অসম

assam

ETV Bharat / city

5 বজাৰ শীৰ্ষ দহটা বাতৰি - undefined

5 বজাৰ শীৰ্ষ দহটা বাতৰি

top-ten-at-5-pm
5 বজাৰ শীৰ্ষ দহটা বাতৰি

By

Published : Jun 22, 2022, 5:18 PM IST

মহাৰাষ্ট্ৰৰ বিধায়কৰ দল হোটেলত থাকিলে আমাৰ চৰকাৰে GST পাব: মুখ্যমন্ত্ৰী

মুখ্যমন্ত্ৰীৰ মন্তব্য - মই বিচাৰো আৰু মানুহ বিভিন্ন ৰাজ্যৰ পৰা বা বিদেশৰ পৰা অসমলৈ আহক ৷ হোটেলত থাকক ৷ বানপানীৰ এই জটিল সময়ত চৰকাৰৰ হাতলৈ অলপ ৰাজহ আহিব ৷ ঘৰলৈ লক্ষ্মী আহিছে ৷ ঘৰলৈ অহা লক্ষ্ণীক ঘুৰাই পঠিয়াব নাপায় ৷

গুৱাহাটীলৈ আহি আছে আৰু 5 বিসম্বাদী বিধায়ক

মুহুৰ্তে মুহুৰ্তে পৰিবৰ্তন হৈছে মহাৰাষ্ট্ৰৰ ৰাজনৈতিক দৃশ্যপট ৷ বুধবাৰে বিয়লি 5 বজাত পুনৰ বিসম্বাদী বিধায়কৰ পাচঁজনীয়া দল এটা আহি গুৱাহাটীত উপস্থিত হ'ব ৷ চাৰ্টাৰ্ড বিমানযোগে এই পাচঁজনীয়া দলটো আজি বিয়লি আহি বৰঝাৰত উপস্থিত হোৱাৰ কথা ৷

থৰক বৰক মহাৰাষ্ট্ৰৰ চৰকাৰ : পদত্যাগ কৰিব নেকি উদ্ধৱ ঠাকৰেয়ে ?

শিৱসেনাৰ নেতা একনাথ চিন্দেৰ বিদ্ৰোহী মনোভাৱৰ পাছত মহাৰাষ্ট্ৰৰ ৰাজনৈতিক ক্ষেত্ৰখনক উত্তপ্ত কৰি তুলিছে(Maharashtra political crisis) ৷ গভীৰ সংকটত পৰিছে উদ্ধৱ ঠাকৰেৰ চৰকাৰ । এনে সময়তে মহাৰাষ্ট্ৰৰ বিধানসভা ভংগ হোৱাৰ ইংগিত দিছে শিৱসেনাৰ নেতা তথা ৰাজ্যসভাৰ সাংসদ সঞ্জয় ৰাউতে(Dissolution of Maha government) ৷ আনহাতে শিৱসেনাৰ মন্ত্ৰী একনাথ চিন্দেয়ে বিসম্বাদী প্ৰায় 40 জন বিধায়কক লৈ ইতিমধ্যে অসমত আশ্ৰয় লৈছে ।

অগ্নিপথক লৈ শিৱসাগৰত মুখ খুলিলে যুৱ কংগ্ৰেছৰ সভানেত্ৰীয়েে

শিৱসাগৰত প্ৰদেশ যুৱ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্তৰ সংবাদমেল ৷ অগ্নিবীৰ সকলে চাৰি বছৰ সেনাবাহিনীত চাকৰি কৰাৰ পাছত এই সকল যুৱক-যুৱতীয়ে কোনো কোম্পানীত সুৰক্ষা কৰ্মীৰ কাম কৰিব নেকি বুলি প্ৰশ্ন অংকিতা দত্তৰ ৷

বান সাহাৰ্য আনিবলৈ যোৱা দৰিদ্ৰ যুৱকক মাৰধৰ

বৰপেটাৰ সৰুক্ষেত্ৰীৰ ভকুৱাটেপাতত বান সাহাৰ্য আনিবলৈ যোৱা এজন যুৱকক একাংশ লোকে গুৰুলা-গুৰুলকৈ প্ৰহাৰৰ অভিযোগ ৷ ন্যায় প্ৰাপ্তিৰ দাবী ভুক্তভোগী পৰিয়ালৰ ৷

Maharashtra Crisis: দলত্যাগবিৰোধী আইনৰ পৰা বাচিবলৈ সিন্দেক প্ৰয়োজন আৰু ৫ শিৱসেনা বিধায়কৰ

একনাথ সমৰ্থক এমএলএৰ ফটো কৌশলে নতুন চৰকাৰ গঠনত গতি প্ৰদান কৰিছে। কিন্তু এতিয়াও দলত্যাগবিৰোধী আইনৰ পৰা নিজকে বচাবলৈ ৫ জন বিধায়ক কমকৈ আছে সিন্দেৰ ফৈদত (5 MLA short to save anti-defection act) ।

গুৱাহাটীত মহাৰাষ্ট্ৰৰ বিধায়কৰ হোটেল পলিটিক্সক লৈ ভূপেন বৰাৰ কটাক্ষ

প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে এক টুইট যোগে কয়- মহাৰাষ্ট্ৰৰ বিধায়কক ৰাজআতিথ্য দিয়াৰ সামৰ্থ আছে, কিন্তু লাখ লাখ বানাক্ৰান্ত ৰাইজৰ আৰ্তনাদ আৰু দুখীয়াৰ চকুলো মচিবলৈ সম্পূৰ্ণ অসমৰ্থ অসমৰ মুখ্যমন্ত্ৰী ৷

New Chairman of KAAC : কাৰ্বি আংলং স্বায়ত্ত্ব পৰিষদৰ অধ্যক্ষ পদত ৰাজু তিছ'

কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ পদত নিৰ্বাচিত হ'ল ১৪ নং কৰকাণ্ঠি পৰিয়দীয় সমষ্টিৰ নিৰ্বাচিত সদস্য ৰাজু তিছ' (Raju Tisso elected as chairman of KAAC) ৷ বুধবাৰে কাৰ্বি আংলং স্বায়ত্ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পদৰ বাবে মনোনয়ন দাখিল কৰে তুলিৰাম ৰংহাঙে । নতুন অধ্যক্ষ ৰাজু তিছ'ক অভিনন্দন পৰিষদৰ সদস্যসকলৰ ।

চতিয়াত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ঘিলাধাৰী পকী দলংত বৃহৎ ফাঁট

বিশ্বনাথৰ চতিয়াৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ঘিলাধাৰী পকী দলঙত বৃহৎ ফাঁট( Huge crack in pavi bridge) ৷ যাতায়ত ব্যৱস্থা ব্যাহত ৷

Maharashtra political crisis : সঞ্জয় ৰাউতৰ টুইটে দিছে চৰকাৰ ভংগৰ ইংগিত

"মহাৰাষ্ট্ৰত চলি থকা ৰাজনৈতিক সংকটত বিধানসভা ভংগ হোৱাৰ দিশে আগবাঢ়িছে’’(Maharashtra political crisis) । টুইটযোগে এই ইংগিত দিলে সঞ্জয় ৰাউতে ৷

For All Latest Updates

ABOUT THE AUTHOR

...view details