অসম

assam

ETV Bharat / city

11 বজাৰ শীৰ্ষ বাতৰি.... - দিনটোৰ শীৰ্ষ বাতৰি

11 বজাৰ শীৰ্ষ বাতৰি....

11 বজাৰ শীৰ্ষ বাতৰি....
11 বজাৰ শীৰ্ষ বাতৰি....

By

Published : Nov 4, 2020, 11:13 AM IST

নেপাল সেনাৰ সন্মানীয় সেনাপ্ৰধানৰ দায়িত্বত স্থলসেনা প্ৰধান জেন. নাৰাৱানে

ভাৰতীয় স্থলসেনাৰ সেনাধ্যক্ষ জেন. মনোজ মুকুন্দ নাৰাৱানেক চলিত সপ্তাহত নেপাল সেনাই প্ৰদান কৰিব সন্মানীয় সেনা-প্ৰধানৰ দায়িত্ব ৷

মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে সাংবাদিক অৰ্ণৱ গোস্বামীক

ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীক আজি ৰাতিপুৱাৰ ভাগত গ্ৰেপ্তাৰ কৰে মুম্বাই আৰক্ষীয়ে ৷ 2018ৰ এটা আত্মহত্যাৰ গোচৰত গ্ৰেপ্তাৰ হয় অৰ্ণৱ গোস্বামী ৷

সুশান্ত সিঙ সন্দৰ্ভত চাইবাৰ দলৰ হাতত পৰিছে 1.5 লাখ ভুৱা টুইটাৰ হেণ্ডেল

1.5 লাখতকৈও অধিক ভুৱা টুইটাৰ একাউন্টৰ তথ্য লাভ কৰিছে মহাৰাষ্ট্ৰৰ চাইবাৰ বিশেষজ্ঞৰ দলে ৷ অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃতদেহ উদ্ধাৰৰ পাছতেই সামাজিক মাধ্যমত কিছুমান ভুৱা তথ্য প্ৰচাৰৰ বাবে এই একাউন্টবোৰ খোলাৰ সন্দেহ ৷

ট্ৰাম্প জুনিয়ৰৰ ৰেড ৱেভ মানচিত্ৰত ভাৰতৰ বাবে নীলা ৰঙ

যুক্তৰাষ্ট্ৰীয় নিৰ্বাচন চলি থকাৰ মাজতে ডনাল্ড ট্ৰাম্প জুনিয়ৰে বিশ্ব মেপৰ এখন ছবি টুইটাৰ যোগে শ্বেয়াৰ কৰিছে ৷ ছবিখনত বিশ্বৰ প্ৰায় আটাইকেইখন ৰাষ্ট্ৰকে ৰঙা ৰঙেৰে বুলোৱা হৈছে ৷ ৰিপাব্লিকান দলৰ চিহ্ন স্বৰূপ এই ৰঙা ৰঙৰ অৰ্থ এইয়ে যে ডনাল্ড ট্ৰাম্প বিজয়ৰ দিশে অগ্ৰসৰ হৈছে ৷ অৱশ্যে ভাৰতক নীলা ৰঙেৰে দেখুওৱাৰ পৰিৱৰ্তে জম্মু আৰু কাশ্মীৰ আৰু উত্তৰ পূবক ৰঙা ৰঙেৰে দেখুওৱা হৈছে ৷

অসম আৰক্ষীৰ শ্বহীদ ৰবেন দাসৰ বাসগৃহত মুখ্যমন্ত্ৰী

বজালীৰ হাঠিনাপুৰৰ শ্বহীদ ৰবেন দাসৰ বাসগৃহত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ মঙলবাৰে নিশাৰ ভাগত মুখ্যমন্ত্ৰীগৰাকীয়ে শ্বহীদৰ পৰিয়ালৰ সৈতে সাক্ষাৎ কৰে ৷

সপত্নীক পবিতৰা ভ্ৰমণ ইজৰাইলৰ ৰাষ্ট্ৰদূতৰ

সপত্নীক লগত লৈ পবিতৰা অভয়াৰণ্যত উপস্থিত হয় ইজৰাইলৰ ৰাষ্ট্ৰদূত ড৹ ৰ'ণ মালকা । জীপ চাফাৰীৰে দৰ্শন কৰিলে এশিঙীয়া গড়ৰ ৰম্যভূমি পবিতৰা অভয়াৰণ্যৰ নৈসৰ্গিক দৃশ্য । পবিতৰাৰ গড়, মহ আৰু বন গাহৰি লগতে নৈসৰ্গিক দৃশ্য দেখি আপ্লুত হয় দুয়ো ।

বিটিচিৰ ৰাজপাটত পুনৰ বহিব বিপিএফ : আশাবাদী হাগ্ৰামা

বিটিচি নিৰ্বাচনক লৈ যঠেষ্ট আশাবাদী হোৱা দেখা গৈছে বিপিএফৰ মুৰব্বী তথা প্ৰাক্তন বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীক ৷ এইবাৰো একক সংখ্যাগৰিষ্ঠতাৰে বিপিএফেই বিটিচিত পৰিষদীয় চৰকাৰ গঠন কৰিব বুলি সংবাদ মাধ্যমৰ আগত দৃঢ়তা প্ৰকাশ বিপিএফৰ মুৰব্বীগৰাকীৰ ৷

ক্ৰিকেটৰ সকলো ফৰমেটৰ পৰা অৱসৰ ঘোষণা শ্বেন ৱাটছনৰ

ক্ৰিকেটৰ সকলো ফৰমেটৰ পৰা অৱসৰ ঘোষণা কৰিলে অষ্ট্ৰেলিয়াৰ ক্ৰিকেটাৰ শ্বেন ৱাটছনে ৷ 'My retire announcement' শীৰ্ষক এক ভিডিঅ'ৰ জৰিয়তে অৱসৰ ঘোষণা ৱাটছনৰ ৷

ৰকি-প্ৰদ্যুতৰ সংঘাত সৃষ্টি কৰা ব্যক্তিক চিনাক্ত জিতেন্দ্ৰ সিঙৰ !

জিতেন্দ্ৰ সিঙে চিনাক্ত কৰিলে প্ৰদ্যুত বৰদলৈ-ৰকিবুল হুছেইনৰ মাজত সংঘাত সৃষ্টি কৰা ব্যক্তিৰ নাম ৷ একাংশই নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে দুই নেতাৰ মাজত সংঘাত সৃষ্টি কৰিছে আৰু এনে লোকক সাৱধান কৰি দিয়া হৈছে বুলি মন্তব্য সিঙৰ ৷

ৰঙিয়াত ক’ভিড নিৰাময়ৰ কৰ্তব্যত নিয়োজিত চাফাই কৰ্মীৰ অৱস্থান ধৰ্মঘট

কামৰূপ জিলাত কোৱাৰেন্টাইন কেন্দ্ৰত নিযুক্ত এই চাফাই কৰ্মীৰ সকলক ছয়মাহ কাৰ্যকালৰ বাবে স্বাস্থ্য বিভাগে নিযুক্তি দিছিল । কিন্তু তিনিমাহৰ পিছত আগতীয়া জাননী নিদিয়াকৈ চাফাই কৰ্মী সকলক কৰ্মৰ পৰা অব‍্যাহতি দিয়া হয় ।

লগতে পঢ়ক :অসম আৰু মিজোৰাম সীমান্তত যুদ্ধ সদৃশ পৰিৱেশ

ABOUT THE AUTHOR

...view details