অসম

assam

ETV Bharat / city

1 বজাৰ শীৰ্ষ দহটা বাতৰি - TOP 10 AT 1 AM

1 বজাৰ শীৰ্ষ দহটা বাতৰি

TOP 10 AT 1 AM
1 বজাৰ শীৰ্ষ দহটা বাতৰি

By

Published : Feb 7, 2022, 1:03 PM IST

শিলাবৃষ্টিৰ ফলত ক্ষতিগ্ৰস্ত পৰিয়ালক সাহায্য প্ৰদানৰ আশ্বাস মন্ত্ৰী অতুল বৰাৰ

সৰস্বতী পূজাৰ মাজতেই ৰাজ্যত প্ৰৱল শিলাবৃষ্টি ৷ শনিবাৰে বিয়লিৰ ভাগত অহা শিলাবৃষ্টিৰ ফলত ৰাজ্যত একপ্ৰকাৰৰ হাহাকাৰমুখী অৱস্থাৰ সৃষ্টি হয় ৷ এই মূষালধাৰ বৰষুণ আৰু শিলাবৃষ্টিৰ ফলত বহু লোকৰ আৱাসগৃহ নষ্ট হোৱাৰ লগতে বহু শস্য নষ্ট হোৱাত হাহাকাৰ কৰিবলগীয়া হৈছে কৃষকসকলে ৷ এই কৃষকক সকাহ দিয়াৰ উদ্দেশ্যে বোকাখাতত উপস্থিত হৈ ক্ষতিগ্ৰস্ত পৰিয়ালক সাহায্য প্ৰদানৰ আশ্বাস প্ৰদান কৰে মন্ত্ৰী অতুল বৰাই (Minister Atul Bara at Bokakhat) ৷

নিৰ্বাচনী আয়োগৰ নিৰ্দেশনা অনুসৰি অনুষ্ঠিত হ’ব মাজুলীৰ উপ নিৰ্বাচন

অহা ৭ মাৰ্চত মাজুলীত অনুষ্ঠিত হ'ব উপ নিৰ্বাচন(Majuli By Election 22 ) ৷ মাজুলী বিধানসভা সমষ্টিৰ উপ নিৰ্বাচন সন্দৰ্ভত দেওবাৰে এক সংবাদমেল আয়োজন কৰে মাজুলী জিলা প্ৰশাসনে ৷ মাজুলী জিলা উপায়ুক্ত পুলক মহন্তই(Majuli DC Pulak Mahanta) সংবাদমেলত নিৰ্বাচনী আয়োগে বান্ধি দিয়া নীতি নিৰ্দেশনা সম্পৰ্কে জনোৱাৰ লগতে শুদ্ধ আৰু সুচাৰুৰূপে যাতে এই নিৰ্বাচন পাৰ হয় তাৰবাবে সকলোকে আহ্বান জনায় ৷

GMCH প্ৰেক্ষাগৃহত পৰিবহণ বিভাগৰ অনুজ্ঞাপত্ৰৰ প্ৰশিক্ষণ শিবিৰ

গুৱাহাটী GMCH প্ৰেক্ষাগৃহত দেওবাৰে পৰিবহণ বিভাগৰ উদ্যোগত বাহনৰ অনুজ্ঞাপত্ৰ বিতৰণৰ এক প্ৰশিক্ষণ শিবিৰৰ (Vehicle License Training Camp at Guwahati) আয়োজন কৰা হয় । এই শিবিৰত ইতিমধ্যে প্ৰাৰম্ভিক অনুজ্ঞাপত্ৰ পোৱাসকলক চূড়ান্ত অনুজ্ঞাপত্ৰ প্ৰদান কৰা হয় (Training Camp at Guwahati GMCH Auditorium) ।

RIP Lata Mangeshkar: ভাৰতৰ নাইটিংগেললৈ শ্ৰদ্ধাঞ্জলি অজস্ৰজনৰ

'কুইন অৱ মেলোডী' লতা মংগেশকাৰৰ মৃত্যুত (Legendary singer Lata Mangeshkar passes away) সমগ্ৰ দেশতে শোকৰ ছাঁ । ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীকে ধৰি নেতা, অভিনেতা, গীতিকাৰ, খেলুৱৈ তথা সকলো ক্ষেত্ৰৰ লোকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে । বলীউড জগতৰ তাৰকাই আৱেগপূৰ্ণ পোষ্ট শ্বেয়াৰ কৰিলে সামাজিক মাধ্যমত ।

Illegal trafficking of wildlife in Assam: গুৱাহাটীৰ কামাখ্যা ৰেল ষ্টেচনত উদ্ধাৰ বিৰল প্ৰজাতিৰ ২৩৫ টা কাছ

অসমত বন্যপ্ৰাণীৰ অবৈধ সৰবৰাহ অব্যাহত আছে । ইয়াৰ মাজতে গুৱাহাটীৰ কামাখ্যা ৰেল' ষ্টেচনত উদ্ধাৰ ২৩৫ টাকৈ বিৰল প্ৰজাতিৰ কাছ (235 turtles recovered in Kamakhaya Railway Station)। আৰপিএফৰ নিয়মীয়া তালাচীত যাত্ৰীবাহী ৰেলৰ পৰা উদ্ধাৰ কাছকেইটা ।

১৫ ফেব্ৰুৱাৰীৰ পিছত ৰাজ্যত নাথাকিব ক’ভিড নিষেধাজ্ঞা : মুখ্যমন্ত্ৰী

অহা ১৫ ফেব্ৰুৱাৰীৰ পিছত ৰাজ্যত নাথাকিব ক’ভিড নিষেধাজ্ঞা । আজি নলবাৰীত সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰি কৰে ৷ লগতে তেওঁ কয়, যদি ১৫ ফেব্ৰুৱাৰীৰ ভিতৰত ৰাজ্যত কভিড পৰিস্থিতি উন্নতি হয় তেন্তে সকলো বাধা নিষেধ উঠাই দিয়া হব (No covid prohibition in Assam post 15th february) ।

ব্ৰহ্মপুত্ৰত জাঁপ দি আত্মহত্যাৰ কৰাৰ চেষ্টা চলালে মাতৃসহ কন্যাই

যোৰহাটৰ নিমাতি ঘাটত সংঘটিত হৈছে এক অঘটন ৷ মাতৃসহ কন্যাই আত্মহত্যা কৰিবলৈ জাঁপ দিলে ব্ৰহ্মপুত্ৰত (Women attempted suicide with daughter at Nimatighat) ৷

মাজুলীৰ উপ-নিৰ্বাচন : ১০ ফেব্ৰুৱাৰীৰ পিছত চূড়ান্ত হব বিজেপিৰ প্ৰাৰ্থী

মাজুলীৰ উপ-নিৰ্বাচনৰ (By elction in Majuli) বাবে বিজেপিয়ে ১০ ফেব্ৰুৱাৰীৰ পিছতহে প্ৰাৰ্থী চূড়ান্ত কৰিব । দেওবাৰে এই কথা প্ৰকাশ কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাই (State BJP president on by elction in Majuli)।

লতা মংগেশকাৰ: ভাৰতৰ নাইটিংগেল

অৱসান ঘটিলে ভাৰতৰ চলচিত্ৰ জগতৰ এটা সোণালী যুগৰ ৷ বহু কালজয়ী গীতেৰে জীৱন্ত কিংবদন্তিত পৰিণত হোৱা তথা সংগীত জগতৰ ভোটাতৰাস্বৰূপ লতা মংগেশকাৰে(Lata Mangeshkar paased away) দেওবাৰে পুৱা ইহলীলা সম্বৰণ কৰে ৷

কা' আন্দোলনৰ নামত ধ্বংসলীলা চলোৱা সকলক কি ক’লে পোনাকণ বৰুৱাই ?

CAA আন্দোলনত চাবুৱাত ধ্বংসকাৰ্য কৰা আন্দোলনকাৰীৰ বিৰুদ্ধে হঠাৎ সোচ্ছাৰ হৈ পৰিল বিধায়ক পোনাকণ বৰুৱা (MLA Punakon Baruah criticized vandalism in CAA protest) ৷ "CAA আন্দোলনৰ নামত চাবুৱাত যি ধ্বংসলীলা ( vandalism in CAA protest) হ'ল সেয়া সমৰ্থনযোগ্য নহয় আমি ধ্বংসৰ বাবে আন্দোলন নকৰো । কিন্তু চাবুৱাত এচাম লোকৰ মাজত ধ্বংসাত্মক মানসিকতা গঢ়ি উঠিছে ।" বহুদিনৰ পাছত পুনৰ এইদৰে CAA আন্দোলনকাৰীৰ বিৰুদ্ধে সোচ্ছাৰ হৈ পৰিল চাবুৱাৰ বিধায়ক পোনাকণ বৰুৱা ।

ABOUT THE AUTHOR

...view details