অসম

assam

ETV Bharat / city

দহ হাজাৰ বন্তি প্ৰজ্বলনেৰে সুধাকণ্ঠলৈ আছুৰ শ্ৰদ্ধাৰ্ঘ্য - সুধাকণ্ঠৰ সোঁৱৰণত দহ হেজাৰ বন্তি প্ৰজ্বলন

দীঘলীপুখুৰী পাৰত একেলগ হ'ল অগণন লোক । সদৌ অসম ছাত্ৰ সন্থাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ভিৰ কৰিলে সুধাকণ্ঠৰ অগণন গুণমুগ্ধই ৷

tribute to bhupen hazarika in dighalipukhuri by aasu

By

Published : Nov 5, 2019, 9:29 PM IST

Updated : Nov 5, 2019, 9:56 PM IST

গুৱাহাটী,5 নৱেম্বৰ:সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকা দেৱক সুঁৱৰি দীঘলীপুখুৰী পাৰত একেলগ হ'ল অগণন লোক । সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত ভাৰতৰত্ন ডঃ ভূপেন হাজৰিকা দেৱৰ মৃত্যু বাৰ্ষিকী উপলক্ষে মঙলবাৰে দীঘলীপুখুৰীত দহ হেজাৰ বন্তি প্ৰজ্বলন কৰা হয় ।

দীঘলীপুখুৰী পাৰত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা দেৱলৈ শ্ৰদ্ধাঞ্জলি


শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত দীঘলীপুখুৰী পাৰত বন্তি প্ৰজ্বলনৰ বাবে উপস্থিত হয় অৰুণ হাজৰিকা ,দীপলিনাকে ধৰি বহু কেইজন শিল্পী । দীপলিনাই মনৰ কথা ব্যক্ত কৰি সদৌ অসম ছাত্ৰ সন্থাই লোৱা পদক্ষেপক শলাগ জনায় । লগতে দীপলিনাই সুধাকণ্ঠ গৰাকীক জীৱিত কালত লগ পোৱাৰ সৌভাগ্য নঘটিলেও তেখেতৰ কালজয়ী গানসমূহে সদায় আকৃষ্ট কৰাৰ কথা অৱগত কৰে ।

শিল্পী দীপলিনা ডেকাৰো অংশগ্ৰহণ

লগতে পঢ়ক:সাত ফুট দীঘল কফিনত সুধাকণ্ঠৰ নশ্বৰ দেহৰ প্ৰতিমূৰ্তি

Last Updated : Nov 5, 2019, 9:56 PM IST

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details