গুৱাহাটী, 23 মে' :"বর্তমান অসমত পি এফ আইৰ দৰে সংগঠনৰ সাংগঠনিক কাম কাজ বাংলাদেশীমূলৰ মুছলমান লোকৰ মাজত যথেষ্ট শক্তিশালী হৈ উঠিছে । পি এফ আয়ে আগবঢ়োৱা প্ৰশিক্ষণ শিবিৰত প্ৰশিক্ষণপ্ৰাপ্ত জেহাদীসকলেহে বটদ্ৰৱা থানাত আক্ৰমণ কৰিছিল" । দেওবাৰে বিজেপি ৰাজ্যিক মুখ্য কাৰ্যালয়ত আয়োজন কৰা এক সংবাদমেলত ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মা আৰু সুভাষ দত্তই কৰে এই বিস্ফোৰক মন্তব্য (Trained Jehadis involved in Batadrava Police Station attack ) ৷
"বটদ্ৰৱা থানাত অগ্নিসংযোগ কৰা ঘটনাটো এটি সন্ত্ৰাসবাদী কাৰ্যকলাপ । এই ঘটনাৰ লগত জড়িত প্ৰতিজন লোক প্ৰশিক্ষণপ্ৰাপ্ত জেহাদী বটদ্ৰৱা কাণ্ড সন্দৰ্ভত এই বক্তব্য কৰে ৰাজ্যিক বিজেপিয়ে । তেওঁলোকে কয় যে, বর্তমান অসমত পি এফ আইৰ দৰে সংগঠনৰ সাংগঠনিক কাম-কাজ বাংলাদেশী মূলৰ মুছলমান লোকৰ মাজত যথেষ্ট শক্তিশালী হৈ উঠিছে । পি এফ আয়ে আগবঢ়োৱা প্ৰশিক্ষণ শিবিৰত প্ৰশিক্ষণপ্ৰাপ্ত জেহাদী সকলেহে বটদ্ৰৱা থানা আক্ৰমণ কৰিছিল । সেয়েহে এই আক্ৰমণকাৰী সকলক আৰক্ষীয়ে সন্ত্ৰাসবাদী হিচাপে গণ্য কৰিব লাগে ’’ (Batadrava police station incident) ৷
লগতে বিজেপি নেতাদ্বয়ে সদৰি কৰা মতে, ‘‘আৰক্ষী থানা জ্বলাই দিয়াৰ লগতে চৰকাৰী নথি-পত্ৰ আৰু অস্ত্ৰ -শস্ত্ৰ নষ্ট কৰাটো আইন মতে ৰাষ্ট্ৰদ্ৰোহী । সেয়েহে এনে লোকৰ বিৰুদ্ধে আৰক্ষীয়ে প্ৰয়োজনীয় কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা উচিত’’। বটদ্ৰৱাৰ ঘটনা সমগ্ৰ বিশ্বৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত সংঘটিত হৈ থকা ইছলামীয় মৌলবাদী আগ্ৰাসনৰ এটি নমুনা মাত্ৰ বুলি উল্লেখ কৰি তেওঁ কয় যে, ‘‘পশ্চিম ইউৰোপ, আফগানিস্থানৰ পৰা আৰম্ভ কৰি কাশ্মীৰ, কেৰেলা, পশ্চিমবঙ্গ হৈ অসমৰ বটদ্ৰৱালৈকে ইছলামী আগ্ৰাসনবাদীৰ চৰিত্ৰ একেটাই । আফগানিস্থানত তালিবানে, মুম্বাইৰ আজাদ ময়দানত মহাৰাষ্ট্ৰৰ মৌলবাদী সকলে আৰু পশ্চিমবঙ্গত তৃণমূল সমৰ্থিত জেহাদীসকলে একেটা ষ্টাইলত কাম কৰি আহিছে ।’’