Crude Oil Production in Assam: অসমত উদ্বেগজনকভাৱে হ্ৰাস পাইছে খাৰুৱা তেলৰ উৎপাদন
২০১৯-২০ বৰ্ষৰ পৰা ধাৰাবাহিকভাৱে অসমত খাৰুৱা তেলৰ উৎপাদন হ্ৰাস পাবলৈ আৰম্ভ কৰিছে (Crude oil production in Assam)। খাৰুৱা তেলৰ উৎপাদন হ্ৰাস পোৱাৰ লগে লগে ৰাজ্যখনে তেলৰ পৰা প্ৰতি বছৰে লাভ কৰি অহা ৰয়েল্টিৰ পৰিমাণো হ্ৰাস পাইছে । ২০১৮-১৯ বিত্তীয় বৰ্ষত খাৰুৱা তেলৰ ৰয়েল্টি হিচাপে অসমে লাভ কৰা ধনৰ পৰিমাণ আছিল ২৩২৬.৪৫ কোটি টকা । ২০১৯-২০ বিত্তীয় বৰ্ষত হ্ৰাস পালে ২০৬৯.৯৫ কোটি টকালৈ । ২০২০-২১ বিত্তীয় বৰ্ষত ৰয়েল্টিৰ নামত পালে ১৩৩৭.৩৮ কোটি টকা ।
বিহুৰ উচাহৰ মাজতে ডাঙৰ খবৰ: বৰপেটা আৰক্ষীৰ জালত ৬ জেহাদী
নামনি অসমত খোপনি পুতিছে অল-কায়দাই । বৰপেটাৰ লগতে সমগ্ৰ নামনি অসমতে জেহাদীৰ দলে পেলাইছে জাল (Jihadi network in lower Assam) । ইয়াৰ মাজতে বৰপেটা আৰক্ষীৰ জালত পৰিল ৬ জেহাদী ( jihadi members arrested in Barpeta) ।
Harbhajan Singh as MP: কৃষকৰ কন্যা সন্তানলৈ আগবঢ়াব দৰমহাৰ ধন
ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পাছতে প্ৰাক্তন ক্ৰিকেটাৰ হৰভজন সিঙে ল’লে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷ যি সিদ্ধান্ত সামাজিক মাধ্যমযোগে প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে প্ৰকাশ কৰিছে ৷ কৃষকসকলৰ কণ্যা সন্তানৰ শিক্ষা আৰু কল্যাণৰ বাবে তেওঁ ৰাজ্যসভাৰ সাংসদ হিচাপে পাবলগীয়া দৰমহা ব্যয় কৰিব (Harbhajan Singh will spend salary for farmers daughter)।
কিমান উপাৰ্জন কৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি উপ-ৰাষ্ট্ৰপতিয়ে ?
আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ’ বাইডেন আৰু তেওঁৰ পত্নী জিলে হোৱাইট হাউচত তেওঁলোকৰ প্ৰথম বছৰত ভাৰতীয় মুদ্ৰা অনুসৰি ৪.৬৬ কোটি টকা উপাৰ্জন কৰিছিল আৰু কৰ হিচাপে ১.১৪ কোটি টকা পৰিশোধ কৰিছিল । উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছ আৰু তেওঁৰ স্বামী ডগ এমহফে 2021 চনত ১২.৬৩ কোটি টকা উপাৰ্জন কৰিছিল আৰু ৩.৯৯ কোটি টকাকৰ পৰিশোধ কৰিছিল । অৱশ্যে, নিউয়ৰ্ক টাইমছৰ মতে, প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে হোৱাইট হাউচত তেওঁৰ প্ৰথম বছৰত মাত্ৰ 57,249 টকাহে উপাৰ্জন কৰিছিল ।
পাঞ্জাৱৰ প্ৰতিটো পৰিয়াললৈ বিনামূলীয়াকৈ ৩০০ ইউনিট বিদ্যুৎ
পাঞ্জাৱৰ বিধানসভা নিৰ্বাচনত (Punjab assembly election 2022) আম আদমি পাৰ্টীৰ মুখ্য প্ৰতিশ্ৰুতি আছিল ৰাজ্যখনৰ প্ৰতিটো পৰিয়াললৈ বিনামূলীয়া ৩০০ ইউনিট বিদ্যুৎ । এই প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ সাজু হৈছে পাঞ্জাৱ চৰকাৰ । ৰাজ্যজুৰি তীব্ৰ কৌতূহল ।