অসম

assam

ETV Bharat / city

3 বজাৰ শীৰ্ষ 10 টা বাতৰি - 3 বজাৰ শীৰ্ষ 10 টা বাতৰি

3 বজাৰ শীৰ্ষ 10 টা বাতৰি

top-ten-at-3-pm
3 বজাৰ শীৰ্ষ 10 টা বাতৰি

By

Published : Jun 18, 2022, 3:03 PM IST

অসম ৰাইফলছত ১০ শতাংশ পদ অগ্নিবীৰসকলৰ বাবে সংৰক্ষিত হ'ব

কেন্দ্ৰীয় চৰকাৰৰ অগ্নিপথ আঁচনিক লৈ দেশত প্ৰতিবাদ অব্যাহত আছে (Protest over Agnipath Scheme)। বিহাৰ, উত্তৰ প্ৰদেশকে ধৰি বহু ৰাজ্যত প্ৰতিবাদে হিংসাত্মক ৰূপ লৈছে । ইয়াৰ মাজতে চৰকাৰে ঘোষণা কৰিছে যে অগ্নিবীৰসকলৰ বাবে চিএপিএফ আৰু অসম ৰাইফলছত নিযুক্তিৰ ক্ষেত্ৰত ১০ শতাংশ খালী পদ সংৰক্ষণ কৰা হ'ব ।

ৰাজ্যজুৰি বানৰ সংহাৰ: জলবন্দী জোনাইবাসী

ধেমাজি জিলাৰ জোনাইৰ কবু চাপৰিৰ চিয়াং নদীয়ে জটিল ৰূপ ধাৰণ কৰিছে বানে (Flood in Dhemaji) ৷ বানাক্ৰান্ত লোকসকলক তিনি দিনৰ বাবে চাউল, দাইল আৰু নিমখ বিতৰণ কৰে (Flood relief at Junai ) ৷

ৰাজ্যত বানৰ বিভীষিকা অব্যাহত: ২৮ জিলাৰ ৮৪,৩৪৩১ লোক ক্ষতিগ্ৰস্ত

চাৰিদিন ধৰি ৰাজ্যজুৰি অব্যাহত আছে বানৰ বিভীষিকা (Flood in Assam 2022) ৷ দ্বিতীয়টো বান আৰু ভূমিস্খলনত বৰ্তমানলৈ 9 জন লোকৰ মৃত্যু হৈছে‌ (9 people died in landslide) । নামনি আৰু মধ্য অসমৰ লগতে পানীত বুৰ গৈছে উত্তৰ অসম। তথ্য মতে এতিয়ালৈকে ৮৪,৩৪৩১ জন লােক বানত ক্ষতিগ্রস্ত হৈছে (84,3431 people have been affected by the floods) ৷

সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প সম্পূৰ্ণ হ’লে শেষ হ’ব বান সমস্যা: NHPC কৰ্তৃপক্ষ

দুহেজাৰ মেগাৱাটসম্পন্ন এন এইচ পি চিৰ সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প সম্পূৰ্ণ হ’লে সোৱনশিৰিৰ নামনি অংশৰ বান সমস্যা চিৰদিনৰ বাবে নাইকিয়া হ’ব ৷ এই মন্তব্য NHPC কৰ্তৃপক্ষৰ ৷ দীৰ্ঘদিনে প্ৰকল্পটোৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি অহা দল-সংগঠনসমূহে এই মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷

বানত কোঙা শোণিতপুৰ জিলা: পানীৰ তলত বিস্তীৰ্ণ অঞ্চল

ৰাজ্যজুৰি বানৰ তাণ্ডৱ(Flood situation in Assam) । বানত বুৰিছে নিতৌ ন ন অঞ্চল । শোণিতপুৰ জিলাতো ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বানে(Flood in Sonitpur) । বৰ্তমান শোণিতপুৰ জিলাত ২১,৫৫৪ জন লোক বানৰ কৱলত ।

আজি বানবিধ্বস্ত অ়়ঞ্চললৈ মুখ্যমন্ত্ৰী: ফোনযোগে অসমৰ বান পৰিস্থিতিৰ বুজ ল’লে প্ৰধানমন্ত্ৰীয়ে

ৰাজ্যত মঙলবাৰৰ পৰা হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ভয়াবহ ৰূপ ধাৰণ কৰিছে বান পৰিস্থিতিয়ে(The flood situation in Assam) ৷ লখিমপুৰ, তেজপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে ৰঙিয়াৰ ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় পথৰ ওপৰেদি পানী বৈ যোৱাত ব্যাহত হৈ পৰিছে যাতায়ত ব্যৱস্থা ৷ এনে পৰিস্থিতিৰ মাজতেই শনিবাৰে নামনি অসমত বানৰ বুজ ল’বলৈ উপস্থিত হ’ব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ প্ৰধানমন্ত্ৰী মোডীয়েও ইতিমধ্যে ফোনযোগে খবৰ লৈছে অসমৰ বান পৰিস্থিতিৰ(PM enquire about assam flood situation) ৷

ৰঙিয়াত বান পৰিদৰ্শন কৰি কি ক'লে মুখ্যমন্ত্ৰীয়ে ?

ৰঙিয়াত বানাক্ৰান্তৰ কাষত শণিবাৰে উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (CM visited flood area in Rangia)৷ আশ্ৰয় শিবিৰত উপস্থিত হৈ বানাক্ৰান্তৰ দুখ দুৰ্দশাৰ বুজ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

বড়িগোগ বনভাগ সমবায়ৰ 16শ কুইন্টল চাউল নষ্টৰ উপক্ৰম

ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ কুৰিখনতকৈ অধিক গাঁও পানীৰ তলত । বৰভাগত ১৭ হাজাৰ হিতাধিকাৰী সমস্যাত পৰাৰ আশংকা । নলবাৰীৰ দামোদৰ ধাম পথৰ প্ৰায় ৪০০ মিটাৰ পানীয়ে উটুৱাই নিলে বানে। ইতিমধ্য়ে নষ্ট ৩/৪ শ কুইন্টল চাউল ।

বৰক্ষেত্ৰীত মাজনিশা বান পৰিদৰ্শন কৰিলে বিধায়ক দিগন্ত বৰ্মনে

নলবাৰীৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন বিধায়ক দিগন্ত বৰ্মনৰ(MLA Diganta Barman visited flood affected area of Nalbari) ৷ অতি সোনকালে পশুধনৰ খাদ্যৰ লগতে ৰাইজক সামৰ্থ অনুযায়ী সাহাৰ্য প্ৰদানৰ আশ্বাস দিয়ে বিধায়কগৰাকীয়ে । ইয়াৰ লগতে লাট মণ্ডল আৰু গাঁওবুঢ়াক মানুহৰ ক্ষয়-ক্ষতিৰ হিচাপ লোৱাৰ নিৰ্দেশ দিয়ে ।

উৰুখা গৃহত শিক্ষাদান চলিছে শিমলুগুৰিৰ এখন শতবৰ্ষ গৰকা বিদ্যালয়ত

চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ পুতৌলগা ফলাফল সৰ্বত্ৰে চৰ্চিত হৈ থকাৰ সময়তে একাংশ চৰকাৰী বিদ্যালয়ৰ দুৰ্বল আন্তঃগাঁথনিয়েও ৰাজ্যৰ শিক্ষাব্যৱস্থাৰ স্বৰূপ উদঙাইছে ৷ শিমলুগুৰিৰ এখন চৰকাৰী বিদ্যালয়ৰ দুৰৱস্থাত শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱক সকলো চিন্তিত হৈ পৰিছে (Poor infrastructure of government school)৷

ABOUT THE AUTHOR

...view details