অসম

assam

ETV Bharat / city

5 বজাৰ শীৰ্ষ 10 টা বাতৰি - top ten at 5

5 বজাৰ শীৰ্ষ 10 টা বাতৰি

top-ten-at-5
5 বজাৰ শীৰ্ষ 10 টা বাতৰি

By

Published : Mar 12, 2022, 5:08 PM IST

লখিমপুৰ খেৰী ঘটনাৰ পুনৰাবৃত্তি : জনতাৰ ওপৰেদি গাড়ী চলালে বিধায়কে

কেন্দ্ৰীয় গৃহ ৰাজ্যিক মন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰই কেইমাহমান আগতে উত্তৰ প্ৰদেশৰ লখিমপুৰত কৃষকসকলৰ ওপৰত এখন গাড়ী চলাই নিয়াৰ অভিযোগ উত্থআপিত হৈছিল ৷ এইবাৰ লখিমপুৰ খেৰী ঘটনাৰ পুনৰাবৃত্তি ঘটিল ওড়িশাত (repeat of Lakhimpur Kheri incident in Odisha) । ভিৰৰ মাজত বাহন চলাই নিলে বিধায়ক প্ৰশান্ত জগদেৱে ৷

ৰাজ্যসভাৰ আসনখন আমাক দিয়ক : ছোনিয়াক আৰ্জি জনাবলৈ দিল্লীলৈ টীম আজমল

শনিবাৰে দিল্লীলৈ ৰাওনা হৈছে বদৰুদ্দিন আজমলৰ নেতৃত্বত এআইইউডিএফ-ৰ তিনিজনীয়া এটা প্ৰতিনিধি দল । আজমলৰ উপৰিও দিল্লীলৈ যাত্ৰা কৰা এই দলটোৰ আন দুগৰাকী প্ৰতিনিধি হ'ল এআইইউডিএফ-ৰ মানকাচৰৰ বিধায়ক আমিনুল ইছলাম আৰু সোণাইৰ বিধায়ক কৰিমুদ্দিন বৰভূঞা । দলটোৰ লক্ষ্য ৰাজ্যসভাৰ নিৰ্বাচন সন্দৰ্ভত কংগ্ৰেছ হাইকমাণ্ডৰে আলোচনা ৷

শিলিগুৰিত নাহৰফুটুকীৰ মাংসৰে পিকনিক : ছ’চিয়েল মিডিয়াত ভাইৰেলৰ পিছতে গ্ৰেপ্তাৰ ৩

প্ৰথমে হত্যা আৰু তাৰপিছত নাহৰফুটুকীৰ মাংসৰে বনভোজ (Leopard killed in Siliguri) ৷ মূহুৰ্ততে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিল ফটো ৷ ইয়াৰ পাছতেই অভিযান আৰক্ষী, বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ শাখাৰ লগতে সশস্ত্ৰ সীমা বলৰ ৷ ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ তিনিজন লোক ৷ কিন্তু ইয়াৰ পাছতেই পোহৰলৈ আহে প্ৰকৃত তথ্য ৷ ছ’চিয়েল মিডিয়াত ফটো ভাইৰেল কৰাতো বন বিভাগ তথা আৰক্ষীৰ চকুত ধূলি দিয়াৰ ষড়যন্ত্ৰহে আছিল ৷ চাওঁক ইয়াৰ আঁৰৰ কাৰণ কি ?

বিজেপিত ১ নম্বৰৰ পৰা ১০ নম্বৰলৈ সকলোতে কেৱল মোডী : মুখতাৰ আব্বাছ নাকভি

গুৱাহাটীত কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী তথা ৰাজ্যসভাৰ উপ-দলপতি মুখতাৰ আব্বাছ নাকভি (Minister Mukhtar Abbas Naqvi at Guwahati)। তেওঁৰ মতে মোডীৰ নেতৃত্বক লৈ বিজেপিত কাৰো কোনো দ্বিমত নাই তথা কোনো বিতৰ্ক নাই । নৰেন্দ্ৰ মোডী শীৰ্ষ আৰু জনপ্ৰিয় নেতা । বিজেপিৰ নীতি তথা মোডীৰ নীতি অসমতো প্ৰযোজ্য ।

নাৰায়ণপুৰ বিজেপিয়ে গঠন কৰিব পৌৰসভা

নাৰায়ণপুৰৰ নিৰ্দলীয় প্ৰার্থী হৰি চন্দ্ৰক আৰু জয়ামাই দেউৰী, কংগ্ৰেছ দলৰ মায়া চন্দ্ৰক আৰু পল্লৱী হাজৰিকা বনিয়াই যোগদান কৰে বিজেপি দলত ৷ ইয়াৰ লগতে নাৰায়ণপুৰত বিজেপিৰ নেতৃত্বত পৌৰসভা গঠন হোৱাটো নিশ্চিত(BJP to form Municipality board in Narayanpur) । গুৱাহাটী পৌৰ নিগম নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধি সাজু হৈছে বিজেপি ৷

নিকিতা দত্তৰ সৈতে বিয়াত বহিব জুবিন !

গায়ক জুবিন নৌটিয়ালৰ বিয়া ! নানান সুমধুৰ গানেৰে শ্ৰোতাক আপ্লুত কৰা সুন্দৰ সুঠাম চেহেৰাৰ গায়ক জুবিন নৌটিয়াল বৰ্তমান প্ৰেমত হাবু-ডুবু (Jubin nautiyal love life) ৷ জুবিন নৌটিয়ালৰ কোন এই অভিনেত্ৰী প্ৰেমিকা ?

বিজেপি বিৰোধী 11 টা ৰাজনৈতিক দলৰ গুৱাহাটীত প্ৰতিবাদ

16 মাৰ্চত বিজেপি বিৰোধী 11 টা ৰাজনৈতিক দলে গুৱাহাটীত (Eleven anti BJP political parties protest in Guwahati on March 16) প্ৰতিবাদ সাব্যস্ত কৰিব ৷ শুকুৰবাৰে এক সংবাদমেলযোগে এই কথা সদৰি কৰে 11 টাকৈ ৰাষ্ট্ৰীয়-আঞ্চলিক ৰাজনৈতিক দলে ৷ এই সংবাদমেলতে মুখ্যমন্ত্ৰীক মাটি লুভীয়া মানুহ আখ্যা মনজিৎ মহন্তৰ ৷

নাটো আৰু ৰাছিয়াৰ মাজৰ প্ৰত্যক্ষ সংঘৰ্ষ হ’ব তৃতীয় বিশ্বযুদ্ধ : বাইডেন

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে একপ্ৰকাৰ দাবী কৰি কৈছিল যে, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু নাটো মিত্ৰশক্তিয়ে ইউক্ৰেইনত ৰাছিয়াৰ বিৰুদ্ধে যুঁজ নিদিয়ে ৷ কিয়নো নাটো আৰু ৰাছিয়াৰ মাজত পোনপটীয়া সংঘৰ্ষৰ অৰ্থ হ'ব তৃতীয় বিশ্বযুদ্ধ (Direct conflict between NATO and Russia would be World War III), যাক প্ৰতিৰোধ কৰা উচিত ।

মহিলাসকলৰ আর্থ সামাজিক উন্নয়নত চৰকাৰে সৰ্বাধিক অগ্ৰাধিকাৰ প্ৰদান কৰিছে : ৰণজিৎ দাস

৭৫ গৰাকী মহিলা হিতাধিকাৰীক সম্বর্ধনা (Minister Ranjeet Kumar Dass felicitates women beneficiaries) মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ । আত্মসহায়ক গোটসমূহক অধিক সক্ৰিয় আৰু উৎপাদনমুখী কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে চৰকাৰে । ৰাজ্যত তিনি লাখ মহিলা আত্মসহায়ক গোটৰ সৰ্বমুঠ ৩০ লাখ সদস্যা আছে । এই আত্মসহায়ক গোটৰ প্ৰতিগৰাকী সদস্যৰে আয় বছৰত ১ লাখ টকালৈ পর্যায়ক্ৰমে বৃদ্ধি কৰিবৰ বাবে প্ৰচেষ্টা চলোৱা হৈছে ।

Encounter at Kashmir : কাশ্মীৰত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত ৪ সন্ত্ৰাসবাদী নিহত

সন্ত্ৰাসবাদীৰ বিৰুদ্ধে জম্মু-কাশ্মীৰৰ কেইবাটাও স্থানত আৰক্ষীৰ অভিযানত । অভিযানত ৪ জনকৈ সন্ত্ৰাসবাদীৰ মৃত্যু (Four militants killed in Kashmir) । সন্ত্ৰাসবাদীকেইজন জৈইচ-ই-মহম্মদ (JeM) আৰু লস্কৰ-ই-তৈবা (LeT) সংগঠনৰ বুলি জানিব পৰা গৈছে ।

ABOUT THE AUTHOR

...view details