অসম

assam

ETV Bharat / city

ৰ'দ নলগা বৰষুণ নপৰা এজন আৰক্ষী জোৱান - এটা দিনৰ হিৰো'

দেওবাৰে মিথুন দাস নামৰ যান-বাহন আৰক্ষী জোৱানজনে দেখুৱালে কৰ্তব্যনিষ্ঠা, ত্যাগ আৰু কষ্টসহিষ্ণুতাৰ এক বিৰল নিদৰ্শন ৷ প্ৰচণ্ড বৰষুণ আৰু বিজুলী ঢেৰেকনিক নেওচি নিষ্ঠাৰে কৰ্তব্য পালন কৰি দিনটোৰ বাবে হিৰো হৈ পৰিছে মিথুন দাস নামৰ এইগৰাকী ট্ৰেফিক পুলিছ ৷

এটা দিনৰ হিৰো'

By

Published : Mar 31, 2019, 8:13 PM IST

Updated : Apr 1, 2019, 1:28 AM IST

গুৱাহাটী, 31 মাৰ্চ : ধাৰাসাৰ বৰষুণ আৰু প্ৰচণ্ড বিজুলী-ঢেৰেকনি, দিনতে নিশাৰ অন্ধকাৰে আৱৰিছে চৌদিশ৷ সুৰক্ষিত স্থান বিচাৰি সকলোৰে লৰা-ঢপৰা ৷ বৰষুণৰ আমেজ উপভোগ কৰিবলৈ কাৰোবাৰ হয়তো চাহ-পকৰি খোৱাৰ পৰিকল্পনা অথবা আপোন মানুহৰ সৈতে গল্প-গুজৱ৷ কিন্তু এনে প্ৰতিকূল বতৰৰ মাজতো ৰাজপথত নিজৰ দায়িত্ব অনুধাৱন কৰি স্থিতপ্ৰজ্ঞৰ দৰে থিয় হৈ আছেএজন লোক ৷ বৰষুণৰ আমেজ লোৱাৰ ৰোমাণ্টিকতাৰ পৰা বহু নিলগত থাকি তেওঁ ব্যস্ত কৰ্তব্য পালনত ৷ কাৰণ তেওঁ এজন আৰক্ষী জোৱান ৷

এটা দিনৰ হিৰো

বিভিন্ন নেতিবাচক কাৰণত সময়ে সময়ে সংবাদ শিৰোনাম দখল কৰে ৰাজ্যৰ আৰক্ষী বিভাগে ৷ কিন্তু দেওবাৰে মিথুন দাস নামৰ যান-বাহন আৰক্ষী জোৱানজনে দেখুৱালে কৰ্তব্যনিষ্ঠা, ত্যাগ আৰু কষ্টসহিষ্ণুতাৰ এক বিৰল নিদৰ্শন ৷ প্ৰচণ্ড বৰষুণ আৰু বিজুলী ঢেৰেকনিক নেওচি নিষ্ঠাৰে কৰ্তব্য পালন কৰি দিনটোৰ বাবে হিৰোহৈ পৰিছে মিথুন দাস নামৰ এইগৰাকী ট্ৰেফিক পুলিছ ৷ মহানগৰীৰ বশিষ্ঠচাৰিআলিৰ ট্ৰেফিক পইণ্টত আন দিনাৰ দৰেই নিজ কৰ্তব্য পালন কৰিছিল তেওঁ ৷ পাৰ্থক্য মাথো এটাই-প্ৰচণ্ড ধুমুহা-বৰষুণৰ মাজতে ট্ৰেফিক ছিগনেলৰ স্থানত থাকি কোনো ছাতি অথবা ৰেইনকোট অবিহনেই ৰাজপথত যান-বাহন নিয়ন্ত্ৰণ কৰি যায় জোৱানজনে ৷
উল্লেখ্য যে মাত্ৰ কেইদিনমান পূৰ্বে ট্ৰেফিক পইণ্টটোৰ ওপৰত থকা চালিখন ডাম্পাৰৰ খুন্দাত ভাঙিছিল । আজিকোপতি নিৰ্মাণহৈ নুঠা চালিখনৰ অভাৱ অনুভৱ নকৰি কৰ্তব্যক আগস্থান দি মিথুন দাসে বৰষুণত তিতি তিতিয়েই দিনটো যান-বাহন নিয়ন্ত্ৰণত ব্যস্ত হৈ থাকে ৷ ট্ৰেফিক জোৱানজনৰ এই দায়বদ্ধতাই এতিয়া চৰ্চা লাভ কৰিছে সৰ্বত্ৰ ৷ মিথুন দাসৰ প্ৰশংসাৰে উপচি পৰিছে চ'ছিয়েল মিডিয়া ৷

Last Updated : Apr 1, 2019, 1:28 AM IST

ABOUT THE AUTHOR

...view details