্যিক সমিতিয়ে অভিযোগ কৰে।

চিপিআইএমৰ ৰাজ্যিক সমিতিৰ সম্পাদকগৰাকীয়ে সকলো ঠাইতে আৰক্ষীৰ ভূমিকা নীৰৱ দৰ্শকৰ দৰে আছিল বুলি উল্লেখ কৰি কয়,' বিজেপিৰ এনে কাৰ্যকলাপ সংবিধান আৰু গণতন্ত্ৰৰ প্ৰতি তেওঁলোকৰ অসন্মান আৰু দুৰ্বলতাৰ এক চৰম লক্ষণ ।' ইপিনে, চিপিআই (এম) ত্ৰিপুৰা ৰাজ্যিক সচিবালয় সংস্থাই বিজেপিৰ এই ফেচিষ্ট আৰু দেউলিয়া ৰাজনীতিক তীব্ৰ ভাষাৰে গৰিহণা দিছে (CPIM Tripura State Secretariat body condemned)) । দলটোৱে প্ৰশাসনক তৎক্ষণাৎ এনে কাৰ্য বন্ধ কৰিবলৈ প্ৰয়োজনীয় পদক্ষেপ ল'বলৈ দাবী জনাইছে । গণতন্ত্ৰপন্থী আৰু শান্তিপ্ৰেমী লোকক কৰা এনে আক্ৰমণৰ বিৰুদ্ধে মাত মাতিবলৈ চিপিআইএমৰ ৰাজ্যিক সমিতিয়ে ৰাজ্য়ৰ জনতাক আহ্বান জনাইছে।

লগতে পঢ়ক:ত্ৰিপুৰাত কংগ্ৰেছ আৰু বিজেপিৰ মাজত সংঘৰ্ষ

ABOUT THE AUTHOR

...view details