গুৱাহাটী, 21 নৱেম্বৰ : পাণবজাৰ(Panbazar)ৰ 'মামাৰ' মৃত্যুত শনিবাৰৰ দিনটোত গুৱাহাটীৰ লগতে সমগ্ৰ অসমত বন্ধ ৰখা হ'ল কিতাপৰ বিপণী ৷ ৰাজ্যৰ বিশিষ্ট প্ৰকাশক তথা লেখক গিৰিপদ দেৱ চৌধুৰীৰ (Giripad Dev Chaudhary) মৃত্যুত শনিবাৰৰ দিনটোত পানবজাৰৰ লগতে সমগ্ৰ অসমত ৰখা হ'ল গ্ৰন্থ বিপণীসমূহ ৷ ক'ৰনাত আক্ৰান্ত হৈ শুকুৰবাৰে শেষ নিঃশ্বাস ত্যাগ কৰে পানবজাৰৰ 'মামা' ৰূপে খ্যাত বিশিষ্ট প্রকাশক তথা লেখকগৰাকীয়ে ।
সদৌ অসম পুথি প্ৰকাশক তথা বিক্রেতা সন্থাৰ প্ৰাক্তন সভাপতি আছিল গিৰিপদ দেৱ চৌধুৰী । শনিবাৰে সন্থাৰ কাৰ্যালয়ত অভিভাৱক গৰাকীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি বন্তি প্ৰজ্বলনেৰে শেষ শ্ৰদ্ধাঁঞ্জলি জনাই । অসম চৰকাৰৰ সাহিত্যিক পেঞ্চনা, লগতে আগশাৰীৰ বাণী প্ৰকাশন গোষ্ঠীৰ প্ৰতিষ্ঠাপক স্বত্বাধিকাৰী আছিল চৌধুৰী ।