অসম-মেঘালয় সীমান্তৰ বিবদমান এলেকা পৰিদৰ্শন কৰি চৰকাৰক প্ৰতিবেদন দিব আছুৱে
অসম মেঘালয়ৰ ছটা বিবদমান (Disputed areas in Assam Meghalaya border) এলেকা সন্দৰ্ভত দিল্লীয়ে মীমাংসাৰ মোহৰ মৰালৈ অপেক্ষা কৰিছে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্রীয়ে ৷ এই পদক্ষেপৰ সময়তে আছুকে ধৰি পাঁচটা জাতীয় আৰু জনজাতীয় সংগঠনৰ নেতৃত্বই বিবাদমান এলেকা পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লৈ চৰকাৰলৈ প্ৰেৰণ কৰিব প্ৰতিবেদন (AASU to visit Assam Meghalaya's disputed border areas) । সবিশেষ জানো আহক ৷
মন্ত্ৰী যোগেন মহনলৈ 2022 বৰ্ষৰ বীৰ পাংৰাও বঁটা
আমগুৰিত 27 জানুৱাৰীৰ পৰা কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত হ'ব মে-ডাম-মে-ফী ৷ এই অনুষ্ঠানতেই টাই আহোম যুৱ পৰিষদৰ উদ্যোগত মন্ত্ৰী যোগেন মোহনলৈ আগবঢ়োৱা হ'ব বীৰ পাংৰাও বঁটা (Minister Jogen Mohan nomitated for Bir Pangrao Award) ৷ শুকুৰবাৰে অনুষ্ঠানটোৰ লাইখুঁটা স্থাপন কৰা হয় ৷
APSC ৰ ভাষা বিষয়ক প্ৰশ্নকাকত প্ৰত্যাহাৰৰ বিষয়ত উচ্চ ন্যায়ালয়ত শুনানি
গুৱাহাটী ন্যায়ালয়ত শুকুৰবাৰে অসম লোকসেৱা আয়োগৰ ভাষা বিষয়ক প্ৰশ্নকাকত প্ৰত্যাহাৰ সন্দৰ্ভত এক শুনানি গ্ৰহণ কৰা হয় (HC Hearing on excluding language paper in APSC) ৷ অধিবক্তা সিদ্ধাৰ্থ শৰ্মাই অসম লোকসেৱা আয়োগৰ ভাষা বিষয়ক প্ৰশ্নকাকত প্ৰত্যাহাৰ কৰাৰ সম্পৰ্কত গুৱাহাটী উচ্চ ন্যায়ালয়ত তৰিছিল ৰাজহুৱা স্বাৰ্থজনিত গোচৰ ৷
পিতৃ-মাতৃ হ’ল প্ৰিয়ংকা চোপ্ৰা-নিক জ’নাছ
মাতৃ-পিতৃ হ’ল বলীউডৰ অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা আৰু নিক জ’নাছ ৷ দম্পতীটোৱে নিজৰ নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত ছাৰ’গেছীৰ জৰিয়তে এই সুখ অৰ্জন কৰা বুলি (Priyanka-Nick Jonas welcome a baby via surrogacy) অনুৰাগীসকলৰ মাজত শ্বেয়াৰ কৰে ৷ প্ৰিয়ংকা-নিকে পৰিয়ালৰ নৱাগত সদস্যগৰাকীৰ বাবে ৰাইজৰ পৰা আশীৰ্বাদ বিচৰাও দেখা গৈছিল ৷ অনুৰাগীসকলে ছ’চিয়েল মিডিয়াৰ জৰিয়তেই তেওঁলোকক শুভকামনা জনাইছিল ৷
২৪ বছৰে কিয় অসম্পূৰ্ণ ইষ্ট-ৱেষ্ট কৰিড'ৰ: জবাব লাগে PMO ক
১৯৯৮ চনতে গুজৰাটৰ সৌৰাষ্ট্ৰৰ পৰা অসমৰ শিলচৰলৈ আৰম্ভ কৰা হৈছিল ইষ্ট-ৱেষ্ট কৰিড'ৰৰ কাম (East–West Corridor Project) ৷ কিন্তু দুটা দশক উকলি যোৱাৰ পিছতো আজিকোপতি সম্পূৰ্ণ হৈ নুঠিল এই পথচোৱা ৷ যাৰ বাবে এতিয়া ক্ষুন্ন হৈ পৰিছে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় (Why did the East-West corridor remain incomplete ?) ৷