অসম

assam

ETV Bharat / city

11 বজাৰ শীৰ্ষ দহটা বাতৰি

11 বজাৰ শীৰ্ষ দহটা বাতৰি

top ten news at 11 am
11 বজাৰ শীৰ্ষ দহটা বাতৰি

By

Published : Jun 26, 2021, 11:07 AM IST

11 বজাৰ শীৰ্ষ দহটা বাতৰি:

ৰে’ল বিভাগত পুনৰ বহিঃৰাজ্যৰ যুৱকক নিযুক্তি

উত্তৰ পূৱ-সীমান্ত ৰে’লৱেৰ ৰঙিয়া মাণ্ডলিক ৰে’ল প্ৰবন্ধকৰ অধীনত ২৪ জনকৈ বহিঃৰাজ্যৰ যুৱকক নিযুক্তি দিয়াক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷

চাপৰ আৰক্ষীৰ গুলীত আহত দুৰ্ধষ ডকাইত

শুকুৰবাৰে নিশা নিউ হাতিপোতা অঞ্চলত সাইদুল ইছলামক লৈ চাপৰ আৰক্ষী আৰু শালকোচা আৰক্ষীয়ে চলাইছিল অভিযান । আনহাতে অভিযান কালত আৰক্ষীৰ চকুত ধুলি দি পলাই যাবলৈ অপচেষ্টা চলাইছিল ইছলামে। যাৰফলত বাধ্য হৈ আৰক্ষীয়ে গুলীচালনা কৰিবলগীয়া হৈছিল ৷

ধুবুৰীৰ বিধায়ক নজৰুল হকক প্ৰত্যাহ্বান প্ৰাক্তন বিধায়ক জাহান উদ্দিনৰ

ধুবুৰীত এম জি এনেৰেগা আঁচনি (MGNREGA) ৰূপায়ণৰ নামত কোটি কোটি টকাৰ দুৰ্নীতিৰ অভিযোগ প্ৰাক্তন বিধায়ক জাহান উদ্দিনৰ। বৰ্তমানৰ বিধায়ক নজৰুল হকক দুৰ্নীতিৰ সম্ৰাট আখ্যা জাহানৰ । তদানীন্তন উপায়ুক্ত অনন্তলাল জ্ঞানীকে আদি কৰি জিলাখনৰ কেইবাজনো শীৰ্ষ বিষয়ালৈ দুৰ্নীতি কৰাৰ অভিযোগৰ আঙুলি প্ৰাক্তন বিধায়কগৰাকীৰ ।

পত্নী-পুত্রৰ সৈতে নিশা কটাই পুৱাই মাতৃৰ কাষলৈ ঢাপলি মেলিলে অখিল গগৈয়ে

ডেৰ বছৰৰ দীঘলীয়া সময়ৰ অন্তত পৰিয়ালৰ সৈতে মিলন অখিল গগৈ(AKHIL GOGOI)ৰ । শুকুৰবাৰে গুৱাহাটীৰ নিজৰাপাৰস্থিত ঘৰত উপস্থিত হৈ নিশা কটালে পত্নী আৰু পুত্ৰৰ লগত । শনিবাৰে পুৱাই যোৰহাটত থকা মাতৃ প্ৰিয়দা গগৈৰ ওচৰলৈ ঢাপলি মেলিলে অখিল গগৈয়ে ।

ক'ভিড নিৰ্দেশনা অধিক কঠোৰভাৱে বলবৎ কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

ৰাজ্যৰ ক'ভিড পৰিস্থিতি সন্দৰ্ভত ভিডিঅ' কনফাৰেঞ্চযোগে মুখ্যমন্ত্রীৰ পৰ্যালোচনা বৈঠক ৷ ক'ভিড প্ৰতিষেধক গ্ৰহণ নকৰা পৰ্যন্ত অংগনবাদী কৰ্মীৰ মাহিলী পাৰিশ্ৰমিক মুকলি নকৰিবলৈ আহ্বান মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷

ৰঙা ঘৰৰ আলহী হ'ল চিকিৎসক ডাঃ নয়নজ্যোতি ডেকা

এখন ব্যক্তিগত চিকিৎসালয়ত সহকৰ্মী চিকিৎসকক ধৰ্ষণ কৰাৰ অভিযোগৰ বিচাৰৰ অন্তত দোষী সাব্যস্ত কৰা হৈছে চিকিৎসক ডাঃ নয়নজ্যোতি ডেকাক ৷ দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী কৰিছে সচেতন ৰাইজৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৷

সন্ধান ওলাব নে আৰক্ষীৰ জোৱান ৰিতু বৰাৰ ?

অতি ৰহস্যজনক ভাৱে যোৱা 4 জুন তাৰিখে কৰ্তব্যৰত অৱস্থাৰ পৰাই মাৰণাস্ত্ৰ সহ নিৰুদ্দেশ হৈছিল জলবিদ্যুৎ প্ৰকল্পৰ নিৰাপত্তাৰ দায়িত্বত থকা আৰক্ষীৰ জোৱান ৰিতু বৰা ৷ জোৱানজন নিৰুদ্দেশ হোৱাৰ 23 দিন উকলি যোৱাৰ পাছতো তেখেতক সন্ধান নোলোৱাত ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷

ক'ভিড 19: দেশত আক্ৰান্ত আৰু মৃত্যুৰ শেহতীয়া তথ্য

দেশত অব্যাহত আছে কৰ’ণা মহামাৰীৰ দ্বিতীয় ঢৌৰ সংহাৰ ৷ কৰ’ণাৰ ভয়াৱহতাৰ ফলত দেশৰ কেবাখনো ৰাজ্যত লকডাউন ঘোষণা কৰাৰ লগতে বহু ৰাজ্যত জাৰি কৰা হৈছে নৈশ সান্ধ্য আইন ৷ আহক চাওঁ দেশত ক‘ভিডত আক্ৰান্ত, মৃত্যু আৰু আৰোগ্য হোৱা লোকৰ শেহতীয়া তথ্য...

শিক্ষা বিষয়ক বিভিন্ন সমস্যা লৈ শিক্ষামন্ত্ৰীলৈ স্মাৰকপত্ৰ বিধায়ক চক্ৰধৰ গগৈৰ

অসমৰ শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুৰ কাৰ্যালয়ত সাক্ষাৎ কৰি মৰাণ সমষ্টিৰ শিক্ষা আৰু শৈক্ষিক অনুষ্ঠানৰ সমস্যা সম্পৰ্কে আলোচনা কৰি বিভিন্ন বিষয় সম্বলিত এখনি স্মাৰকপত্ৰ প্ৰদান কৰে মৰাণৰ বিধায়ক গৰাকীয়ে ।

দলগাঁৱত দুটাকৈ অবৈধ কাঠ ফলা মেচিন জব্দ

চোৰাং কাঠ সৰবৰাহৰ বিৰুদ্ধে দলগাঁৱত (Dalgaon) বন বিভাগৰ তীব্ৰ অভিযান ৷ উক্ত অভিযানত দলগাঁৱৰ বেচিমাৰী আৰু বাৰৈপাৰা গাঁৱত অবৈধভাবে চলি থকা দুটাকৈ কাঠ ফলা মিল জব্দ (Seized) কৰে বন বিভাগে ৷

ABOUT THE AUTHOR

...view details