অসম

assam

ETV Bharat / city

পুৱা 9 বজাৰ দহটা শীৰ্ষ বাতৰি - TOP 10 AT 9 AM

পুৱা 9 বজাৰ দহটা শীৰ্ষ বাতৰি

TOP 10 AT 9 AM
পুৱা 9 বজাৰ দহটা শীৰ্ষ বাতৰি

By

Published : Aug 21, 2020, 9:03 AM IST

Updated : Aug 21, 2020, 10:58 AM IST

COVID-১৯ : ৰাজ্যত সক্ৰিয় ৰোগীৰ সংখ্যা 22,708 গৰাকী

ৰাজ্যত অব্যাহত আছে কৰ’ণা ভাইৰাছৰ ভয়ংকৰ সংক্ৰমণ ৷ বৃহস্পতিবাৰে পুনৰ 1,735 গৰাকী লোকৰ দেহত ধৰা পৰে কৰ’ণা ভাইৰাছৰ উপস্থিতি ৷ ৰাজ্যত বৰ্তমান সংক্ৰিয় ৰোগীৰ সংখ্যা হৈছে 22,708 গৰাকী ৷

হিমন্ত বিশ্ব শৰ্মাক ৰাইজৰ ওচৰত ক্ষমা খোজাৰ দাবী কমলাক্ষ দে’ পুৰকায়স্থৰ

বৰাকভেলিত স্বাস্থ্য বিভাগৰ অৱস্থা অতি শোচনীয় হোৱাৰ লগতে ১০৮ সেৱা আৰু ভেন্টিলেটৰৰ ব্যৱস্থা নাই বুলি অভিযোগ বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থৰ । বিগত সাত দিনত ২৫ গৰাকী ব্যক্তিৰ মৃত্যু হৈছে আৰু বৰাকত পৰিকল্পিতভাবে মানুহ মৰা হৈছে বুলি মন্তব্য বিস্ফোৰক পুৰকায়স্থৰ ।

হালোৱাটিঙৰ শৈক্ষিক দিশৰ উন্নয়নৰ সৈতে জড়িত দুই ব্যক্তিক সম্বৰ্ধনা

শিৱসাগৰ জিলাৰ হালোৱাটিঙত সদৌ তাই আহোম ছাত্ৰ সন্থাই বৃহস্পতিবাৰে হালোৱাটিঙৰ দুজন বিশেষ ব্যক্তিক সম্বৰ্ধনা জনায় । আমগুৰি হালোৱাটিং মজদুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক টুপিধৰ গগৈ আৰু বৰছিলাৰ নিবাসী তথা চাহ বাগিচাৰ কৰ্মচাৰী দীপক কুৰ্মীক আটাছুৰ বিষয়ববীয়াসকলে সম্বৰ্ধনা জনায় ।

অন্ধ্ৰ প্ৰদেশৰ দুগ্ধ পামত গেছ নিৰ্গমন, আহত 14

অন্ধ্ৰ প্ৰদেশৰ চিত্তুৰ জিলাৰ দুগ্ধ পামত গেছ নিৰ্গমন ৷ 14 গৰাকী কৰ্মচাৰী গুৰুতৰভাবে অসুস্থ ৷ ততালিকে চিকিৎসালয়ত ভৰ্তি ৷

তামুলপুৰত নিশা পথৰ মাজত জ্বলি উঠিল ডাম্পাৰ আৰু বাইক

বাক্সাৰ তামুলপুৰত নিশা পথ দুৰ্ঘটনাত এজন নিহত । পথৰ মাজত জ্বলি উঠিল ডাম্পাৰ আৰু বাইক ৷

হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে মানহানিৰ গোচৰ

ইউপিপিএলৰ সম্পাদক তথা মুখপাত্ৰ উইলচন হাসদাৰ সংবাদমেল ৷ সংবাদমেলত হাগ্ৰামা মহিলাৰীয়ে প্ৰমোদ বড়ো আৰু তেওঁৰ পত্নীৰ বিষয়ে কটু মন্তব্য কৰাৰ অভিযোগ উত্থাপন কৰে হাসদাই ৷

সংখ্যালঘু ছাত্ৰ বৃত্তিৰ কেলেংকাৰী বিৰুদ্ধে ৰাজ্য়জুৰি প্ৰতিবাদ

বৃহস্পতিবাৰৰ দিনটোত প্ৰতিবাদত উত্তাল হৈ পৰে সমগ্ৰ ৰাজ্য ৷ সংখ্যালঘু ছাত্ৰ বৃত্তিৰ নামত সংঘটিত ব্যাপক কেলেংকাৰীৰ প্ৰতিবাদত সংখ্যালঘু ছাত্ৰ সংগঠন আমছুৱে ৰাজ্যৰ ভিন্ন স্থানত সাব্যস্ত কৰে প্ৰতিবাদ ৷

হাওৰাঘাটত শতাধিক বিজেপি কৰ্মীৰ কংগ্ৰেছত যোগদান

আৰম্ভ হৈছে নিৰ্বাচনী কুচ-কাৱাজ আৰু নিৰ্বাচনী ৰণ কৌশল ৷ পাহাৰীয়া জিলা কার্বি আংলঙতাে নির্বাচনক কেন্দ্র কৰি সাংগঠনিক তৎপৰতা অব্যাহত থকাৰ সময়তে বৃহস্পতিবাৰে হাওৰাঘাট বিধানসভা সমষ্টিত শাসকীয় বিজেপি দলৰ প্রতি প্রত্যাহ্বান সৃষ্টি কৰি সমষ্টিটোৰ ১১৭ টা পৰিয়ালে বিজেপি ত্যাগ কৰি কংগ্রেছ দলত যােগদান কৰে ।

বৰঝাৰ বিমানবন্দৰ ব্যক্তিকৰণক লৈ বিমানবন্দৰৰ কৰ্মচাৰীৰ প্ৰতিবাদ

৫০ বছৰৰ বাবে বৰঝাৰ বিমানবন্দৰসহ জয়পুৰ আৰু তিৰুৱনন্তপূৰম বিমানবন্দৰক গতাই দিয়া হ'ল আদানী গ্ৰুপক । সেয়েহে আজি বিমানবন্দৰৰ কৰ্মচাৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰে ৷

বাইহাটা চাৰিআলিত বুট মাহত বিষক্ৰিয়া

বাইহাটা চাৰিআলিত বুট মাহত বিষক্ৰিয়া হৈ এজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে শিশুসহ প্ৰায় 80 জনৰো অধিক লোক অসুস্থ ৷ ইতিমধ্যে কিছু সংখ্যক আহত লোকক বেজেৰা সামূহিক স্বাস্থ্যকেন্দ্ৰত ভৰ্তি কৰোৱাৰ বিপৰীতে আন কিছু সংখ্যকে নিজ গৃহতে চিকিৎসা গ্ৰহণ কৰিছে ।

Last Updated : Aug 21, 2020, 10:58 AM IST

ABOUT THE AUTHOR

...view details