অসম

assam

ETV Bharat / city

বিয়লি 3 বজাৰ শীৰ্ষ দহটা বাতৰি - TOP 10 AT 3 PM

বিয়লি 3 বজাৰ শীৰ্ষ দহটা বাতৰি

TOP 10 AT 3 PM
বিয়লি 3 বজাৰ শীৰ্ষ দহটা বাতৰি

By

Published : Oct 3, 2020, 3:03 PM IST

আজি প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ ওপজা দিন

আজি প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ ওপজা দিন ৷ এই মহান ব্যক্তি গৰাকীৰ জন্মদিনত ব্যক্তিগৰাকীলৈ সশ্ৰদ্ধ প্ৰণাম জনাইছে সমগ্ৰ ৰাজ্যবাসীয়ে ৷

বিশ্বৰ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথ সুৰংগ "অটল টানেল" মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শনিবাৰে উদ্বোধন কৰিলে বিশ্বৰ তথা দেশৰ ভিতৰতে দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথ সুৰংগ প্ৰসিদ্ধ ৰোহটাং পাছ ৷ বিগত বৰ্ষত প্ৰয়াত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ নামেৰে ইয়াৰ নাম অটল টানেল ৰাখিছিল প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷

কৰিমগঞ্জৰ কান্দিগ্ৰামত ভূমি বিবাদক লৈ দুই ফৈদৰ মাজত সংঘাত

কৰিমগঞ্জৰ কান্দিগ্ৰামত ভূমি বিবাদক লৈ দুই ফৈদৰ মাজত শুকুৰবাৰে সংঘটিত হয় তীব্ৰ সংঘাত ৷ এই সংঘাতত 5 জনকৈ লোক গুৰুতৰভাৱে আহত হয় ৷

পাণ্ডুত উদ্ধাৰ যুৱকৰ মৃতদেহ

মহানগৰীৰ পাণ্ডুত বিকি সূত্ৰধৰ নামৰ এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হয় ৷ স্থানীয় লোকৰ অভিযোগ কোনো দুৰ্বৃত্তই হত্যা কৰে যুৱকজনক ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷

নতুন ৰাজনৈতিক দলক লৈ হিমন্তৰ প্ৰতিক্ৰিয়া

নতুন ৰাজনৈতিক দলসমূহক লৈ নিজৰ মন্তব্য প্ৰকাশ কৰে হিমন্ত বিশ্ব শৰ্মাই ৷ তেওঁ কয় যে সকলো দল একত্ৰিত হওঁক ৷ তেতিয়াহে আমি যুঁজি ভাল পাম ৷ লগতে নিৰ্বাচনী সভাত ভাষন দিবলৈও সুবিধা হ'ব ৷

ৰহস্যৰ আৱৰ্তত কৰিমগঞ্জৰ লংগাই নৈত উদ্ধাৰ হোৱা মৃতদেহৰ হত্যাকাণ্ড

শুকুৰবাৰে কৰিমগঞ্জৰ ফকিৰাবজাৰ অঞ্চলৰ লংগাই নৈত উদ্ধাৰ হৈছিল এটা অচিনাক্ত মৃতদেহ ৷ প্ৰথম অৱস্থাত আৰক্ষীয়ে মৃতদেহটো পুৰুষ নে মহিলাৰ সেইয়া জানিবলৈ সক্ষম হোৱা নাছিল যদিও পৰৱৰ্তী সময়তে মৃতদেহটো মহিলাৰ বুলি চিনাক্ত কৰা হয় ৷ মৃতদেহটোৰ ডিঙিত স্পষ্ট হৈ আছিল আঘাতৰ চিন ৷

হেলিকপ্টাৰৰ সহায়ত গছপুলি ৰোপন ভাৰতীয় নৌ-সেনাৰ

গান্ধী জয়ন্তীৰ দিনটোত বিশেষ কাৰ্যসূচী হাতত লয় ভাৰতীয় নৌ-সেনাই ৷ নৌ-সেনাই ইয়াৰ UH3H হেলিকপ্টাৰৰ সহায়ক আকাশমাৰ্গৰ পৰা গছৰ গুটি সিঁচৰিত কৰি গছপুলি ৰোপনৰ কাম সম্পন্ন কৰে ৷

গোৱালপাৰাত অবৈধ কাঠ আৰু কাঠফলা মিল জব্দ

গোৱালপাৰাত অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে অভিযান ৷ অবৈধ কাঠৰ জব্দ কৰাৰ লগতে দুটাকৈ কাঠৰ মিল উচ্ছেদ বন বিভাগৰ ৷ জব্দ কৰা কাঠখিনিৰ মূল্য দুই লাখৰো অধিক ৷

জালান চাহ বাগিছাত আটছাৰ প্ৰতিবাদ

গোলাঘাট জিলাৰ জালান চাহ বাগিচাত শনিবাৰে প্ৰতিবাদ সাব্যস্ত কৰে আটছাই ৷ বাগিচাখনৰ কাৰ্যালয়ৰ সন্মুখত সমবেত হৈ প্ৰতিবাদত অংশ লয় অসম চাহ জনজাতি ছাত্ৰ সন্থা আৰু শ্ৰমিকসকলে ৷

তেজপুৰত নিৰ্মাণ হ’ব ৰাজ্যৰ তৃতীয়খন মিনি ফুড পাৰ্ক

তেজপুৰৰ ডিপোটাত কৃষকৰ আয় দুগুণ বৃদ্ধি কৰাৰ উদ্দেশ্যেৰে 2022 চনৰ ভিতৰত নিৰ্মাণ হ'ব ৰাজ্যৰ তৃতীয়খন মিনি ফুড পাৰ্ক । এই ঘোষণা কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ ৷

ABOUT THE AUTHOR

...view details