New SOP in Assam: অষ্টম শ্ৰেণীলৈকে বন্ধ থাকিব অফলাইন পাঠদান
সোমবাৰে ৰাজ্য চৰকাৰে প্ৰকাশ কৰিলে নতুন এছ অ’ পি (New SOP in Assam)৷ জাৰি কৰিলে একাধিক নিৰ্দেশনা ৷
অবৈধভাৱে ব্যৱসায় চলোৱা হোটেল-ৰেষ্টুৰেন্টত চলিল গুৱাহাটী পৌৰ নিগমৰ অভিযান
গুৱাহাটী পৌৰ নিগমৰ অভিযানকাৰী দলে সোমবাৰে বশিষ্ঠ মহানগৰী এলেকাত ফাষ্ট ফুড, হোটেল, চাহৰ দোকান, মিঠাইৰ কাৰখানা আৰু গুদামকে ধৰি ৩৫ খন ব্যৱসায়ীক প্ৰতিষ্ঠানত অভিযান চলায় (GMC's operation in Restaurents of Guwahati) । পৌৰ নিগমৰ ট্ৰেড লাইচেঞ্চ নোহোৱাকৈ অবৈধভাব ব্যৱসায়ী চলাই থকা ব্যৱসায়ী প্ৰতিষ্ঠানকেইখনৰ পৰা ২,৩৩, ০০০ টকা জৰিমণা আদায় কৰে ৷
অসমত কৰ্কট চিকিৎসাৰ অনবদ্য অৱদানৰ বাবে ৰতন টাটালৈ অসম বৈভৱ সন্মান
টাটা ট্ৰাষ্টে ৰাজ্যৰ কৰ্কট চিকিৎসাৰ বাবে আগবঢ়োৱা অৱদানৰ (Donation by TATA trust to cancer treatment in Assam) বাবে ৰাজ্য চৰকাৰে ৰতন এন টাটালৈ অসম চৰকাৰৰ সৰ্বোচ্চ অসামৰিক সম্মান আগবঢ়াইছে (Highest state civilian award to Ratan Tata)।
Assam Police constable Recruitment : পুনৰ বিৰ্তকৰ মাজত অসম আৰক্ষীৰ কনিষ্টবলৰ নিযুক্তি প্ৰক্ৰিয়া
সম্প্ৰতি অসম আৰক্ষীৰ নিযুক্তি প্ৰক্ৰিয়া (Assam Police constable Recruitment) লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ ৷ সোমবাৰে চাকৰিৰ পৰা বঞ্চিত হোৱাৰ আশংকাত একাংশ যুৱকে ধুবুৰী আৰক্ষী অধীক্ষকৰ কাৰ্য্যালয়ৰ সন্মুখত হাতে হাতে প্লেকাৰ্ড লৈ বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে (Protest of police constable candidates at Dhubri) ৷
ৰাজ্যসভা নিৰ্বাচনত শশী-শ্বেৰমানৰ ভূমিকাই নিৰ্ণয় কৰিব কংগ্ৰেছৰ ভাগ্য
ৰাজ্যসভাত খালী হ’বলগীয়া আসনকলৈ চিন্তিত কংগ্ৰেছ (Tension in congress camp for Rajyasabha election) ৷ এখন আসনত জয়ী হ’বলৈ হ'লে ন্যূনতম ৪২ টা ভোট লাভ কৰিব লাগিব । বিৰোধী শিবিৰত আছে ৪৩ গৰাকী বিধায়ক । এজন প্ৰাৰ্থী জিকিবলৈ প্ৰয়োজন হোৱা ৪২ টা ভোটতকৈ এটা ভোট বেছিকৈহে থকাৰ পিছতো কিয় চিন্তিত হৈছে কংগ্ৰেছ ? জানো আহক সবিশেষ ৷