অসম

assam

ETV Bharat / city

অধিক ভাড়া আদায় কৰা যাত্ৰীবাহী বাহনৰ বিৰুদ্ধে পৰিবহণ বিভাগৰ অভিযান - Transport enforcement dept drive against city bus

ক’ভিডকালীন পৰিস্থিতি আৰু ইন্ধনৰ দাম বৃদ্ধিৰ সুযোগ গ্ৰহণ কৰি মহানগৰীত চিটি বাছ আৰু যাত্ৰীবাহী বাহনসমূহে যাত্ৰীৰ পৰা অধিক ভাড়া আদায় কৰি আহিছিল ৷ যাত্ৰীৰ অভিযোগৰ ভিত্তিত পৰিবহণ বিভাগে বৃহস্পতিবাৰে চিটি বাছ আৰু যাত্ৰীবাহী বাহনৰ বিৰুদ্ধে চলায় অভিযান ৷

Transport enforcement dept drive against city bus
পৰিবহণ বিভাগৰ অভিযান

By

Published : Nov 18, 2021, 9:53 PM IST

গুৱাহাটী, 18 নৱেম্বৰ : কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাৰ নিৰ্দেশত জিলা পৰিবহণ (এনফৰ্চমেণ্ট) বিভাগে সোমবাৰে মহানগৰীৰ চিটি বাছ আৰু যাত্ৰীবাহী বাহনসমূহৰ বিৰুদ্ধে অভিযান চলায় । জিলা পৰিবহণ (এনফৰ্চমেণ্ট) বিভাগে হঠাৎ যাত্ৰীৰ পৰা অধিক ভাড়া আদায় কৰি থকা চিটি বাছ আৰু যাত্ৰীবাহী বাহনৰ বিৰুদ্ধে চলায় এই অভিযান ।

পৰিবহণ বিভাগৰ অভিযান

উল্লেখ্য যে, ক’ভিডকালীন পৰিস্থিতি আৰু ইন্ধনৰ দাম বৃদ্ধিৰ সুযোগ গ্ৰহণ কৰি মহানগৰীত চিটি বাছ আৰু যাত্ৰীবাহী বাহনসমূহে যাত্ৰীৰ পৰা অধিক ভাড়া আদায় কৰি আহিছিল ৷ ইয়াৰ পিছতো দীৰ্ঘদিন ধৰি জিলা প্ৰশাসন আৰু জিলা পৰিবহণ (এনফৰ্চমেণ্ট) বিভাগে কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছিল ৷ কিন্তু আজি হঠাৎ মহানগৰীত চিটি বাছ আৰু যাত্ৰীবাহী বাহনসমূহৰ বিৰুদ্ধে অভিযান চলায় বিভাগটোৱে ।

পৰিবহণ বিভাগৰ অভিযান

কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাৰ নিৰ্দেশত জিলা পৰিবহণ (এনফৰ্চমেণ্ট) বিভাগে মহানগৰীৰ লালগণেশ, লখৰা পথত অভিযান চলায় । এই অভিযানত বিভাগটোৱে যাত্ৰীৰ অভিযোগৰ ভিত্তিত চিটি বাছকে ধৰি ৫ খন বাহন জব্দ কৰাৰ উপৰি ৩৩ খন বাহনৰ বিৰুদ্ধে পৰিবহণ আইনৰ অধীনত গোচৰ ৰুজু কৰে ৷

লগতে পঢ়ক :কিয় মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে চাৰি শতাধিক বিদ্যালয় সম্পূৰ্ণকৈ বন্ধ কৰাৰ কথা ?

ABOUT THE AUTHOR

...view details