ICC Women's World Cup : ভাৰতৰ হাতত 107 ৰাণৰ বিশাল ব্যৱধানত পৰাস্ত পাকিস্তান
ICC Women's World Cup ৰ 50 অভাৰৰ মেচত ভাৰতৰ সাফল্য (India beat Pakistan by 107 runs) ৷ ভাৰতীয় বলাৰৰ আক্ৰমণাত্মক বলিঙত ধৰাশায়ী পাকিস্তান ৷ ভাৰতৰ হৈ ৰাজেশ্বৰী গায়কোৱাডে 4 টা, ঝুলন গোস্বামীয়ে 2 টা আৰু স্নেহৰাণাই দখল কৰে 2 টাকৈ উইকেট ৷
Operation Ganga : স্বদেশলৈ আহিল নলবাৰী, নগাঁও, গুৱাহাটীৰ ছয় শিক্ষাৰ্থী
ৰাছিয়া ইউক্ৰেইনৰ সংঘৰ্ষ (Russia Ukraine War) ম্লান পৰা নাই । ইয়াৰ মাজতে ভাৰত চৰকাৰে আৱদ্ধ ভাৰতীয় নাগৰিকসকলক উদ্ধাৰৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে । অপাৰেশ্যন গংগাৰ অধীনত ইতিমধ্যে কেইবাহাজাৰ শিক্ষাৰ্থী উভতি আহিবলৈ সক্ষম হৈছে । দেওবাৰে অসমৰ ৬ গৰাকী শিক্ষাৰ্থীও দিল্লীত আহি উপস্থিত হয় । এতিয়ালৈ অসমৰ ৯৫ গৰাকী শিক্ষাৰ্থীক সুকলমে মাতৃভূমিলৈ ঘূৰাই অনা হৈছে ।
আন এক অভিলেখৰ দিশে আগবাঢ়িছে ৰবি চন্দ্ৰন অশ্বিন
টেষ্টত ৰবি চন্দ্ৰন অশ্বিনৰ বলিঙৰ যাদু অব্যাহত আছে । শ্ৰীলংকাৰ বিৰুদ্ধে প্ৰথম টেষ্টত (India vs Sri Lanka test series) অল ৰাউণ্ডাৰ অশ্বিনে গঢ়িব আন এক অভিলেখ । আৰু মাত্ৰ এটা উইকেট দখল কৰাৰ পাছতে দীঘলীয়া ফৰ্মেটত ভাৰতৰ দ্বিতীয় সৰ্বাধিক উইকেট সংগ্ৰহকাৰী বলাৰ হিচাপে অভিলেখ ৰচিব অশ্বিনে ।
প্ৰখ্যাত মহিলা ক্ৰিকেটাৰ মিতালী ৰাজৰ নতুন অভিলেখ
ক্ৰিকেটৰ ক্ষেত্ৰখনত অগাধ দখল থকা মিতালী ৰাজে গঢ়িলে আন এক নতুন ৰেকৰ্ড (Mithali Raj record ) । ছয়খন এদিনীয়া বিশ্বকাপত খেলা তৃতীয়গৰাকী ক্ৰিকেটাৰৰ কৃতিত্ব অৰ্জন মিতালী ৰাজৰ ।
৫ ৰ পৰা ৮ শতাংশলৈ বৃদ্ধি হ’ব পাৰে জি এচ টিৰ নিম্নতম শ্লেব
জিএছটি পৰিষদে হ’বলগীয়া পৰৱৰ্তী বৈঠকত (Next session of GST council) সৰ্বনিম্ন কৰ ৫ শতাংশৰ পৰা ৮ শতাংশলৈ বৃদ্ধি কৰাৰ সম্ভাৱনা আছে । লগতে ৰাজহ বৃদ্ধি আৰু ক্ষতিপূৰণৰ বাবে কেন্দ্ৰৰ ওপৰত ৰাজ্যসমূহৰ নিৰ্ভৰশীলতা দূৰ কৰাৰ বাবে চলিত থকা জিএছটি ৰেহাই তালিকাৰ পৰা কিছু সামগ্ৰী কৰ্তন কৰাৰ কথা বিবেচনা কৰিব পাৰে । জিএছটি পৰিষদে মাৰ্চ মাহৰ শেষৰ ফালে বা এপ্ৰিল মাহৰ আৰম্ভণিতে বৈঠকত মিলিত হোৱাৰ সম্ভাৱনা আছে ।