ফাষ্টট্ৰেক আদালতত কৰা হ'ব দেৱশীষ গগৈ হত্যাকাণ্ডৰ বিচাৰ !
30 মে'ত মৰিয়নিৰ গাভৰু চাহবাগিছাৰ সমীপত একাংশ উন্মত্ত লোকে হত্যা কৰিছিল দেৱাশীষ গগৈ নামৰ যুৱকজনক ৷ সামান্য এটি দুৰ্ঘটনা সংঘটিত হোৱাৰ পাচতেই গণ ৰোষৰ বলি হৈ মৃত্যুক আঁকোৱালি লৈছিল যুৱকজনে ৷ এই ঘটনাক লৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ দোষীক উপযুক্ত শাস্তি দিয়াৰ দাবী তুলিছে ৰাজ্যবাসীয়ে ৷ ইয়াৰ কেইদিনমান পূৰ্বে চাবুৱাত এজন যুৱক আৰু হাজোত এগৰাকী পাচলি বিক্ৰেতাই মৃত্যুক সাৱটিব লগীয়া হৈছিল গণৰোষৰ বলি হৈ ৷
'কা' বিৰোধী আন্দলোনৰ সক্ৰিয় আছু নেতাই পিন্ধিলে গেৰুৱা বসন !
নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত জঁপিয়াই পৰি বিজেপি মুৰ্দাবাদ ধ্বনি দিয়া আছু নেতাৰ বিজেপিত যোগদান। দীৰ্ঘকাল ধৰি ডিব্ৰুগড় আছুৰ লগত জড়িত দিব্যজ্যোতি হাজৰিকা ওৰফে বিজু লখিমীয়ে অৱশেষত আনুষ্ঠানিকভাৱে বিজেপিত যোগ দিয়ে ৷
বহিৰাজ্যৰ পৰা উভতি অহা যুৱকলৈ শূণ্য শতাংশত ঋণঃ অতুল বৰা
অসমৰ অৰ্থনৈতিক ব্যৱস্থা পুনৰ টনকিয়াল কৰি তুলিবলৈ ৰাজ্যৰ কৃষি বিভাগে ভৱিষ্যত দিনৰ এক নতুন কৰ্ম আচনিৰ ৰূপৰেখা প্ৰস্তুত কৰিছে । ৰাজ্যৰ বাহিৰৰ পৰা উভতি অহা অসমৰ যুৱকসকলক উৎসাহিত কৰিবলৈ কৃষি বিভাগে মৌ পালন,কাঠফুলা আদি খেতিৰ বাবে পুজিৰ যোগান ধৰিব । শূণ্য শতাংশ সুতত এইসকল যুৱকক কে চি চিৰ ঋণ প্ৰদান কৰা হ'ব ৷ এইবাৰ জাহাজেৰে অসমৰ ভোট জলকীয়া,আনাৰস আদি বিদেশলৈ প্ৰেৰণ কৰা হ'ব ৷
নিৰ্বিকাৰ বন বিভাগঃ শোণিতপুৰত ব্যাপক হাৰত চলিছে বন ধ্বংস অভিযান
নামেৰী ৰাষ্ট্ৰীয় উদ্যান আৰু বালিপৰা সংৰক্ষিত বনাঞ্চলত বছৰ বছৰ ধৰি বনধ্বংস যজ্ঞ চলি থকাৰ লগতে জীয়াভৰলী নদীত চলি আছে অবৈধ শিল বালি খনন কাৰ্য ৷ জীয়াভৰলী নদীখনত চলি থকা অবাধ খননৰ বাবেই লুপ্ত পাবলৈ ধৰিছে প্ৰাকৃতিক সৌন্দৰ্য্য। এই সমগ্ৰ ঘটনা বন বিভাগৰ জ্ঞাতেই চলি থকাৰ অভিযোগ উত্থাপন কৰি শীঘ্ৰে এই কাৰ্য বন্ধ কৰাৰ দাবী জনাইছে বালিপৰা আঞ্চলিক ছাত্ৰ সন্থাই।
টংলাত কোৱাৰেন্টেইন কেন্দ্ৰৰ পৰা পলায়ন কৰা যুৱকক উদ্ধাৰ
টংলা মহাবিদ্যালয়ৰ কোৱাৰেন্টেইন কেন্দ্ৰৰ পৰা পলায়ন কৰা যুৱকজন উদ্ধাৰ হয় ৷ কলাইগাঁৱৰ পকিমুৰীত উদ্ধাৰ হয় যুৱকজন ৷ যুৱকজনৰ নাম জৰিফুল আলী ৷