কৃষক বিদ্ৰোহ : আজি চিল্লা সীমান্তত পথ অৱৰোধ কৃষকৰ
আজি চিল্লা সীমান্তত পথ অৱৰোধ কৰিব প্ৰতিবাদী কৃষকে ৷ আজি 21 দিনত ভৰি দিলে কৃষকৰ প্ৰতিবাদে ৷
ধেমাজিত ব্ৰয়লাৰ ভৰ্তি বাহনে মহতিয়াই নিলে টিয়াগো বাহনক
ধেমাজি নগৰৰ সমীপৱৰ্তী ৰঙাজান দলঙত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ ব্ৰয়লাৰ ভৰ্তি বাহনে মহতিয়াই নিলে টিয়াগো বাহনক ৷ ঘটনাৰ ফলত কথমপি প্ৰাণৰক্ষা টিয়াগোৰ চালকৰ ৷
পুনৰ জনাঞ্চললৈ উভতি আহিছে বন্যহস্তীৰ বৃহৎ জাক
নগাঁৱৰ চামগুৰিলৈ পুনৰ অঞ্চলটোত উভতি আহিছে বন্যহস্তীৰ এটা বৃহৎ জাক । বিগত কিছুদিনৰ পৰা দিনে-নিশাই চামগুৰিৰ বাঘবৰালি, ৰঙাগড়া, ৰঙামাটি, বুঢ়া-বুঢ়ী, চৰণবস্তী, গেন্ধালি, উদমাৰী, কেঁকোৰাচুক আদি বিভিন্ন অঞ্চলত বন্যহস্তীৰ এটা 150 জনীয়া বৃহৎ জাকে চলাই আহিছে উপদ্ৰৱ ।
ৰাজ্যত আৰম্ভ হ'ল নতুন এখন টোল প্লাজা
1 জানুৱাৰীৰ পৰিৱৰ্তে আজিয়ে মুকলি হ'ল ডিমা হাছাওৰ মানদাৰডিছাৰ টোল প্লাজাখন ৷ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ নিৰ্দেশত আৰম্ভ হয় টোল প্লাজাখন ৷
তেজপুৰত যান্ত্ৰিক বিজুতি ঘটি দুৰ্ঘটনাত পতিত হ'ল এখন ৰে'ল
তেজপুৰৰ ডেকাৰগাঁৱত যান্ত্ৰিক বিজুতি ঘটি ৰে'ল লাইনৰ পৰা পথলৈ নামি আহিল এখন ৰে'ল । এখন দোকান মহতিয়াই নিয়ে ৰে'লখনে । ৰে'লখনে নিয়ন্ত্ৰণ হেৰুৱাই লাইন বিচ্ছিন্ন হোৱা অঞ্চললৈ আগুৱাই যায় আৰু এখন গৰু গাড়ীত খুন্দা মাৰে আৰু ১৫নং ৰাষ্ট্ৰীয় ঘাইপথলৈ নামি যায় ।