কমলপুৰত বিধ্বংসী অগ্নিকাণ্ড
বাইহাটাৰ কমলপুৰত বিধ্বংসী অগ্নিকাণ্ড । কমলপুৰৰ আল্টাত নিৰ্মীয়মান অৱস্থাত থকা এটা উদ্যোগত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ড । ওৱেলডিং মেচিনৰ পৰা ওলোৱা জুইৰ পৰা এই অগ্নিকাণ্ডৰ সূত্ৰপাতৰ আশংকা কৰিছে স্থানীয় লোকে । সম্প্ৰতি উদ্যোগটোৰ পৰা নিৰ্গত ক'লা ধোৱাই আৱৰি ধৰিছে সমগ্ৰ অঞ্চলটো ৷ দুখনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ বাহনে জুই নিৰ্বাপনৰ চেষ্টা অব্যাহত ৰাখিছে যদিও সম্পূৰ্ণৰূপে সফল হোৱা নাই ৷ এই বিধ্বংসী অগ্নিকাণ্ডত কেইবাকোটি টকাৰ সা-সম্পত্তিৰ লোকচান হোৱাৰ আশংকা প্ৰকাশ কৰিছে স্থানীয় লোকসকলে ৷
ত্ৰিপুৰাত দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা বাতিল
Tripura Board of Secondary Education (TBSE)এ শনিবাৰে 2021 চনৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা বাতিল কৰাৰ সন্দৰ্ভত এক বিজ্ঞপ্তি প্ৰকাশ কৰে ৷ বিজ্ঞপ্তিত উল্লেখ কৰা অনুসৰি, ক’ভিড-19ৰ ভয়াৱহ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দশম আৰু দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে সকলো ব'ৰ্ডৰ পৰীক্ষা বাতিল কৰা সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷
কিয় গছ কাটিব নোৱাৰি ৰাজস্থানৰ মাদালদাত ?
এখন গাঁও... যি ফালেই চকু যায়, সেই ফালেই সেউজীয়া প্ৰাকৃতিক পৰিৱেশ । বিশুদ্ধ বায়ু, শান্ত পৰিৱেশে মন-মস্তিষ্ক শীতল কৰিব আপোনাৰ । ইয়াত গছ কটাৰ কথা চিন্তা কৰাটোও যেন এক পাপ । ক'ত আছে এই গাঁওখন ! চাওঁ আহক আমাৰ এই প্ৰতিবেদন...
ক্ৰীড়া বিশ্ববিদ্যালয়ত থাকিব মিলখা সিঙৰ নামত সংৰক্ষিত আসন
বিশিষ্ট ক্ৰীড়াবিদ মিলখা সিঙৰ (Milkha Sing) স্মৃতিৰক্ষাৰ বাবে গুৰুত্বপূৰ্ণ ঘোষণা পঞ্জাৱৰ মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙৰ (Amrindar Sing)। পাটিয়ালাৰ ক্ৰীড়া বিশ্ববিদ্যালয় (Patiala sports university)ত থাকিব ক্ৰীড়া তাৰকা মিলখা সিঙৰ (Milkha Sing) নামত বিশেষ আসন ।
ড৹ মামণি ৰয়ছম গোস্বামীৰ এসময়ৰ সহায়িকা এতিয়া শয্যাশায়ী
জটিল ৰোগত আক্ৰান্ত, এসময়ত ড৹ মামণি ৰয়ছম গোস্বামীৰ লগত ছাঁৰ দৰে লাগি থকা নিলিমা দাস ৷ ধনৰ অভাৱত বিচনাতেই পৰি থাকিব লগাত পৰিছে নিলিমা দাসে ৷ নিলিমা দাসৰ দুদৰ্শা দেখিও উপায়হীন হৈ পৰিছে পৰিয়ালৰ লোক ৷