অসম

assam

ETV Bharat / city

বিয়লি 5 বজাৰ শীৰ্ষ দহটা বাতৰি - TOP 10 AT 5 PM

বিয়লি 5 বজাৰ শীৰ্ষ দহটা বাতৰি

TOP 10 AT 5 PM
বিয়লি 5 বজাৰ শীৰ্ষ দহটা বাতৰি

By

Published : Oct 1, 2020, 5:21 PM IST

দ্বিতীয়টো গোচৰত জামিন লাভ অখিল গগৈৰ

অৱশেষতNIA ৰ দ্বিতীয়টো গোচৰত জামিন লাভ কৰিলে কৃৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈয়ে ৷ ডিব্ৰুগড়ৰ চাবুৱা থানাত ৰুজু কৰা হৈছিল জামিন লাভ কৰা দ্বিতীয়টো গোচৰ ৷ কিন্তু গগৈৰ বিৰুদ্ধে ৰুজু হৈ থকা আন এটি গোচৰৰ জামিন লাভ কৰিবলৈ এতিয়াও বাকী ৷

হাথৰছ ঘটনাৰ বলি হোৱা যুৱতীৰ সৈতে হোৱা নাছিল ধৰ্ষণ : মৰনোত্তৰ প্ৰতিবেদন

উত্তৰ প্ৰদেশৰ হাথৰছত সংঘটিত ভয়ংকৰ ঘটনাৰ বলি হোৱা যুৱতীগৰাকীৰ সৈতে সংঘটিত হোৱা নাছিল কোনো ধৰ্ষণৰ ঘটনা ৷ যুৱতীগৰাকীৰ মৰনোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে এই তথ্য ৷

অৱশেষত জালত পৰিল দ্বিবন ডেকা

অসম আৰক্ষীৰ উপ-পৰিদৰ্শক নিযুক্তি প্ৰক্ৰিয়াৰ প্ৰশ্নকাকত ফাদিলৰ সৈতে জড়িত থকা বিজেপি নেতা দ্বিবন ডেকাক গ্ৰেপ্তাৰ ৷ পাটাছাৰকুছি আৰক্ষীয়ে নিশাই গ্ৰেপ্তাৰ কৰে দ্বিবন ডেকাক ৷

বিজেপিৰ প্ৰাথমিক সদস্য পদৰ পৰা দিবন ডেকাক নিলম্বন

৩০ ছেপ্টেম্বৰৰ নিশা ৰহস্যজনকভাবে আত্মসমৰ্পন কৰা আৰক্ষীৰ পৰীক্ষাৰ প্ৰশ্নকাকত কেলেংকাৰীৰ অন্যতম অভিযুক্ত দিবন ডেকাক আজি বিজেপিয়ে দলৰ প্ৰাথমিক সদস্য পদৰ পৰা নিলম্বন কৰে । প্ৰদেশ বিজেপিৰ সাধাৰণ সম্পাদক তথা সাংসদ ডাঃ ৰাজদীপ ৰায়ে এক বিজ্ঞপ্তি যোগে এই কথা প্ৰকাশ কৰিছে ।

ওপজা দিনত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দলৈ শুভকামনা প্ৰধানমন্ত্ৰীৰ

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ আজি ৭৫সংখ্যক ওপজা দিন। জন্মদিনৰ শুভক্ষণত ৰাষ্ট্ৰপতিগৰাকীক শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডুৱে। ১৯৪৫ চনৰ আজিৰ দিনটোতে উত্তৰ প্ৰদেশৰ কানপুৰৰ পাৰাওঁখ গাঁৱত ৰাষ্ট্ৰপতিগৰাকীয়ে জন্মগ্ৰহণ কৰিছিল।

অসম আৰক্ষী দিৱসত আত্মৰক্ষাৰ কলা প্ৰদৰ্শন ধুবুৰীৰ আৰক্ষী অধীক্ষকৰ

ধুবুৰীত অসম আৰক্ষী দিৱস উদযাপন ৷ ধুবুৰী আৰক্ষী চাউনীত নানান কাৰ্যসূচীৰ মাজেৰে অসম আৰক্ষীয়ে পালন কৰিলে এই বিশেষ দিন ৷ মঞ্চত প্ৰদৰ্শিত কাৰাটে ডু আৰু শৰীৰ চৰ্চা ৷ জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ আত্মৰক্ষাৰ কলা প্ৰদৰ্শন ৷

বিটিআৰ চুক্তি বাতিলৰ দাবীত মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰীৰ পুত্তলিকা দাহ

বিটিআৰ চুক্তি বাতিলৰ দাবীৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ ৷ বৃহস্পতিবাৰে ধুবুৰী-কোকৰাঝাৰ সীমান্তৱৰ্তী বাঙালডোবাত অবড়ো সুৰক্ষা সমিতি আৰু গণ সুৰক্ষা পাৰ্টীৰ উদ্যোগত ৰাইজে মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰী গৰাকীৰ পুত্তলিকা দাহেৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷

ক’ভিড-19ত আক্ৰান্ত হৈ আৰক্ষী বিষয়াৰ মৃত্যু

ক’ভিড-19ত আক্ৰান্ত হৈ আৰু এগৰাকী আৰক্ষী বিষয়াৰ মৃত্যু ৷ বৃহস্পতিবাৰে পুৱা JMCH ত মৃত্যু হয় অঞ্জন শইকীয়া নামৰ আৰক্ষী বিষয়া গৰাকীৰ ৷ যোৰহাট আৰক্ষীৰ পৰিদৰ্শক অঞ্জন শইকীয়া আক্ৰান্ত হৈছিল ক’ভিড-19ত ৷

পুনেত ৰাসায়নিক দ্ৰব্য উৎপাদন প্ৰকল্পত ভয়াৱহ অগ্নিকাণ্ড

পুনেত ৰাসায়নিক দ্ৰব্য উৎপাদন কৰা প্ৰকল্পত ভয়াৱহ অগ্নিকাণ্ড । ঘটনাস্থলীত উপস্থিত হৈ ১ ঘণ্টাৰ ভিতৰত জুই নুমুৱাবলৈ সক্ষম হয় অগ্নি নিৰ্বাপক বাহিনীয়ে । বুধবাৰে নিশা সংঘটিত হয় এই ভয়াৱহ ঘটনা ।

বিবাহৰ প্ৰস্তাৱ প্ৰত্যাখ্যানৰ বাবে ফটো ভাইৰেল ছ’চিয়েল মেডিয়াত

বিয়াৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰি আতিশয্যৰ সন্মুখীন কৰিমগঞ্জৰ এগৰাকী নাবালিকা ৷ জিলাখনৰ ফকিৰাবজাৰৰ মতিলাল নমসূদ্ৰ নামৰ এজন যুৱকৰ বিবাহৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাৰ বাবে নাবালিকাগৰাকীৰ সৈতে উঠা ফটো ছ’চিয়েল মেডিয়াত ভাইৰেল কৰে যুৱকজনে ৷

ABOUT THE AUTHOR

...view details