অসম

assam

ETV Bharat / city

দুপৰীয়া 1 বজাৰ শীৰ্ষ দহ বাতৰি - TOP TEN AT 1 PM

দুপৰীয়া 1 বজাৰ শীৰ্ষ দহ বাতৰি ৷

দুপৰীয়া 1 বজাৰ শীৰ্ষ দহ বাতৰি
দুপৰীয়া 1 বজাৰ শীৰ্ষ দহ বাতৰি

By

Published : Nov 4, 2020, 1:04 PM IST

ভাৰতীয় সেনাক শীতকালীন বস্ত্ৰ প্ৰদান কৰিলে আমেৰিকাই

প্ৰকৃত নিয়ন্ত্ৰণৰেখাত ভাৰতীয় সেনাৰ শক্তি বৃদ্ধি কৰিবলৈ আমেৰিকাৰ পৰা ভাৰত আহি পাইছে স্থলসেনাৰ বাবে বহু অপেক্ষিত শীতকালীন পোচাক ৷ আমেৰিকাৰ সেনাই অত্যধিক শীতকালীন পৰিৱেশত ব্যৱহাৰ কৰা এই উন্নত পোচাক জৰুৰীকালীনভাৱে ভাৰতে ক্ৰয় কৰে ৷ চীনৰ সৈতে উদ্ভৱ হোৱা পৰিস্থিতিৰ সৈতে আগন্তুক শীতকালত মোকাবিলা কৰিবলৈ ভাৰতীয় সেনা এতিয়া সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে ৷

অসম-মিজোৰাম সীমান্ত হত্যাকাণ্ডৰ তদন্তৰ ভাৰ নিয়াক দিব অসম চৰকাৰে

অসম-মিজোৰাম সীমান্তত উত্তেজনা অব্যাহত ৷ এক ইঞ্চিও মাটি এৰি নিদিয়ে অসমে ৷ মিজোৰামৰ দুস্কৃতিকাৰীয়ে অসমৰ লোকক অপহৰণ কৰি নি হত্যা কৰা কাণ্ডৰ তদন্তৰ ভাৰ নিয়াক দিয়াৰ বাবে বিবেচনা অসম চৰকাৰৰ ৷ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য,আৰক্ষী মহা-পৰিদৰ্শক আৰু ৰাজ্যৰ মুখ্য সচিবে পৰিদৰ্শন কৰে লাইলাপুৰ ৷

মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে সাংবাদিক অৰ্ণৱ গোস্বামীক

মহাৰাষ্ট্ৰ আৰক্ষীৰ চিআইডি শাখাই বুধবাৰে গ্ৰেপ্তাৰ কৰে ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীক ৷ 2018ৰ এক আত্মহত্যাৰ গোচৰত মুম্বাইস্থিত নিজা বাসগৃহৰ পৰাই চিআইডিয়ে গ্ৰেপ্তাৰ কৰে অৰ্ণৱ গোস্বামীক ৷ অৰ্ণৱৰ গ্ৰেপ্তাৰৰ পিচতেই সংবাদমহলৰ প্ৰতিক্ৰিয়া ৷

অসম আৰু মিজোৰাম সীমান্তত যুদ্ধ সদৃশ পৰিৱেশ

কৰিমগঞ্জ,হাইলাকান্দি,কাছাৰ প্ৰতিটো সীমান্ততে অব্যাহত আছে মিজোৰ আগ্ৰাসন ৷ যিকোনো মুহুৰ্ততে মিজো দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হ'ব পাৰে অসমীয়া লোকসকল। দুৰ্বলতাৰ সুযোগ লৈ অসমৰ মাটি নিজৰ দখললৈ নিয়াৰ পৰিকল্পনা অব্যাহত ৰাখিছে মিজোৱে ৷

নেপাল সেনাৰ সন্মানীয় সেনাপ্ৰধানৰ দায়িত্বত স্থলসেনা প্ৰধান জেন. নাৰাৱানে

নেপাল আৰু ভাৰতৰ মাজৰ সামৰিক সম্পৰ্কৰ ঐতিহাসিক পৰম্পৰা অনুসৰি, দুয়োখন দেশেই দুয়োখন দেশৰ স্থলসেনা প্ৰধানক সন্মানীয় সেনাপ্ৰধানৰ পদবী অৰ্পণ কৰি আহিছে ৷ ভাৰতীয় স্থলসেনাৰ সেনাধ্যক্ষ জেন. মনোজ মুকুন্দ নাৰাৱানেক চলিত সপ্তাহত নেপাল সেনাই প্ৰদান কৰিব সন্মানীয় সেনা-প্ৰধানৰ দায়িত্ব ৷

ধুবুৰীত আৰক্ষীৰ অভিযানত উৎখাত অবৈধ কাৰখানা

ধুবুৰীৰ ভিন্ন অঞ্চলত আৰক্ষীৰ সফল অভিযানত উৎখাত হ'ল অবৈধ প্ৰমাণ পত্ৰ আৰু ছিলৰ কাৰখানা । গোপনীয়ভাৱে কম্পিউটাৰৰ জৰিয়তে একাংশই চলাইছিল অবৈধ প্ৰমাণ পত্ৰ আৰু অবৈধ ছিলৰ ব্যৱসায় । ঘটনা সন্দৰ্ভত আৰক্ষীৰ জালত পৰা লোক দুজন আগমনি কালডোৱা অঞ্চলৰ মফিদুল ইছলাম আৰু ধুবুৰীৰ হালগৰা অঞ্চলৰ ছফিকুল ইছলাম বুলি জানিব পৰা গৈছে ।

ৰঙিয়াত অৰ্ধনিৰ্মিত দলঙেৰে ৰাইজৰ বিপদসংকুল যাত্ৰা

এখন দলঙে জলা-কলা খুৱাইছে ৰঙিয়া চহৰবাসীক ৷ চহৰখনৰ মাজমজিয়াৰ শিৱ মন্দিৰ ৰোডৰ পৰা শ'লমাৰীলৈ যোৱা পথত বৰলীয়া নৈৰ ওপৰত আছে এই অৰ্ধনিৰ্মিত দলংখন ৷ দীৰ্ঘদিন ধৰি দলংখনৰ নিৰ্মাণৰ কাম আধৰুৱা হৈ থকা বাবে ৰাইজৰ যাতায়তৰ বাবে যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে ।

ডিব্ৰুগড়ৰ বিভিন্ন ঠাইত আবকাৰী বিভাগৰ অভিযান

অবৈধ সুৰাৰ ব্যৱসায় বন্ধ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে ডিব্ৰুগড়ৰ আবকাৰী বিভাগে । শাৰদীয় দুৰ্গা পূজাৰ সময়ত জিলাখনত ড্ৰাই দে’ ঘোষণা কৰে আবকাৰী বিভাগে ৷ চাহবাগান , গ্ৰাম্যাঞ্চল, বজাৰ অঞ্চলৰ সকলোতে আবকাৰী বিভাগে অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলাই বহু পৰিমাণৰ সুৰা জব্দ কৰিবলৈ সক্ষম হৈছে ।

গা ধুবলৈ গৈ যুৱকৰ সলিল সমাধি

ধৰ্মনগৰৰ চন্দ্ৰপুৰত যুৱকৰ সলিল সমাধি ৷ মঙলবাৰে পুৱা গা ধুবলৈ গৈ নিখোজ হয় যুৱকজন ৷ ঘৰৰ কাষৰে পুখুৰীত যুৱকজনক ওপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰে স্থানীয়লোকে ৷

অগ্নিকাণ্ডত জাহ গ’ল ব্যৱসায়িক প্ৰতিষ্ঠান

বাক্সাৰ মুছলপুৰত অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডত ভস্মীভূত এখন ব্যৱসায়িক প্ৰতিষ্ঠান ৷ মুছলপুৰৰ সুমিত্ৰা ষ্টোৰ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনত সংঘটিত হৈছে অগ্নিকাণ্ড ৷ এই অগ্নিকাণ্ডত প্ৰায় তিনি লাখ টকাৰ সা-সম্পত্তিৰ ক্ষতি হোৱা বুলি জানিব পৰা গৈছে ৷ চৰ্ট চাৰ্কিটৰ ফলতেই অগ্নিকাণ্ড হোৱাৰ সন্দেহ স্থানীয় ৰাইজ তথা স্বত্বাধিকাৰীৰ ৷

লগতে পঢ়ক :জাৰ্মান কনছুল জেনেৰেলে সাক্ষাৎ কৰিলে কেৰালাৰ মুখ্যমন্ত্ৰীক

ABOUT THE AUTHOR

...view details