মোডীৰ অসম প্ৰীতি: বানৰ ক্ষতিপূৰণৰ নামত ১০১৮ কোটি টকাৰ বিপৰীতে দিলে ৫১.৫৩ কোটি টকা
2021-22 চনত বানত হোৱা ক্ষয়ক্ষতিৰ বাবে অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ পৰা 1,018.19 কোটি টকাৰ সহায় বিচাৰি আবেদন জনাইছিল (Assam government asking flood aid) । পিছে কেন্দ্ৰই বানৰ ক্ষতিপূৰণৰ বাবে আবেদন জনোৱা পুঁজিৰ মাত্ৰ 5 শতাংশহে আবণ্টন দিছে ৷ ইফালে গুজৰাট, কৰ্ণাটক, মধ্যপ্ৰদেশ, বিহাৰ, পশ্চিমবংগক দিছে বৃহৎ পৰিমাণৰ পুঁজি ।
আগন্তুক নিৰ্বাচনৰ বাবে বিজেপিয়ে কঁকালত টঙালি বান্ধিছে
যোৱা নিৰ্বাচনসমূহত পৰাজয়ৰ পাছত দুখৰ সাগৰৰ পৰা ওলাই আহিব পৰা নাই বিৰোধী । আনহাতে ইয়াৰ সুযোগ লৈছে শাসকীয় বিজেপিয়ে । কেন্দ্ৰত থকা বিজেপিয়ে ইতিমধ্যে আগন্তুক নিৰ্বাচনসমূহলৈ সাজু হৈছে (BJP gears up for upcoming elections)। ২০২৩ৰ ভিতৰত বিধানসভা নিৰ্বাচন হ'বলগীয়া ৰাজ্যসমূহত বিজেপিয়ে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে ।
দুদিনীয়া কাৰ্যসূচীৰে ত্ৰিপুৰালৈ আহিব বিজেপিৰ সভাপতি জে পি নাড্ডা
ত্ৰিপুৰাত অনুষ্ঠিত হ'ব বিধানসভাৰ উপ-নিৰ্বাচন । নিৰ্বাচনৰ পূৰ্বে ত্ৰিপুৰালৈ আহিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা (BJP President JP Nadda to visit Tripura)। দলীয় কৰ্মীক সম্বোধন কৰাৰ লগতে দলীয় নেতা-কৰ্মীৰে কেইবাখনো গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ’ব নাড্ডা । সূত্ৰৰ মতে চলিত মাহতে ত্ৰিপুৰালৈ আহিব সভাপতিগৰাকী ।
ডিমা হাছাওৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত মালবাহী ট্ৰাকৰ চলাচলত নিষেধাজ্ঞা
প্ৰাকৃতিক দুৰ্যোগৰ কৱলত ডিমা হাছাও(Natural disaster in Dimahasao) । ধাৰাষাৰ বৰষুণৰ ফলত ঠায়ে ঠায়ে হোৱা ভূমিস্খলনৰ বাবে বন্ধ হৈ পৰিছে বাট-পথ(Roads blocked due to landslides) । বিপদজনক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসন আৰু দুৰ্যোগ প্ৰশমণ বিভাগে ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ এন লেইকুল পৰা মাহুৰ অংশত গধুৰ বাহনৰ চলাচলত নিষেধাজ্ঞা জাৰি কৰিছে ।
উত্তৰ পূৱত ধাৰাসাৰ বৃষ্টিপাতৰ সম্ভাৱনা
পৰৱৰ্তী দুদিনৰ বাবে উত্তৰ-পূৱত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা(Rains likely to continue in North East) ৷ এই সম্ভাৱনা জাৰি কৰিছে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰ(IMD predicts rainfall in North East)ই ৷