পুনৰ কাগজ কল দুটাৰ মূল্য ৩৭৫ কোটি টকালৈ হ্ৰাস
প্ৰথমবাৰ নিবিদাত কাগজ কলৰ মূল্য নির্ধাৰণ কৰা হৈছিল ১,১৩৯ কোটি টকা । তিনিগুণলৈ হ্রাস কৰা হ'ল কাগজ কল দুটাৰ নিলাম মূল্য (Auction price of paper mills reduced)। লিকুইডেটৰে পুনৰ জাৰি কৰিলে জাননী । ৮ মার্চত হ'ব নিলাম প্ৰক্ৰিয়া । পাঁচ মাহে মুকলি কৰি নিদিলে কর্মচাৰীসকলৰ বাবে ঘোষণা কৰা ৫৭০ কোটি টকা । ৬১ মাহে দৰমহা নাই । ভয়াৱহ আৰ্থিক সংকটৰ বাবে চিকিৎসাৰ পৰা বঞ্চিত হৈ ১০০ গৰাকী কৰ্মচাৰীৰ অকাল মৃত্যু ।
Russia-Ukraine crisis : পুনৰ ইউক্ৰেইনৰ পৰা মাতৃভূমি পালেহি ছয় অসমীয়া শিক্ষাৰ্থী
ৰাছিয়া ইউক্ৰেইনৰ সংকটৰ মাজতে (Russia Ukraine crisis) ইউক্ৰেইনত আৱদ্ধ ভাৰতীয় লোকক উদ্ধাৰৰ বাবে অভিযান আৰম্ভ কৰিছে কেন্দ্ৰীয় চৰকাৰে । দেওবাৰে দুপৰীয়া পৰ্যন্ত যুদ্ধ জৰ্জৰ ইউক্ৰেইন এৰি নিৰাপদে আহি ভাৰতত অৱতৰণ কৰে অসমৰ ছয়গৰাকী শিক্ষাৰ্থীয়ে ৷
Russia Ukraine conflict:২৫০ জন ভাৰতীয় নাগৰিকক লৈ ইউক্ৰেইনৰ পৰা ভাৰতত উপস্থিত AIR Indiaৰ বিমান
যুদ্ধবিদ্ধস্ত ইউক্ৰেইনত আৱদ্ধ ভাৰতীয়সকলক উদ্ধাৰৰ প্ৰচেষ্টা বৰ্তমানো অব্যাহত। ইয়াৰ মাজতেই ২৫০ জন ভাৰতীয় নাগৰিকক লৈ ইউক্ৰেইনৰ পৰা ভাৰতত উপস্থিত AIR Indiaৰ বিমান। হাংগেৰিৰ ৰাজধানী বুদাপেষ্টৰ পৰা AIR Indiaৰ IA1940 ৰ তৃতীয়খন বিমানো দেওবাৰেই দিল্লীলৈ ওভতাৰ সম্ভাৱনা। 'অপাৰেচন গংগা'ৰ জড়িয়তে (Operation Ganga) ইউক্ৰেইনত আৱদ্ধ ভাৰতীয়ক ঘুৰাই অনাৰ প্ৰচেষ্টা বৰ্তমানো অব্য়াহত।
Jumma Namaj : নামজৰ নামত প্রকৃততে কোনে বদনামী কৰিলে জুৰীয়াক ?
মদিনাৰ ইমামৰ উপস্থিতিত জুম্মাৰ নামাজ অনুষ্ঠিত হোৱাৰ নামত একগোট হোৱা কেইবালক্ষাধিক ইছলাম ধৰ্মাৱলম্বী লোকক কোনে কৰিলে প্ৰতাৰণা ? কাৰ স্বাৰ্থ সিদ্ধিৰ বাবে বদনামী হ'ল জুৰীয়াবাসী (Juria Jumma Namaj controversy) ? মদিনাৰ ইমাম অবিহনেই জুম্মাৰ নামাজ আদায়ৰ পিছত সন্ধিয়া জুৰীয়াত উপস্থিত হোৱা মৌলবীগৰাকী প্ৰকৃততে কোন ? মৌলবীক লৈ সন্দেহ বিধায়ক আমিনুল ইছলামৰ । ঘটনাক লৈ জুৰীয়া আৰক্ষী থানাত এজাহাৰ বিধায়ক আমিনুল ইছলামৰ । কিয় নিমাত হৈ আছিল বিধায়ক নুৰুল হুদা ? সকলো সামৰি ই টি ভি ভাৰতৰ এক বিশেষ প্ৰতিবেদন ৷
Russia Ukraine crisis: ৰাছিয়াই দিয়া আলোচনাৰ প্ৰস্তাৱ কিয় নাকচ কৰিলে ইউক্ৰেইনে ?
ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধৰ মাজতে এক গুৰুত্বপূৰ্ণ খবৰ । ৰাছিয়াই আলোচনাৰ বাবে পুনৰ ইউক্ৰেইনক প্ৰস্তাৱ দিছে (Russia proposes Ukraine again for talks)। কিন্তু ৰাছিয়াৰ এই প্ৰস্তাৱক কিয় নাকচ কৰিলে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে ?