অসম

assam

ETV Bharat / city

পুৱা 9 বজাৰ শীৰ্ষ দহটা বাতৰি - TOP 10 AT 9 AM

পুৱা 9 বজাৰ শীৰ্ষ দহটা বাতৰি

TOP 10 AT 9 AM
পুৱা 9 বজাৰ শীৰ্ষ দহটা বাতৰি

By

Published : Dec 16, 2020, 9:05 AM IST

ৰাজ্যত আৰম্ভ হ'ল নতুন এখন টোল প্লাজা

1 জানুৱাৰীৰ পৰিৱৰ্তে আজিয়ে মুকলি হ'ল ডিমা হাছাওৰ মানদাৰডিছাৰ টোল প্লাজাখন ৷ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ নিৰ্দেশত আৰম্ভ হয় টোল প্লাজাখন ৷

তেজপুৰত যান্ত্ৰিক বিজুতি ঘটি দুৰ্ঘটনাত পতিত হ'ল এখন ৰে'ল

তেজপুৰৰ ডেকাৰগাঁৱত যান্ত্ৰিক বিজুতি ঘটি ৰে'ল লাইনৰ পৰা পথলৈ নামি আহিল এখন ৰে'ল । এখন দোকান মহতিয়াই নিয়ে ৰে'লখনে । ৰে'লখনে নিয়ন্ত্ৰণ হেৰুৱাই লাইন বিচ্ছিন্ন হোৱা অঞ্চললৈ আগুৱাই যায় আৰু এখন গৰু গাড়ীত খুন্দা মাৰে আৰু ১৫নং ৰাষ্ট্ৰীয় ঘাইপথলৈ নামি যায় ।

জম্মু-কাশ্মীৰৰ DDC নিৰ্বাচনৰ আজি সপ্তম পৰ্যায়ৰ ভোটগ্ৰহণ

জম্মু-কাশ্মীৰৰ DDC নিৰ্বাচনৰ আজি সপ্তম পৰ্যায়ৰ ভোটগ্ৰহণ ৷ পুৱা 7 বজাৰ পৰা আৰম্ভ ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷

চাৰিখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনত নামিবলৈ সাজু আম আদমী পাৰ্টী

উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড আৰু গোৱাত আম আদমী পাৰ্টীয়ে নিজৰ ৰাজনৈতিক প্ৰভাৱ বিস্তাৰৰ বাবে নিৰ্বাচনী তৎপৰতা আৰম্ভ কৰিছে ৷ ইতিমধ্যে আম আদমী পাৰ্টীৰ ৰাষ্ট্ৰীয় সংযোজক অৰবিন্দ কেজৰিৱালে উত্তৰ প্ৰদেশত নিৰ্বাচনত প্ৰতিদ্বন্দীতা আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে ৷

বােকাজানৰ কার্যবাহী দণ্ডাধীশ আহংবাম বেমথৈ চানুৰ মৃত্যু

অসম প্রশাসনিক সেৱাৰ বিষয়া তথা কার্বি আংলং জিলাৰ বােকাজান মহকুমাৰ কার্যবাহী দণ্ডাধীশ আহংবাম বেমথৈ চানুৰ মঙলবাৰে ডিমাপুৰত চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় । অসম প্রশাসনিক সেৱাৰ যুৱ বিষয়াগৰাকীৰ অপ্রত্যাশিত তথা আকস্মিক মৃত্যুৰ বাতৰিয়ে সমগ্র বােকাজান মহকুমাৰ লগতে কার্বি আংলং জিলাতে গভীৰ শােকৰ ছাঁ পেলাইছে ।

হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ সিংঘু সিমান্তত পুনৰ এজন কৃষকৰ মৃত্যু

কেন্দ্ৰীয় চৰকাৰে গৃহীত কৰা কৃষি বিৰোধী তিনিখন আইনৰ বিৰুদ্ধে সমগ্ৰ দেশজুৰি প্ৰতিবাদ অব্যাহত আছে ৷ বিশেষকৈ পঞ্জাৱ, হাৰিয়ানাৰ কৃষক সকলে প্ৰতিবাদ তীব্ৰতৰ কৰি তুলিছে ৷ প্ৰতিবাদ অব্যাহত ৰখাৰ মাজতে মঙলবাৰে সিংঘু সিমান্তত প্ৰতিবাদ কৰা এজন কৃষকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ৷ প্ৰাপ্ত খবৰ অনুসৰি, হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ কৃষক গৰাকীৰ মৃত্যু হৈছে ৷

বিলাসীপাৰাৰ গৌৰাং নৈত উদ্ধাৰ অৰ্ধ গলিত মৃতদেহ

বিলাসীপাৰাৰ গৌৰাং নৈৰ পানীত ওপঙি থকা অৱস্থাত উদ্ধাৰ হয় এটা মৃতদেহ ৷ মৃতদেহটো মহিলাৰ বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে ৷ অবশ্যে বৰ্তমানলৈকে উদ্ধাৰ হোৱা নাই মৃতদেহটোৰ পৰিচয় ৷

ধুবুৰীত চোৰাং গৰু ভৰ্তি নাও জব্দ

ধুবুৰীৰ ভাৰত-বাংলা সীমান্তৰে অব্যাহত আছে গৰু চোৰাং বেহা । নাৱেৰে অবৈধভাৱে গৰু সৰবৰাহ কৰাৰ চেষ্টা । ধুবুৰী আৰক্ষী আৰু সীমান্ত সুৰক্ষা বাহিনীৰ যুটীয়া অভিযানত বংশীৰ চৰত গৰু ভৰ্তি নাও জব্দ । অভিযানত চোৰাংভাৱে সৰবৰাহৰ কৰিবলৈ নিয়া ২৩টা গৰু উদ্ধাৰ ।

খোৱাঙত ব্যৱসায়ীক ধন দাবী কৰাৰ লগতে হত্যাৰ প্ৰচেষ্টা দুৰ্বৃত্তৰ

ডিব্ৰুগড় জিলাৰ মৰাণৰ খোৱাঙত মঙলবাৰে সন্ধিয়া সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা ৷ খোৱাং বোকাহোলাৰ পৰমানন্দ চৌধুৰী (৬৫) নামৰ ব্যৱসায়ীক ধনদাবী কৰাৰ লগতে হত্যাৰ প্ৰচেষ্টা চলায় অচিনাক্ত দুৰ্বৃত্তই ৷

২০২২ বিশ্বকাপৰ বাবে সাজু ভাৰতীয় মহিলা ক্ৰিকেট দল

মহিলা ক্ৰিকেট বিশ্বকাপ প্ৰতিযোগিতা ২০২২ৰ প্ৰথমখন মেচত অংশগ্ৰহণ কৰিব ভাৰতীয় মহিলা ক্ৰিকেট দলে । আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউন্সিলে মঙলবাৰে ঘোষণা কৰা অনুসৰি, ৪ মাৰ্চৰ পৰা আৰম্ভ হ'বলগীয়া কোৱালিফায়াৰ স্তৰত প্ৰথমখন খেলত অংশগ্ৰহণ কৰিব আয়োজক দেশ নিউজিলেণ্ড আৰু ভাৰতীয় মহিলা ক্ৰিকেট দলে ।

ABOUT THE AUTHOR

...view details