HSLC Exam results 2022 : সপ্তম স্থান লাভ কৰা শিৱসাগৰৰ প্ৰিয়ানুজৰ সপোন কি ?
শিৱসাগৰ জিলাৰ নিউ লুক একাডেমীত আনন্দমুখৰ পৰিৱেশ । বিদ্যালয়খনৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰত ৭ম স্থান লাভ কৰিবলৈ সক্ষম হৈছে এগৰাকী ছাত্ৰই । শীৰ্ষ দহটা স্থানত বিদ্যালয়ৰখনৰ প্ৰিয়ানুজ বৰদলৈয়ে স্থান লাভ কৰাৰ লগে লগে উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে বিদ্যালয়খনত (Priyanuj Bordoloi secure fifth rank in HSLC Exam)।
হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা : উত্তীৰ্ণৰ হাৰ ৫৬.৪৯ শতাংশ
ছেবাই আজি ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত মুঠ ৫৬.৪৯ শতাংশ পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে । আনহাতে হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফলত উত্তীৰ্ণৰ হাৰ হৈছে ৫৪.৭৩ শতাংশ । বিগত বৰ্ষসমূহৰ তুলনাত এইবাৰৰ মেট্ৰিকৰ ফলাফল যথেষ্ট বেয়া ।
HSLC result 2022 : শীৰ্ষ দহটা স্থান দখল 55 গৰাকী শিক্ষাৰ্থীৰ
ঘোষণা হ’ল হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফল (Assam HSLC Exam Results 2022)৷ এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম স্থান আৰু দ্বিতীয় স্থান লাভ কৰিছে ক্ৰমে লখিমপুৰৰ ৰক্তোৎপল শইকীয়া আৰু নলবাৰীৰ ভূয়সী মেধিয়ে ৷ একেদৰে তৃতীয় স্থানত আছে 3 জন, চতুৰ্থ স্থানত আছে 4 জন, পঞ্চম স্থানত আছে 4 জন, ষষ্ঠ স্থানত আছে 2 জন, সপ্তম স্থানত আছে 6 জন, অষ্টম স্থানত আছে 6 জন, নৱম স্থানত আছে 10 জন আৰু দশম স্থান লাভ কৰিছে 15 জন শিক্ষাৰ্থীয়ে ৷
HSLC Exam 2022: শীর্ষ স্থানত উজলিল লখিমপুৰৰ ৰক্তোৎপল শইকীয়া
হাইস্কুল শিক্ষান্ত পৰীক্ষাত শীর্ষ স্থান দখলৰ ধাৰাবাহিকতা অব্যাহত আছে লখিমপুৰ জিলাত ৷ পূৰ্বৰ দৰে এইবাৰো হাইস্কুল শিক্ষান্ত পৰীক্ষাত স্থান লাভ কৰিবলৈ সক্ষম হ’ল লখিমপুৰৰ ছাত্ৰই ৷ ৰাজ্যৰ ভিতৰতে শীর্ষ স্থান লাভ কৰে লখিমপুৰৰ ৬ নং ৱাৰ্ড নিবাসী দীপ শইকীয়া আৰু অৰুন্ধতী শইকীয়াৰ পুত্ৰ তথা চেইন্ট মেৰিজ স্কুলৰ ছাত্ৰ ৰক্তোৎপল শইকীয়া (Raktotpal Saikia secure 1st rank in HSLC Exam)।
হাই মাদ্ৰাছাত পৰীক্ষাত শীৰ্ষ স্থানত উজলিল তেজপুৰৰ মোছাফিৰ আল্ হাছান
ঘোষণা হ’ল হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল (AHM exam Results 2022) ৷ হাইমাদ্ৰাছা পৰীক্ষাত এইবাৰ উজলিল তেজপুৰ হাই মাদ্ৰাছা আল কাছাৰ মডেল একাডেমীৰ ছাত্ৰ মোছাফিৰ আল্ হাছান ৷ 556 নম্বৰ পাই হাইমাদ্ৰাছা পৰীক্ষাত অসমৰ ভিতৰত প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে তেজপুৰৰ মোছাফিৰ আল্ হাছানে (Mosafir Al Hasan secure first rank in AHM exam) ।