উচ্চ ন্যায়ালয়ৰ স্থগিতাদেশ: থানাই পঞ্জীয়ন কৰিব নোৱাৰিব মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গোচৰ
শুকুৰবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে দাখিল কৰা এজেহাৰৰ ভিত্তিত (Case against CM Himanta Biswa Sarma) কামৰূপ মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতে জাৰি কৰা এটা নিৰ্দেশৰ ক্ষেত্ৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে শুকুৰবাৰে স্থগিতাদেশ জাৰি কৰিছে । কেৱল স্থগিতাদেশ জাৰি কৰাই নহয়, মুখ্যমন্ত্ৰী গৰাকীৰ বিৰুদ্ধে ইতিমধ্যে এখন এজাহাৰ দাখিল কৰা কংগ্ৰেছ সাংসদ আব্দুল খালেকলৈও উচ্চ ন্যায়ালয়ে জাননী জাৰি কৰে ।
কংগ্ৰেছৰ দিন বেয়া; জনপ্ৰিয়তা হেৰুৱাইছে নেকি ৰকিবুল হুছেইনেও !
পৌৰসভা নিৰ্বাচনৰ ফলাফলক লৈ হতাহগ্ৰস্ত বহু নিষ্ঠাবান কংগ্ৰেছ কৰ্মী । ৰাজ্যখনৰ লগতে গেৰুৱাময় হৈ পৰিল সমগ্ৰ নগাঁও । ২৬ টাকৈ ৱাৰ্ডেৰে গঠিত নগাঁও পৌৰসভাৰ ২৫ ৱাৰ্ডেই দখল কৰিবলৈ সক্ষম হৈছে বিজেপি, অগপ মিত্ৰজোঁটে (Nagaon municipality election)। প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ বিৰোধী দলৰ উপ-দলপতি ৰকিবুল হুছেইনে উদ্ধাৰ কৰিব নোৱাৰিলে নিজৰ গৃহ ৱাৰ্ডৰ দলীয় প্ৰাৰ্থীকো ।
Guwahati Gang rape : গুৱাহাটীৰ গাড়ীগাঁৱত পাঁচ যুৱকৰ কামনাৰ বলি কিশোৰী
মহানগৰীৰ গাড়ীগাঁৱত জঘন্য ধৰ্ষণকাণ্ড (Gang rape in Guwahati) ৷ পাঁচ যুৱকৰ কামনাৰ বলি হ’ল এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰী ৷ পাণবজাৰ মহিলা আৰক্ষী থানাত গোচৰ ৰুজু ৷
পৌৰ নিৰ্বাচনৰ ফলাফলত চাঞ্চল্য: ৰাজ্যৰ মুছলমান ভোটাৰ বিজেপিৰ পক্ষত
মুছলমান ভোটাৰ অধ্যূষিত অসমৰ বহুকেইখন পৌৰসভা অনায়াসে বিজেপিয়ে দখল কৰিবলৈ সক্ষম হ'ল । মুছলমান ভোটাৰ কংগ্ৰেছ নাইবা এ আই ইউ ডি এফৰ পক্ষতহে থাকে বুলি যি ৰাজনৈতিক ধাৰণা আছিল সেই ধাৰণাকো মিছা প্ৰমাণিত কৰি বহুকেইখন পৌৰসভাত কংগ্ৰেছ বা এ আই ইউ ডি এফে এখনো আসন দখল কৰিব নোৱাৰিলে । সংখ্যালঘু ভোটাৰে হিয়া উজাৰি বিজেপিৰ পক্ষত ভোট দি বিজেপিৰ জোলোঙা ভৰাই পেলালে (Minority votes to BJP)।
Murder in Kokrajhar: কোকৰাঝাৰত শিক্ষকক নৃশংসভাৱে হত্যা
কোকৰাঝাৰত চাঞ্চল্যকৰ ঘটনা ৷ ক্ষত-বিক্ষত অৱস্থাত উদ্ধাৰ এজন শিক্ষকৰ মৃতদেহ (Brutal murder in Kokrajhar)৷ শিক্ষকজনক অতি নৃশংসভাৱে হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ ৰাইজৰ ৷ দোষীক বিচাৰি কঠোৰ শাস্তি দিয়াৰ দাবী দল সংগঠনৰ ৷