অসম

assam

ETV Bharat / city

Trade License Inspection Drive By GMC : চাৰিখনকৈ প্ৰতিষ্ঠানলৈ ১২,০০০ টকাৰ জৰিমনা - GMC trade license inspection drive against illegal hotel lodge and resturant

পৌৰ নিগমৰ ট্ৰেড লাইচেঞ্চ(Trade License of Guwahati Municipal Corporation) নোহোৱাকৈ অবৈধভাৱে ব্যৱসায়ী চলাই থকা ৪ খন হোটেল, ল’জ আৰু ৰেষ্টুৰা(GMC drive against illegal Hotel, Lodge and Restaurant)ৰ বিৰুদ্ধে ব্যৱস্থা নিগমৰ ৷ ব্যৱসায়িক প্ৰতিষ্ঠানকেইখনৰ পৰা 12 হাজাৰ টকাৰ জৰিমনা আদায় পৌৰ নিগমৰ ।

GMC drive against illegal Hotel, Lodge and Resturant in Guwahati
৪ খন প্ৰতিষ্ঠানলৈ ১২,০০০ টকাৰ জৰিমনা

By

Published : Nov 29, 2021, 10:02 PM IST

গুৱাহাটী, 29 নৱেম্বৰ : গুৱাহাটী পৌৰ নিগমৰ ট্ৰেড লাইচেঞ্চ নোহোৱাকৈ অবৈধভাৱে ব্যৱসায়ী চলাই থকা গুৱাহাটীৰ হোটেল, ল’জ, ফাষ্ট ফুড, ৰেষ্টুৰা(GMC trade license inspection drive against illegal hotel lodge and resturant)ৰ বিৰুদ্ধে পৌৰ নিগমে অভিযান অব্যাহত ৰাখিছে । পৌৰ নিগমৰ অভিযানকাৰী দলে সোমবাৰে মহানগৰীৰ এ টি ৰোড আৰু পল্টন বজাৰত থকা ৭ খন হোটেল, ল’জ আৰু ৰেষ্টুৰাত অভিযান চলায় ।

৪ খন প্ৰতিষ্ঠানলৈ ১২,০০০ টকাৰ জৰিমনা

পৌৰ নিগমৰ অভিযানকাৰী দলে পৌৰ নিগমৰ ট্ৰেড লাইচেঞ্চ( without Trade License of GMC) নোহোৱাকৈ অবৈধভাৱে ব্যৱসায়ী চলাই থকা ৪ খন হোটেল, ল’জ আৰু ৰেষ্টুৰাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰে । এই ৪ খন হোটেল, ল’জ আৰু ৰেষ্টুৰাৰ পৰা পৌৰ নিগমে ১২,০০০ টকা জৰিমনা আদায় কৰে । ইয়াৰ লগতে হোটেল, ল’জ আৰু ৰেষ্টুৰাকেইখনলৈ পৌৰ নিগমে জাননী জাৰি কৰে ।

৪ খন প্ৰতিষ্ঠানলৈ ১২,০০০ টকাৰ জৰিমনা

ইপিনে পৌৰ নিগমে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল(Guwahati medical College and hospital)ৰ ওচৰৰ পদপথত অবৈধভাৱে থকা বহুসংখ্যক দোকানো উচ্ছেদ কৰে । উল্লেখ্য যে, বিগত কেইবাদিনত পৌৰ নিগমে গুৱাহাটীৰ বিভিন্ন ঠাইত অভিযান চলাই পৌৰ নিগমৰ ট্ৰেড লাইচেঞ্চ নোহোৱাকৈ অবৈধভাৱে ব্যৱসায়ী চলাই থকা ২০খনতকৈ অধিক চেলুন-স্পা-বিউটী পাৰ্লাৰ, হোটেল, ল’জ আৰু ৰেষ্টুৰাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি প্ৰায় লক্ষাধিক টকা জৰিমনা আদায় কৰিছে । পৌৰ নিগমে ব্যৱসায়ীক প্ৰতিষ্ঠানকেইখনৰ বিৰুদ্ধে জাননীও জাৰী কৰে ৷

লগতে পঢ়ক :গুৱাহাটীৰ চেলুন-স্পা-বিউটী পাৰ্লাৰৰ বিৰুদ্ধে পৌৰ নিগমৰ পুনৰ অভিযান

ABOUT THE AUTHOR

...view details