কংগ্ৰেছ প্ৰাৰ্থী বেণুধৰ নাথৰ ব্যাপক প্ৰচাৰ অভিযান
৭২ নং ঢেকীয়াজুলি সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী বেণুধৰ নাথে আৰম্ভ কৰি ব্যাপক প্ৰচাৰ অভিযান ৷ গাঁৱে ভূঞে প্ৰচাৰ চলাই ৰাইজৰ কাষ চপাৰ প্ৰয়াস কৰিছে কংগ্ৰেছৰ প্ৰাৰ্থী গৰাকীয়ে ৷
বৃন্দাবন গোস্বামীৰ বাসগৃহত অতুল বৰা আৰু কেশৱ মহন্ত
এক দীৰ্ঘদিনীয়া স্বস্তিৰ নিশ্বাস পৰাৰ অনুভৱ তেজপুৰ অগপৰ কাৰ্যকৰ্তাৰ ৷ টিকটকেন্দ্ৰিক সংঘাত যেন এক প্ৰকাৰ অন্ত পৰিল । তেজপুৰ সমষ্টিৰ পৰা অগপৰ প্ৰাৰ্থীত্বৰ পৰা বঞ্চিত হোৱা তেজপুৰৰ বিধায়ক বৃন্দাবন গোস্বামীৰ ঘৰত উপস্থিত অগপৰ সভাপতি অতুল বৰা আৰু জেষ্ঠ নেতা তথা মন্ত্ৰী কেশৱ মহন্ত ।
অসমত দেশৰ হাইপ্ৰফাইল নেতাৰ সমাগম
অসমৰ আকাশত হেপিকপ্টাৰ আৰু বিশেষ বিমানৰ মেলা । সকলোৱে প্ৰতিপক্ষক বাক্যবানেৰে ধৰাশায়ী কৰাৰ লক্ষ্য আৰু উদ্দেশ্যৰে নিৰ্বাচনী যুঁজত নামিছে । ইতিমধ্যে আৰম্ভ হৈছে বোকা ছটিওৱাৰ ৰাজনীতি । শেহতীয়াকৈ প্ৰতিটো ৰাজনৈতিক দলৰ ৰথী-মহাৰথীৰ ভাষণত তাৰেই আভাস পোৱা গৈছে । সকলোৰে প্ৰতিশ্ৰুতিৰ বন্যা বোৱাইছে ।
26 ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যত জব্দ 75 কোটিৰো অধিক ধন আৰু অবৈধ সামগ্ৰী
অসম বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ দিন ধৰি ৰাজ্যত 18 মাৰ্চ পৰ্যন্ত 75 কোটি মূল্যৰ ধন আৰু বিভিন্ন সামগ্ৰী জব্দ ৷ মুখ্য নিৰ্বাচনী বিষয়া নীতিন খাড়েয়ে সদৰী কৰিছে এই কথা ৷ সুৰা বিক্ৰীৰ হাৰ বৃদ্ধি পোৱা বিপনী সমূহক কাৰণ দৰ্শোৱাৰ জাননী আবকাৰী বিভাগৰ ৷
বিজেপিৰ নেতাই মহিলাক সন্মান কৰিব নাজানেঃ অলকা লাম্বা
বিজেপি চৰকাৰে পুঁজিপতিৰ স্বাৰ্থতে কাম কৰি আহিছে। এইখন চৰকাৰৰ দিনতে ৩ কোটি ২০ লাখ মানুহ দেশত নিৱনুৱা হ'ল। লক ডাউনৰ সময়ত আদানি-অম্বানীৰ আয় বৃদ্ধি হ'ল।