মঙলবাৰে হ'ব ভাৰত-আমেৰিকাৰ তৃতীয়লানি 2+2 আন্তঃমন্ত্ৰী আলোচনা
ভাৰত আৰু আমেৰিকাই শেষৰখন গাঁথনিগত চুক্তি, জিঅ'-স্পাটিয়েল কৰ্পৰেশ্বনৰ বুনিয়াদী বিনিময় আৰু সহযোগী চুক্তিত স্বাক্ষৰ কৰিব ৷ তৃতীয়লানি 2+2 আন্তঃমন্ত্ৰী আলোচনাত এই চুক্তিত স্বাক্ষৰ কৰিব দুয়োখন দেশে ৷ আলোচনাত অংশগ্ৰহণ কৰিব আমেৰিকাৰ গৃহ সচিব মাইক পম্পিঅ', প্ৰতিৰক্ষা সচিব মাৰ্ক ইস্পাৰ আৰু ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰ তথা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৷
মিঞা সংগ্ৰহালয় সন্দৰ্ভত হিমন্ত বিশ্বৰ শৰ্মাৰ প্ৰতিক্ৰিয়া
কোনো কাৰণতে কলাক্ষেত্ৰত স্থাপন কৰা নহয় মিঞা সংগ্ৰহালয় । ফাইলতে আবদ্ধ থাকিব সংসদীয় সমিতিৰ প্ৰতিবেদন । কাগজতে সীমাবদ্ধ থাকিব মিঞা সংগ্ৰহালয় নিৰ্মাণৰ প্ৰস্তাৱ । কামৰূপৰ চাংসাৰিত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পোনচাতে নাকচ কৰিলে শংকৰদেৱ কলাক্ষেত্ৰত চৰ চাপৰিৰ সংগ্ৰহালয় নিৰ্মাণৰ কথা ।
অন্তিম শয়নত ধৰ্মপুৰ সমষ্টিৰ প্ৰবীন বিজেপি নেতা আব্দুল চুভান
প্ৰবীন বিজেপি নেতা আব্দুল চুভানৰ শেষ নিশ্বাস ত্যাগ ৷ সোমবাৰে দুপৰীয়া প্ৰবীন বিজেপি নেতা তথা ৰাজ্য চৰকাৰৰ সংখ্যালঘু উন্নয়ন আৰু বিত্তীয় নিগমৰ সঞ্চালক গৰাকীৰ জানাজা সম্পন্ন হয় ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে বিভিন্নজনৰ শোক প্ৰকাশ ৷
কলগাছিয়াৰ সাৰ কেলেংকাৰীৰ আচল তথ্য ফাদিল
যোৱা 23 অক্টোবৰত মানৱ কল্যাণ বীজ ভাণ্ডাৰত পটাছৰ নামত ৰং কৰা নিমখ বিক্ৰীৰ অভিযোগ তুলিছিল একাংশ খেতিয়কে ৷ এই নকল পটাছৰ বাবেই কৃষকে কৰা খেতি ধ্বংস হোৱা বুলি অভিযোগ তুলি কেইবাটাও সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছিল ৷ সেই সময়ত এই বাতৰি একাংশ সংবাদ মাধ্যমত প্ৰচাৰ হৈছিল ৷ এই বাতৰিৰ ওপৰত ভিত্তি কৰি আজি বৰপেটা জিলা কৃষি বিষয়া পি চি বায়নৰ সৈতে এটি দল উপস্থিত হৈছিল মানৱ কল্যাণ বীজ ভাণ্ডাৰত ৷
মতবিৰোধক ইচ্ছাকৃতভাৱে সন্ত্ৰাসবাদ হিচাপে দমন কৰা হৈছে : ছোনিয়া
বিহাৰ বিধানসভা নিৰ্বাচনৰ আগে আগে মোডী চৰকাৰক কটুক্তি কংগ্ৰেছৰ সভাপতি ছোনিয়া গান্ধীৰ ৷ ছোনিয়াই অভিযোগ কৰে যে গণতন্ত্ৰৰ সকলো স্তম্ভকে আক্ৰমণ কৰা হৈছে ৷ ভাৰতৰ অৰ্থনীতি যথেষ্ট সংকটত বুলিও তেওঁ অভিযোগ কৰে ৷