অসম

assam

ETV Bharat / city

পুৱা 9 বজাৰ শীৰ্ষ দহটা বাতৰি - TOP 10 AT 9 AM

পুৱা 9 বজাৰ শীৰ্ষ দহটা বাতৰি

TOP 10 AT 9 AM
পুৱা 9 বজাৰ শীৰ্ষ দহটা বাতৰি

By

Published : Dec 5, 2020, 9:00 AM IST

দিল্লীলৈ সোণোৱালৰ চিঠি: ডিব্ৰুগড় দূৰদৰ্শন আৰু অনাতাৰ কেন্দ্ৰক বৰ্তমানৰ ৰূপতে বাহাল ৰাখক

ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰ আৰু দূৰদৰ্শন কেন্দ্ৰক কেৱল ৰীলে চেন্টাৰলৈ পৰিৱৰ্তিত কৰিবলৈ লোৱা সিদ্ধান্ত সন্দৰ্ভত কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাভেদকাৰলৈ এখন গুৰুত্বপূৰ্ণ পত্ৰ প্ৰেৰণ মুখ্যমন্ত্ৰী সোণোৱালৰ ৷

অহা বিধান সভা নিৰ্বাচনত অসমৰ পৰা নিঃশেষ হ’ব বিজেপি দল: চন্দন ব্ৰহ্ম

চিৰাঙৰ আমগুৰিত ১৬ নং নিচিমা পৰিষদীয় সমষ্টিৰ বিপিএফৰ নিৰ্বাচনী সভাত মন্ত্ৰী চন্দন ব্ৰহ্ম । সভাত মন্ত্ৰী চন্দন ব্ৰহ্মই সতীৰ্থ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি কয় য়ে, বিটিচি হিমন্তৰ পৈতৃক সম্পত্তি নহয় যে ইয়াত যধে-মধে যি মন তাকে কৰিব ।

কাৰেন্ট লাগিছে হিমন্তৰ গাত, সেয়ে নাচিছে : আজমল

বাক্সাৰ মথনগুৰি সমষ্টিত কংগ্ৰেছ-এআইইউডিএফ মিত্ৰজোঁটৰ বিশাল নিৰ্বাচনী সভা ৷ সভাত উপস্থিত এআইইউডিএফ প্ৰধান মৌলানা বদৰুদ্দিন আজমল, অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, কংগ্ৰেছ নেতা ৰকিবুল হুছেইন, কংগ্ৰেছ নেতা প্ৰদ্যুৎ বৰদলৈ ৷

অৰ্ণৱ গোস্বামীৰ বিৰুদ্ধে চাৰ্জ শ্বীট দাখিল ৰায়গড় আৰক্ষীৰ

ৰায়গড় আৰক্ষীয়ে ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামী আৰু অন্য দুজন লোকৰ বিৰুদ্ধে আত্মহত্যাৰ বাবে উচতনি দিয়াৰ অভিযোগত 2018 চনত ৰুজু হোৱা এক গোচৰ সন্দৰ্ভত চাৰ্জ শ্বীট দাখিল কৰে ৷ এই চাৰ্জ শ্বীট ৰায়গড় জিলাৰ আলিবাগৰ এখন আদালতত দাখিল কৰা হৈছে ৷

মালিগাঁৱত পৰকীয়া প্ৰেমৰ বাবেই পত্নীক নিৰ্যাতন স্বামীৰ

পুনৰ গুৱাহাটী মহানগৰীত মহিলা নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছে । মহানগৰীৰ মালিগাঁৱৰ পশ্চিম গোটানগৰত পত্নীক চোকা অস্ত্ৰৰে মৃত্যুৰ ভাবুকি স্বামীৰ । ৰুবুল চৌধুৰী নামৰ এগৰাকী লোকৰ বিৰুদ্ধে পত্নীয়ে উত্থাপিত কৰিছে এই অভিযোগ ।

সদৌ অসম অনুসূচীত জাতি ছাত্ৰ সন্থাৰ প্ৰায় ১৭০০ সদস্যৰ বিজেপিত যোগদান

সদৌ অসম অনুসূচীত জাতি ছাত্ৰ সন্থাৰ সদ্য প্ৰাক্তন সভাপতিসহ সমগ্ৰ অসমৰ প্ৰায় ১৭০০ সদস্যৰ আনুষ্ঠানিকভাৱে বিজেপিত যোগদান ৷ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত শুকুৰবাৰে ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাস, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত বিজেপিত যোগ দিয়ে সংগঠনটোৰ নেতা-সদস্য়সকলে ৷

নিবনুৱাক সংস্থাপন দিব আম আদমী পাৰ্টীয়ে

কৰ্ম সংস্থাপনহীন হোৱা যুৱক-যুৱতীক সংস্থাপন দিব কামৰূপ মহানগৰ যুৱ সমিতিয়ে ৷ সম্পূৰ্ণ বিনামূলীয়াভাৱে কৰ্ম সংস্থাপন দিয়া হ'ব বুলি জানিব দিয়ে কামৰূপ মহানগৰ যুৱ সমিতিৰ সম্পাদক জাফেল আলী হুছেইনে ৷

অসমৰ কৃষকৰ পৰা ৩ লাখ ৬০ হাজাৰ মেট্ৰিক টন চাউল কিনিব চৰকাৰে

কেন্দ্ৰীয় কৃষি মন্ত্ৰনালয়ৰ নিৰ্দেশ মৰ্মে অসমৰ কৃষক ৰাইজৰ পৰা এই ধান ক্ৰয় কৰিব ছটাকৈ প্ৰতিষ্ঠানে । চাউলৰ হিচাপত এই পৰিমাণ হব ৩ লাখ ৬০ হাজাৰ মেট্ৰিক টন ।কিন্তু অসমৰ কৃষকৰ পথাৰত উৎপাদিত ধানৰ আদ্ৰতা ১৭ শতাংশ হৈ নুঠাৰ বাবে চলিত মাহৰ শেষৰ ভাগৰ পৰাহে আৰম্ভ হব এই ধান ক্ৰয়ৰ প্ৰক্ৰিয়া ।

বিটিচি নিৰ্বাচনৰ ফলাফলে নিৰ্ণয় কৰিব অগপ-বিজেপিৰ মিত্ৰতাৰ ভৱিষ্যত

বিজেপিৰ এক দায়িত্বশীল সূত্ৰই ইটিভি ভাৰতক জনোৱা মতে ২০২১ ত অগপৰ সৈতে বিজেপিৰ মিত্ৰতা বাহাল থাকিব নে নাথাকে সেয়া স্পষ্ট হ’ব ১২ ডিচেম্বৰৰ পিছতহে । কিয়নো বিটিচিৰ নিৰ্বাচনী ফলাফলৰ ওপৰতহে নিৰ্ভৰ কৰিব বিজেপি-অগপৰ মিত্ৰতাৰ ভৱিষ্যত ।

চিৰাঙত বিজেপিৰ সৰ্মথকে বিপিএফৰ সদস্যক আক্ৰমণৰ অভিযোগ

চিৰাঙত বিজেপি দলৰ সমৰ্থকে আক্ৰমণ কৰাৰ অভিযোগ বিজনী জিলা বিপিএফ দলৰ উপ-সভাপতি বিজয় সৰকাৰক । উল্লেখযোগ্য যে, বিজনীৰ ছাৰাগাৱঁৰ নিবাসী বিজেপি দলৰ সমৰ্থক প্ৰদীপ মালাকাৰে বিপিএফ দলৰ বিজনী জিলা উপ-সভাপতি বিজয় সৰকাৰক চোঁকা অস্ত্ৰৰে চকু আৰু হাতত গুৰুতৰভাবে আক্ৰমণ কৰি আহত কৰে ৷

ABOUT THE AUTHOR

...view details