অসম

assam

ETV Bharat / city

পুৱা 11 বজাৰ শীৰ্ষ দহটা বাতৰি - TOP 10 AT 11 AM

পুৱা 11 বজাৰ শীৰ্ষ দহটা বাতৰি

TOP 10 AT 11 AM
পুৱা 11 বজাৰ শীৰ্ষ দহটা বাতৰি

By

Published : Dec 2, 2020, 11:08 AM IST

কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰতাই দ্বিতীয় কলি যুগৰ সৃষ্টি কৰিব : অতুল বৰা

বিশ্বনাথ চাৰিআলিত মঙলবাৰে কংগ্ৰেছ আৰু এআইইউডিএফৰ মিত্ৰতাক সমালোচনা অসম গণ পৰিষদৰ সভাপতি তথা ৰাজ্য়িক কৃষি মন্ত্ৰী অতুল বৰা ৷ কংগ্ৰেছ আৰু এআইইউডিএফৰ মিত্ৰতাই দ্বিতীয় কলি যুগৰ সৃষ্টি কৰিব বুলি মন্তব্য় কৰে মন্ত্ৰী বৰাই ৷

70 শতাংশ নিৰ্মাণকাৰ্য সম্পূৰ্ণ পাণ্ডু-কামাখ্যা নৱনিৰ্মিত পথৰ

পাণ্ডু-কামাখ্যা সংযোগী নতুন পথৰ কাম-কাজ ৭০ শতাংশ সম্পূৰ্ণ হৈ উঠিছে ৷ এই নতুন পথটোৰ মুঠ দৈৰ্ঘ হৈছে 4.3 কি: মি: ৷

টছত জয়ী হৈ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বেটিঙৰ সিদ্ধান্ত ভাৰতৰ

আজি ভাৰত বনাম অষ্ট্ৰেলিয়াৰ তৃতীয় এদিনীয়া ৷ ভাৰতে পূৰ্বেই 2-0 ত শৃংখলা হেৰুৱাইছে ৷ তৃতীয় তথা অন্তিম মেচত টছত জয়ী হৈ বেটিঙৰ সিদ্ধান্ত ভাৰতীয় দলৰ ৷

ক্ষুদ্ৰ চাহ খেতিয়কৰ সমস্যা সমাধানৰ বাবে ডিব্ৰুগড় প্ৰশাসনৰ বৈঠক

ডিব্ৰুগড়ত ক্ষুদ্ৰ চাহ খেতিয়কৰ সমস্যা সমাধানৰ বাবে জিলা প্ৰশাসনৰ গুৰুত্বপূৰ্ণ বৈঠক ৷ ক্ষুদ্ৰ চাহ খেতিয়কসকলক মাটিৰ পট্টাৰ বাবে আবেদন জনাবলৈ জিলা উপায়ুক্তৰ আহ্বান ৷

হিমন্ত বিশ্ব শৰ্মা ব্যক্তিগত ইস্তাহাৰ : হাগ্ৰামা মহিলাৰী

মঙলবাৰে 13 নং চিৰাং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত জাউলিয়াবাৰী পথাৰত অনুষ্ঠিত হোৱা বিপিএফ দলৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি বিজেপিক ক্ষুৰধাৰ সমালোচনা প্ৰাক্তন বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ ৷ হিমন্ত বিশ্ব শৰ্মা আৰু বিশ্বজিত দৈমাৰীক খেদা খোৱা নেতা আখ্য়া হাগ্ৰামাৰ ৷

প্ৰথমটো গেছ ইনচুলেটেড উপকেন্দ্ৰ উদ্বোধন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

মঙলবাৰে ডিব্ৰুগড় উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ উজনি অসমৰ প্ৰথমটো অত্যাধুনিক গেছ ইনচুলেটেড উপকেন্দ্ৰৰ উদ্বোধন কৰাৰ উদ্দেশ্যে উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷

ছাগলীয়াত চিলনী চোৰৰ সন্ত্ৰাস, লুটি নিলে ডেৰ লাখ টকা

গোলকগঞ্জৰ ছাগলীয়াত চিলনী চোৰৰ সন্ত্ৰাস ৷ লুটি নিলে ডেৰ লাখ টকা ।

তিনিচুকীয়াৰ ভোটাৰৰ সুবিধাৰ্থে তিনিদিনীয়া প্ৰশিক্ষণৰ ব্যৱস্থা নিৰ্বাচনী বিষয়াৰ

মঙলবাৰে তিনিচুকীয়াৰ ভোটাৰসকলৰ সুবিধাৰ্থে তিনিদিনীয়া বিশেষ প্ৰশিক্ষণৰ ব্যৱস্থা গ্ৰহণ জিলা নিৰ্বাচনী বিষয়াৰ ৷ যিসকলৰ ভোটাৰ কাৰ্ডত ফটো নাই তেওঁলোকক শীঘ্ৰেই BLOৰ হাতত ফটো জমা দিবলৈ আহ্বান ৷

দিল্লীৰ কৃষকৰ আন্দোলনলৈ সমৰ্থন CITU আৰু AIKS

দিল্লীৰ কৃষক আন্দোলনলৈ সমৰ্থন জনাই ওলাই আহিছে CITU আৰু AIKS ৰ কৰ্মীসকল । মঙলবাৰে কেন্দ্ৰীয় চৰকাৰৰ জনবিৰোধী নীতিসমূহৰ বিৰুদ্ধে ৰঙিয়াতো তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰী সকলে ।

বিনামূলীয়া প্ৰশিক্ষণ গ্ৰহণ কৰি বিশ্বনাথৰ পৰা চেন্নাইলৈ 16 গৰাকী ছাত্ৰী

ভাৰত চৰকাৰৰ গ্ৰামীণ বিকাশ মন্ত্ৰণালয়ৰ অধীনস্থ আৰু অসম চৰকাৰৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ তত্ত্বাৱধানত পৰিচালিত দীনদয়াল উপাধ্যায় গ্ৰামীণ কৌশল যোজনাৰ বিশ্বনাথত অৱস্থিত প্ৰশিক্ষণ কেন্দ্ৰ ইণ্ডোভিজন স্কিল ডেভ‌লপমেন্ট চেণ্টাৰৰ 16 গৰাকী ছাত্ৰী আজি প্ৰশিক্ষণৰ অন্তত কৰ্ম সংস্থাপনৰ উদ্দেশ্যে চেন্নাইলৈ যাত্ৰা কৰে ৷

ABOUT THE AUTHOR

...view details