ছাৰ্জিকেল মাস্কৰ দামৰ নামত ৰাজ্যৰ ব্য়াপক লুন্ঠন
ৰাজ্যত চলিছে মাস্কৰ বেহাৰ নামত বৃহৎ লুন্ঠন ৷ ইটিভি ভাৰতৰ অনুসন্ধানত পোহৰলৈ আহিছে লুন্ঠনৰ তথ্য ৷ কৰ’ণাৰ সময়ত মাস্কৰ কেলেংকাৰীক লৈ ৰাজ্যৰ স্বাস্থ্য বিভাগক ব্য়ৱস্থা গ্ৰহণ কৰিবলৈ দাবী একাংশৰ ৷
দেশত এদিনতে কৰ'ণাত আক্ৰান্ত 4 লাখতকৈ অধিক লোক
যোৱা ২৪ ঘণ্টাত ভাৰতত কৰ’ণাত আক্ৰান্ত হৈ 3,523 জন লোকে প্ৰাণ হেৰুৱাইছে । ফলত নিহত হোৱা লোকৰ সংখ্য়া 2,11,853 জনলৈ বৃদ্ধি পাইছে । আনহাতে, মুঠ 32,68,710 টা ঘটনা সক্ৰিয় হৈ আছে ।
কৰ'ণাত প্ৰাণ গ'ল প্ৰতিভাৱান গায়িকা পাৰবিন পৰীৰ
কেইদিনমান আগলৈকে বিহুৰ অনুষ্ঠানত গীত পৰিৱেশন কৰি আছিল কণ্ঠশিল্পী পাৰবিন পৰীয়ে । কিন্তু হঠাত্ শাৰীৰিকভাৱে অসুস্থ হৈ পৰাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল । কিন্তু অৱশেষত শনিবাৰে উদীয়মান কণ্ঠশিল্পী গৰাকীয়ে নিয়তিৰ ওচৰত হাৰ মানিলে ।
কৰ’ণাত আক্ৰান্ত প্ৰবীণ বাওঁপন্থী নেতা হেমেন দাস
প্ৰবীণ বাওঁপন্থী নেতা হেমেন দাস দেহত ক'ভিডৰ উপস্থিতি পোৱা গৈছে ৷ ইতিমধ্যে হেমেন দাস গুৱাহাটীৰ জি এন আৰ চি হাস্পতালত চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে ৷
ৰাজ্যসমূহলৈ ৮,৮৭৩ কোটি টকা আৱণ্টন কেন্দ্ৰৰ
ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজিৰ কেন্দ্ৰীয় অংশৰ প্ৰথম কিস্তি হিচাপে ৰাজ্যসমূহৰ বাবে ৮,৮৭৩ কোটি মোকোলাই দিছে কেন্দ্ৰই । কৰ'ণা মহামাৰীৰ বাবে সৃষ্টি হোৱা সংকটকালত চিকিৎসালয় স্থাপন আৰু অক্সিজেন উৎপাদনকে ধৰি বিভিন্ন প্ৰয়োজনীয় কামত ব্যয়ৰ বাবে এই ধনৰাশি মুকলি কৰি দিয়া হৈছে ।