অসম

assam

ETV Bharat / city

11 বজাৰ দহটা শীৰ্ষ বাতৰি

11 বজাৰ দহটা শীৰ্ষ বাতৰি

11 বজাৰ দহটা শীৰ্ষ বাতৰি
11 বজাৰ দহটা শীৰ্ষ বাতৰি

By

Published : May 12, 2021, 11:00 AM IST

জীৱন নাটৰ যৱনিকা পৰিল প্ৰসিদ্ধ সাহিত্যিক হোমেন বৰগোহাঞিৰ

প্ৰসিদ্ধ সাহিত্যিক হোমেন বৰগোহাঞিৰ দেহাৱসান ৷ দিছপুৰস্থিত জি এন আৰ চি হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট সাহিত্যিক গৰাকীয়ে ৷ অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি আছিল হোমেন বৰগোহাঞি ৷

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত কোনে কি দপ্তৰ পালে...

ঘোষণা কৰা হ’ল মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ দপ্তৰ লাভ কৰা মন্ত্ৰীৰ চূড়ান্ত তালিকা ৷ মুখ্যমন্ত্ৰী শৰ্মাৰ হাতত থাকিব গৃহ, কৰ্মচাৰী বিভাগ, লোক নিৰ্মাণ বিভাগ আৰু বিতৰণ নকৰা অন্যান্য বিভাগসমূহ ।

শপত গ্ৰহণৰ বাবে অনুমতি লাভ অখিল গগৈৰ

কাৰাগাৰৰ পৰা বিধানসভালৈ আহিব পাৰিব অখিল গগৈ । NIA ৰ আদালতে মঙলবাৰে কাৰাৰুদ্ধ নৱ নিৰ্বাচিত বিধায়ক অখিল গগৈক শপত গ্ৰহণৰ অনুমতি প্ৰদান কৰে ।

মুখ্যমন্ত্ৰীৰ হৈ মহা মৃত্যুঞ্জয় মন্দিৰত পূজা-অৰ্চনা

নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ হৈ নগাঁৱৰ মহা মৃত্যুঞ্জয় মন্দিৰত পূজা-অৰ্চনা ৷ কৃষ্ণা চতুৰ্দশী তিথিত মন্দিৰটোত অনুষ্ঠিত শিৱ পূজা উৎসৰ্গিত হ’ল মুখ্যমন্ত্ৰী গৰাকীৰ নামত ৷

তেলেংগানাত 10 দিনৰ বাবে সম্পূৰ্ণ লক ডাউন ঘোষণা

তেলেংগানাত কাইলৈ অৰ্থাৎ বুধবাৰৰ পৰা পৰৱৰ্তী 22 মে’লৈ 10 দিনীয়া লক ডাউন ঘোষণা ৷ লক ডাউনৰ এই সময়ছোৱাত সকলো জৰুৰী সেৱা আৰু অত্যাৱশ্যকীয় সেৱাৰে জড়িত বাহন অথবা লোকৰ অহা-যোৱাৰ ক্ষেত্ৰত ৰেহাই দিয়া হৈছে ৷

চুমিলা হত্যাকাণ্ডৰ ৰাজহুৱা শুনানি সম্পন্ন

ৰহা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত সম্পন্ন হ'ল চুমিলা হত্যাকাণ্ডৰ ৰাজহুৱা শুনানি ৷ শুনানি গ্ৰহণ কৰে মধ্য অসমৰ আয়ুক্ত মলয় বৰাক লৈ গঠন কৰা এজনীয়া তদন্ত আয়োগে ৷

মিজোৰামত নতুনকৈ 1771 গৰাকী লোকৰ দেহত ক’ভিড-19ৰ অৱস্থিতি

মিজোৰামত 11 মে'ত নতুনকৈ 1771গৰাকী লোকৰ দেহত ক’ভিড-19ৰ অৱস্থিতি ধৰা পৰিছে ৷ সম্প্ৰতি ৰাজ্যখনত 7795 গৰাকী ক’ভিড-19ত আক্ৰান্ত ৰোগী থকাৰ বিপৰীতে 6002 গৰাকী লোক সুস্থ হৈছে ৷

এনএচচিএন(আইএম)ৰ দুধৰ্ষ কেডাৰ আনং চিংফৌক আটক

এনএছচিএন(আইএম)ৰ দুৰ্ধৰ্ষ কেডাৰ আনং চিংফৌ ওৰফে নংপিয়নক আটক ৷ 19 নং আছাম ৰাইফলছ আৰু নামপুং আৰক্ষীৰ এটা দলে আটক কৰে কেডাৰজনক ৷ অস্ত্ৰশস্ত্ৰসহ কেতবোৰ নথি-পত্ৰ জব্দ ৷

ধ্বংসৰ গৰাহত ঐতিহাসিক বিষ্ণুদ’ল

ধ্বংসৰ দিশে গতি কৰিছে ঐতিহাসিক নামতিদ’লত অৱস্থিত বিষ্ণুদ’ল ৷ চপৰা-চপৰে খহিছে বিষ্ণুদ’লৰ চটীয়া ইটা ৷ এতিয়াও দৃষ্টিগোচৰ হোৱা নাই সংশ্লিষ্ট বিভাগৰ

মুখ্যমন্ত্রীলৈ পত্র লিখি কি ক’লে বিধায়ক অখিল গগৈয়ে ?

ক'ভিডকালত জনসাধাৰণে সন্মুখীন হোৱা বিভিন্ন আৰ্থিক আৰু স্বাস্থ্যখণ্ডৰ সমস্যাৰ পৰা পৰিত্ৰাণৰ বাবে নৱনিযুক্ত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ কেতবোৰ পৰামৰ্শ সম্বলিত এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে বিধায়ক অখিল গগৈয়ে । স্মাৰকপত্ৰ খনত ৰাইজৰ দলৰ সভাপতি তথা নৱ নিৰ্বাচিত বিধায়কজনে আশা প্ৰকাশ কৰি কয় যে, অসমে নিশ্চয় এই ভয়ংকৰ সংকটক উমৈহতীয়াভাৱে মোকাবিলা কৰিব পাৰিব আৰু অৰ্থনীতিৰ পুনৰুদ্ধাৰ কৰিব পাৰিব । তেওঁ ক'ভিড ভেকচিন দিয়াৰ ক্ষেত্ৰত সকলো ৰাজ্যতকৈ অসমক শ্ৰেষ্ঠ ৰাজ্যত পৰিণত কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি আহ্বান জনায় ।

ABOUT THE AUTHOR

...view details