নিজৰ মাজতে অৰিয়াঅৰি; সন্দেহৰ অগনিয়ে দহিছে বিৰোধী ঐক্য
যোৱা 31 মাৰ্চত অসমৰ দুখন আসনৰ বাবে অনুষ্ঠিত হোৱা ৰাজ্যসভা নিৰ্বাচনৰ পাচত ৰাজ্যত এতিয়া নিজৰ মাজতেই আৰম্ভ হৈছে বিৰোধীৰ কন্দল (Opposition clash in Assam) ৷ বিৰোধী শিবিৰত উভয়ৰে উভয়ৰ প্ৰতি মনত সন্দেহভাৱ জাগ্ৰত হ’ল ৷ সন্দেহৰ জুইকুৰাত বিজেপি বিধায়কে কৰা মন্তব্যসমূহে ঘিঁউৰ কাম কৰিলে ৷ কংগ্ৰেছ, এআইইউডিএফ উভয়েই এতিয়া প্ৰতিবাদ আৰম্ভ কৰিছে নিজৰ মাজত ৷
Birbhum killings : গ্ৰেপ্তাৰ হোৱা 9 জনৰ ফৰেনচিক মনস্তাত্ত্বিক মূল্যায়ন কৰিব চিবিআয়ে
পশ্চিমবংগৰ বীৰভূম হত্যাকাণ্ডৰ(Birbhum killings) তদন্ত অব্যাহত ৰাখিছে চিবিআয়ে ৷ চিবিআয়ে গ্ৰেপ্তাৰ কৰা 9 জন অভিযুক্তৰ ফৰেনচিক মনস্তাত্ত্বিক মূল্যায়ন(CBI to conduct forensic psychological assessment in Birbhum killings) কৰাৰ সিদ্ধান্ত লৈছে ৷ তদুপৰি নৰসংহাৰৰ সময়ত মৃত্যু হোৱা আন আঠজন লোকৰ নমুনাও DNA পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হ’ব ৷
তেজপুৰত উদ্ধাৰ 8 টাকৈ শিশু শ্ৰমিক
একাংশ ব্যৱসায়িক প্ৰতিষ্ঠানে শিশুসকলক শ্ৰমিক হিচাপে ব্যৱহাৰ কৰি অহাৰ কথা পোহৰলৈ আহিছে ৷ সমাজ কল্যাণ বিভাগৰ অভিযানত তেনে 8 টাকৈ শিশুক উদ্ধাৰ কৰা(Eight child labours rescued) হৈছে তেজপুৰৰ পৰা ৷
ভাৰতত দেখা গ’ল ৰমজানৰ চন্দ্ৰ : আজিৰে পৰা পবিত্ৰ ৰোজা
শনিবাৰে সন্ধিয়া ভাৰতত প্ৰত্যক্ষ কৰা হয় ৰমজানৰ প্ৰথমটো চন্দ্ৰ(Ramzan started from Saturday in India) ৷ উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌত দেখা যায় ৰমজানৰ চন্দ্ৰ ৷
Paddy seeds production in Assam : ধানৰ বীজ উৎপাদনত স্বাৱলম্বী হৈছে অসম
বহিঃৰাজ্যৰ পৰা ধানৰ বীজ ক্ৰয় কৰা প্ৰক্ৰিয়া বন্ধ (Assam stops procurement of paddy seeds from outside)। লগতে বন্ধ হ'ল চিণ্ডিকেট । ধানৰ বীজ উৎপাদনৰ ক্ষেত্ৰ ৰাজ্যখনৰ কেইবাখনো জিলালৈ সম্প্ৰসাৰিত হৈছে । ৰাজ্যখনত প্ৰতি বছৰে প্ৰয়োজন হয় প্ৰায় ৩৮,০০০ মেট্ৰিকটন ধানৰ বীজ । এইবাৰ প্ৰায় ৩১-৩২ হাজাৰ মেট্ৰিকটন বীজ উৎপাদনৰ লক্ষ্য ।