বুল্লী বাই এপৰ মূল ষড়যন্ত্ৰকাৰীক যোৰহাটৰ পৰা গ্ৰেপ্তাৰ
দেশজুৰি বিতৰ্কৰ সৃষ্টি কৰা বুল্লী বাই নামৰ এপৰ মূল ষড়যন্ত্ৰকাৰীক অসমৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে (main culprit of bulli bai app arrested) । দিল্লী আৰক্ষীৰ এটা অভিযানকাৰী দলে বৃহস্পতিবাৰে যোৰহাট আৰক্ষীৰ সহযোগত বুল্লী বাই নামৰ এপৰ মূল ষড়যন্ত্ৰকাৰীক গ্ৰেপ্তাৰ কৰে ৷ এপটোৰ মূল ষড়যন্ত্ৰকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে অসমৰ পৰা ।
Air India Disinvestment: দিল্লী উচ্চ ন্য়ায়ালয়ে খাৰিজ কৰিলে সুব্ৰমন্য়ম স্বামীৰ আবেদন
দিল্লী উচ্চ ন্য়ায়ালয়ে বৃহস্পতিবাৰে বিজেপি নেতা সুব্ৰমন্য়ম স্বামীয়ে এয়াৰ ইণ্ডিয়াৰ ডিচ ইনভেষ্টমেন্ট প্ৰক্ৰিয়া বাতিল কৰণৰ বাবে দাখিল কৰা জনস্বাৰ্থ জনিত এক আবেদন খাৰিজ কৰে (PIL by Subramanian Swamy dismissed)। দিল্লী উচ্ছ ন্য়ায়ালয়ৰ মুখ্য ন্য়ায়াধীশ ডি এন পেটেল আৰু ন্য়ায়াধীশ জ্য়োতি সিঙৰ এক খণ্ড বিচাৰপীঠে এই আবেদন খাৰিজ কৰে (High court dismiss PIL on Air India disinvestment) । স্মৰ্তব্য যে, বিগত বৰ্ষৰ অক্টোবৰ মাহত ভাৰত চৰকাৰে টাটা গ্ৰুপৰ সৈতে এয়াৰ ইণ্ডিয়াৰ ডিচ ইনভেষ্টমেন্ট বাবে ১৮,০০০ কৌটি টকাৰ চুক্তি স্বাক্ষৰ কৰিছিল ।
চীনা স্মাৰ্টফোন নিৰ্মাতা Xiaomi ৰ বিৰুদ্ধে শুল্ক ফাঁকিৰ জাননী ভাৰত চৰকাৰৰ বিত্ত মন্ত্ৰালয়ৰ
চীনা স্মাৰ্টফোন নিৰ্মাতা Xiaomi ৰ (Chinese smartphone maker Xiaomi ) বিৰুদ্ধে ভাৰত চৰকাৰে জাৰি কৰিছে শুল্ক ফাঁকিৰ জাননী (Xiaomi charged of Rs 653 crore tax evasion in India ) ৷ বুধবাৰে ভাৰত চৰকাৰৰ বিত্ত মন্ত্ৰালয়ে এই কথা সদৰি কৰে ৷ জানিব পৰা মতে, চীনা স্মাৰ্টফোন নিৰ্মাতা Xiaomi য়ে 2017 চনৰ এপ্ৰিলৰ পৰা ২০২০ চনৰ জুন মাহৰ ভিতৰত প্ৰায় 653 কোটি টকাৰ শুল্ক দিবলৈ বাকী আছে বুলি ভাৰত চৰকাৰৰ বিত্ত মন্ত্ৰালয়ে জানিবলৈ দিয়ে ৷
GMCH ত দালালৰ দপদপনিৰ পিছতে ঔষধ চুৰি কৰি ধৰা পৰিল ফাৰ্মাচিষ্ট
দালালৰ দপদপনিৰ পাছতে চিকিৎসালয়ত এইবাৰ চোৰৰ দপদপনি ৷ মঙলবাৰে GMCH ৰ চুপাৰ স্পেচিয়েলিটি হাস্পতালৰ পৰা দৰৱ চুৰ কৰি থকা অৱস্থাত (Pharmacist steals medicine from GMCH) হাতে-লোটে ধৰা পৰিল এগৰাকী ফার্মাচিষ্ট ৷
Revised Voter List of Assam : সংশোধনী ভোটাৰ তালিকাত বৃদ্ধি পালে ভোটাৰৰ সংখ্যা
ধবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰকাশ হ’ল ভোটাৰ তালিকা (Revised voter list publish in Assam) ৷ জিলা প্ৰকাশন তথা নিৰ্বাচন আয়োগে প্ৰকাশ কৰিলে ভোটাৰৰ চূড়ান্ত তালিকা ৷ বাক্সা জিলাত চূড়ান্ত ভোটাৰ তালিকাখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে জিলা উপায়ুক্ত আয়ুষ গাৰ্গে (Revised list of voters of Baksa) ৷ জিলাখনৰ অন্তৰ্গত তিনিটা বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা 5,52,947 গৰাকী ৷ ইয়াৰে 2,76,333 গৰাকী পুৰুষ ভোটাৰৰ বিপৰীতে মহিলা ভোটাৰৰ সংখ্যা 2,72,469 ৷