Nagaland Civilians Deaths : নাগালেণ্ডৰ সেনা আক্ৰমণক দুৰ্ভাগ্যজনক আখ্যা অমিত শ্বাহৰ
নাগালেণ্ডত সেনাবাহিনীৰ অভিযানৰ সময়ত 14 জন সাধাৰণ লোক নিহত হোৱা ঘটনাক লৈ লোকসভাত দুখ প্ৰকাশ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ৷ ভৱিষ্যতে যাতে এনে ঘটনা সংঘটিত নহয় তাৰ বাবেও সেনা বাহিনীক সতৰ্ক হ’বলৈ আহ্বান জনাই কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ৷
ভাৰতীয় নৌ সেনাৰ তৎপৰতাত কলকাতাত মুকলি Sandhayak
দেওবাৰে কলকাতাত মুকলি কৰা হ'ল চাৰিখন নতুন সুবিশাল জৰীপ জাহাজৰ ভিতৰত প্ৰথমখন জাহাজ 'সন্ধায়ক'(Navy launches 'Sandhayak' in Kolkata) । ভাৰতীয় নৌ সেনাই মুকলি কৰা এই নতুন জাহাজখন সামুদ্ৰিক আৰু ভূ-ভৌতিক তথ্য সংগ্ৰহ কৰিবলৈ ব্যৱহাৰ কৰা হ'ব । 'সন্ধায়ক' জাহাজ অত্যাধুনিক হাইড্ৰ'গ্ৰাফিক সঁজুলিৰে সু-সজ্জিত ।
Jal Jeevan Mission : ২০২৩ ৰ ভিতৰত সম্পূর্ণ হ’ব জল জীৱন মিছনৰ কাম
২০২৩ চনৰ ভিতৰতে সম্পূর্ণ হ’ব কেন্দ্ৰীয় জল জীৱন আঁচনি(Jal Jeevan Mission)ৰ কাম ৷ এই ঘোষণা কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷ ইতিমধ্যে ১৬ লাখ পৰিয়ালত জল সংযোগ দিয়াৰ তথ্যও সদৰী কৰে মন্ত্ৰীগৰাকীয়ে ৷
লাভ জেহাদৰ ফলত ৰঙিয়াত যুৱতীৰ আত্মহত্যা
দেওবাৰে লাভ জেহাদৰ অভিযোগত ৰঙিয়া থানা ঘেৰাও কৰিলে বজৰংগ দলে(Bajrang Dal protest in front of Rangia Police Station) ৷ সামাজিক মাধ্যমত নাম, ঠিকনা সলনি কৰি প্ৰেমৰ জাল পেলাই এচাম লোকে প্ৰৱঞ্চনা কৰি আহিছে বহু কিশোৰী-যুৱতীক ৷
জেলৰ ভাত খাব লাগিব আমিনুল ইছলামে : কঠোৰ সকীয়নি ড৹ হিমন্ত বিশ্ব শৰ্মাৰ
কামাখ্যা মন্দিৰ সন্দৰ্ভত বিধায়ক আমিনুল ইছলামে কৰা মন্তব্যত তীব্ৰ প্ৰতিক্ৰিয়া আগবঢ়াইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বিধায়ক গৰাকীক এক প্ৰকাৰৰ সকীয়নি প্ৰদান কৰি(CM Himanta warns Dhing mla Aminul Islam)কয়, "সীমা চেৰাই কথা নক'ব । অন্যথা জেলৰ ভাত খাব লাগিব’’ ।